বৰাগাঁৱৰ ডাম্পিং গ্রাউণ্ড স্থানান্তৰত অনিশ্চয়তা
নিয়মীয়া বাৰ্তা ৫ জানুৱাৰীঃ কাৰিকৰী আসোঁৱাহ আৰু ক’ৰোনা মহামাৰীৰ বাবেই গুৱাহাটী মহানগৰীত উন্নয়নমূলক তথা আন্তঃগাঁথনি কাম–কাজ এতিয়াও অসম্পূর্ণ হৈ আছে৷ ক’ৰোনাসৃষ্ট পৰিৱেশৰ বাবেই মহানগৰীৰ বাট–পথ, নলা–নর্দমা আৰু আন্তঃগাঁথনিৰ ২০১৮–১৯ আৰু ২০১৯–২০ বর্ষৰ বহু কাম–কাজ আধৰুৱা হৈ আছে৷ বিশেষকৈ পশ্চিম গুৱাহাটী সমষ্টিৰ বাবে গ্রহণ কৰা বহু আঁচনি এতিয়াও ৰূপায়ণ কৰিব পৰা হোৱা নাই৷
অসম বিধানসভাৰ শীতকালীন অধিৱেশনত বিধায়ক ৰমেন্দ্র নাৰায়ণ কলিতাৰ প্রশ্ণোত্তৰত গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্রী সিদ্ধার্থ ভট্টাচার্যই দাখিল কৰা তথ্যত এই কথা পোহৰলৈ আহিছে৷ মন্ত্রীগৰাকীয়ে বিধানসভাৰ মজিয়াত দাখিল কৰা তথ্য অনুসৰি ২০১৮–১৯ বিত্তীয় বর্ষত সমষ্টিটোত পথ–নলা আৰু আন্তঃগাঁথনি উন্নয়নৰ বাবে ৯টা আঁচনি গ্রহণ কৰা হৈছে৷ ইয়াৰে দুখন আঁচনিৰ কাম সম্পূর্ণ হৈছে আৰু এখন আঁচনি অম্রুটলৈ হস্তান্তৰ কৰাৰ বিপৰীতে ৬খন আঁচনিৰ কাম এতিয়াও আধৰুৱা হৈ আছে৷ একেদৰে ২০১৯–২০ বর্ষত গ্রহণ কৰা ২১খন আঁচনিৰ নিবিদা আহ্বান কৰা হৈছে৷ অৱশ্যে একে সময়ছোৱাত গুৱাহাটী পৌৰ নিগমে সমষ্টিটোৰ বাবে গ্রহণ কৰা আন্তঃগাঁথনি উন্নয়নৰ অধিকাংশ কাম প্রায় সম্পূর্ণ হৈছে৷
ইপিনে, উক্ত দুটা বিত্তীয় বর্ষত সমষ্টিটোৰ লোক নির্মাণ বিভাগ আৰু জি এম ডি এ কর্তৃপক্ষই গ্রহণ কৰা পথ–নলা আৰু আন্তঃগাঁথনি উন্নয়নৰ আঁচনিৰ ধন আবণ্টন দিয়া হোৱা নাই৷ অৱশ্যে ২০১৭–১৮ বর্ষত লোকনির্মাণ বিভাগে গ্রহণ কৰা ১৪খন আঁচনিৰ ভিতৰত ১৩খন আঁচনিৰ কাম সম্পূর্ণ কৰা হৈছে৷ ২০১৯–২০ বিত্তীয় বর্ষত আন্তঃগাঁথনিৰ কাম লকডাউন আৰু কাৰিকৰী আসোঁৱাহৰ বাবেই লেহেমীয়া হোৱা বুলি মন্ত্রীগৰাকীয়ে সদনত দাখিল কৰা তথ্যত উল্লেখ কৰি পৰৱর্তী সময়ত ক্ষিপ্রতাৰে এই কামৰ এছ অ’ পি ডি প্রস্তুত কৰা হ’ব বুলি সদৰী কৰে৷
আনহাতে, পশ্চিম বৰাগাঁৱত থকা ডাম্পিং গ্রাউণ্ড স্থানান্তৰ সন্দর্ভত বিধায়ক কলিতাই কৰা প্রশ্ণোত্তৰত মন্ত্রীগৰাকীয়ে কয় যে যিহেতু গুৱাহাটী পৌৰ নিগমৰ নিজাববীয়া ভূমি নাই, সেয়েহে ডাম্পিং গ্রাউণ্ড বৰাগাঁৱৰ পৰা স্থানান্তৰ কৰিব পৰা হোৱা নাই৷ ন্যায়ালয়ৰ নির্দেশৰ পিছত ডাম্পিং গ্রাউণ্ডটো বৰাগাঁৱৰ পৰা স্থানান্তৰ কৰিবলৈ জিলা প্রশাসনক ভূমি আবণ্টন দিয়াৰ বাবে অনুৰোধ জনোৱা হয়৷ কিন্তু জিলা প্রশাসনে উপযুক্ত ভূমি আবণ্টন দিব নোৱৰাৰ বাবেই ডাম্পিং গ্রাউণ্ড স্থানান্তৰ কৰিব পৰা হোৱা নাই৷ অৱশ্যে জিলা প্রশাসনে ভূমি আবণ্টন দিয়াৰ পিছতেই ডাম্পিং গ্রাউণ্ডটো স্থানান্তৰ কৰা হ’ব বুলি মন্ত্রী ভট্টাচার্যই সদৰী কৰে৷