নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

UNLOCK গুৱাহাটী, কি খোলা, কি বন্ধ, থোৰতে জানি লওঁক সবিশেষ

নিয়মীয়া বাৰ্তা, ১৮ জুলাইঃ গুৱাহাটী মহানগৰীত ভয়ানকভাৱে বৃদ্ধি পোৱা ক’ৰোনা সংক্ৰমণ ৰোধ কৰাৰ বাবে লক ৩ সপ্তাহজোৰা লক ডাউন। সোমবাৰৰ পৰা আৰম্ভ হ’ব আনলক গুৱাহাটী। ১৯ জুলাইৰ পৰা ২ আগষ্টলৈ গুৱাহাটীত UNLOCK প্ৰক্ৰিয়া।

এই সময়ছোৱাত কি কি খোলা থাকিব আৰু কি কি বন্ধ থাকিব?

  • খোলা থাকিব সকলো দোকান
  • খোলা থাকিব শাক–পাচলি, ফল–মূলৰ দোকান
  • এদিনত পথৰ দুয়োকাষৰ এটা ফালৰ দোকানহে খোলা থাকিব
  • চলি থাকিব সকলো নিৰ্মাণ কাৰ্য
  • মালিকসকলে নিৰ্মাণস্থলীতে ৰাখিব পাৰিব শ্ৰমিকসকলক
  • গাখীৰ, শিশু খাদ্য প্ৰতিদিনে উপলব্ধ হ’ব
  • আন্তঃজিলা যাতায়াত সোমবাৰ, মঙলবাৰে খোলা থাকিব
  • বিউটি পাৰ্লাৰ, চেলুন খোলাত অনুমতি
  • ব্যক্তিগত বাহনৰ চলাচল বন্ধ থাকিব
  • বুধবাৰৰ পৰা বন্ধ থাকিব আন্তঃজিলা যাতায়াত
  • নিয়ম অনুসৰি কেব, অটো, ৰিক্সা চলিব পাৰিব
  • ৩০% কৰ্মচাৰীৰে চলিব চৰকাৰী–বেচৰকাৰী কাৰ্যালয়
  • সন্ধিয়া ৬ বজাৰ পৰা পুৱা ৬ বজালৈ নৈশ সান্ধ্য আইন
  • আন্তঃৰাজ্যিক যাতায়াত বন্ধ থাকিব
  • জীম, ছুমিংপুল, শ্বপিং মল বন্ধ থাকিব
  • হোটেল–ৰেস্তোৰাঁসমূহে হোম ডেলিভাৰী কৰিব পাৰিব
  • খোলা থাকিব মাছ–মাংসৰ দোকান
  • উদ্যোগসমূহ খোলাত অনুমতি
  • সোমবাৰৰ পৰা শুকুৰবাৰলৈ ই–কৰ্মাচ সেৱাত অনুমতি
  • সোমবাৰৰ পৰাা শুকুৰবাৰলৈ খোলা থাকিব সুৰাৰ বিপনী
You might also like