নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উলুবাৰীত কর্তব্যৰত সুৰামত্ত আৰক্ষীৰ গুণ্ডাগিৰি; আহত দুই যান–বাহন আৰক্ষী

নিয়মীয়া বাৰ্তা, ৬ আগষ্টঃ আৰক্ষীৰ বিশ্বাসযোগ্যতা জনসাধাৰণৰ মাজত ঘূৰাই অনাৰ পদক্ষেপ চলি থকাৰ সময়তে খোদ মহানগৰীতে দায়িত্বজ্ঞানহীন বিষয়া–কনিষ্টবলে বিভাগটোক কলংকিত কৰিছে৷ জনসাধাৰণৰ মাজত একাংশ আৰক্ষীৰ কুকর্মক লৈ চর্চা চলি থকাৰ সময়তে যোৱানিশা উলুবাৰীত কর্তব্যৰত সুৰামত্ত যান–বাহন আৰক্ষীৰ অভব্য আচৰণক লৈ সর্বত্র প্রতিক্রিয়াৰ সৃষ্টি হৈছে৷

প্রত্যক্ষদর্শী আৰু স্থানীয় ৰাইজে জানিবলৈ দিয়া মতে, আন দিনাৰ দৰে কালি নিশাও উলুবাৰী উৰণীয়া সেতুৰ তলত যান–বাহন আৰক্ষীৰ বিষয়া–কনিষ্টবলে দায়িত্ব পালন কৰি আছিল৷ নিশা প্রায় ১০ বজাত কর্তব্যৰত যান–বাহন আৰক্ষীৰ একাংশ কনিষ্টবলে সুৰাপান কৰি চিঞৰ–বাখৰ কৰে৷ ইয়াৰ পিছতে যান–বাহন আৰক্ষীৰ কেইজনমান কনিষ্টবলৰ মাজত কাজিয়াৰ সূত্রপাত হয়৷

কর্তব্যৰ মাজতে সুৰাপান কৰি যান–বাহন আৰক্ষীৰ কনিষ্টবলকেইজন কাজিয়াত লিপ্ত হৈ অশ্লীল গালি–গালাজৰ লগতে চিঞৰ–বাখৰ কৰে৷ কর্তব্যৰত আন দুজনমান কনিষ্টবলৰ হস্তক্ষেপত কাজিয়া বন্ধ হয়৷ কিন্তু তেনে সময়তে দুগৰাকী যান–বাহন শাখাৰ কনিষ্টবলে এখন স্কুটী লৈ তীব্র বেগেৰে ঘটনাস্থলীৰ পৰা আঁতৰি যোৱাৰ চেষ্টা চলায়৷ সুৰামত্ত যান–বাহন আৰক্ষীৰ কনিষ্টবলজনে নিয়ন্ত্রণ হেৰুওৱাত স্কুটীখন দুর্ঘটনাগ্রস্ত হয়৷ এই দুর্ঘটনাটোত দুগৰাকী যান–বাহন আৰক্ষীৰ কনিষ্টবল আহত হয়৷

প্রত্যক্ষদর্শীয়ে জানিবলৈ দিয়া মতে, দুর্ঘটনাত পতিত এ এছ–০১ ই এইচ–২৩৯৮ নম্বৰৰ স্কুটীখন উৰণীয়া সেতুৰ তলত এৰি কনিষ্টবলকেইজন আঁতৰি যায়৷ অৱশ্যে গুৰুতৰভাৱে আহত কনিষ্টবলজনক সতীর্থই চিকিৎসালয়লৈ নিয়ে৷ ৰাজপথত সুৰাপান কৰি কাজিয়া কৰাটো এটা সাধাৰণ ঘটনা৷ কিন্তু সান্ধ্য আইনৰ মাজত উলুবাৰী উৰণীয়া সেতুৰ তলত দায়িত্ব পালন কৰি সুৰামত্ত হৈ যান–বাহন আৰক্ষীৰ কনিষ্টবলে অভব্য আচৰণ কৰা বিষয়টো অত্যন্ত গুৰুত্বপূর্ণ৷

তদুপৰি উক্ত স্থানত সেই সময়ত কেইবাগৰাকীও উচ্চপদস্থ আৰক্ষী বিষয়াও উপস্থিত আছিল৷ উচ্চপদস্থ আৰক্ষী বিষয়াৰ উপস্থিতিত সুৰামত্ত যান–বাহন আৰক্ষীৰ কনিষ্টবলে অভব্য আচৰণ কৰাৰ পিছতো বিষয়টোত কোনো গুৰুত্ব নিদিলে৷ ভৱিষ্যতে উচ্চপদস্থ আৰক্ষী বিষয়াৰ অনুশাসনহীনতাৰ চৰম পৰিণতি ভুগিব লাগিব বুলি সচেতন লোকসকলে মন্তব্য কৰিছে৷

আনহাতে কালিৰ এই ঘটনা সংঘটিত হোৱাৰ পিছতে প্রায়ে উলুবাৰী উৰণীয়া সেতুৰ তলত কর্তব্যৰত যান–বাহন আৰক্ষীয়ে সুৰাপান কৰি অভব্য আচৰণ কৰা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে৷ যোৱানিশা কর্তব্যৰত যান–বাহন আৰক্ষীৰ কনিষ্টবলে সুৰাপান কৰি উলুবাৰীত অভব্য আচৰণ কৰা ঘটনাটোৰ তদন্ত কৰিবনে নৱনিযুক্ত মহানগৰ আৰক্ষী আয়ুক্তই৷

You might also like