নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ভিড বিধি উলংঘাৰে গুৱাহাটীৰ তিনি কণ্টেইনমেণ্ট জ’নত মুকলিকৈ ঘূৰি ফুৰিছে একাংশ

নিয়মীয়া বাৰ্তা, ৭ মেঃ  মহানগৰীত উদ্বেগজনকভাৱে বৃদ্ধি পোৱা ক’ৰোনা আক্রান্তৰ সংখ্যা নিয়ন্ত্রণৰ প্রতি লক্ষ্য ৰাখি কামৰূপ (ম) জিলা প্রশাসনে ইতিমধ্যে তিনিটা ৱার্ডক মাইক্র’ কণ্টেইনমেণ্ট জ’ন ঘোষণা কৰিছে৷ আজি বিয়লি দুই বজাৰ পৰা বলৱৎ হোৱাকৈ জিলা প্রশাসনে মহানগৰীৰ ৮, ১৬ আৰু ২৮নং ৱার্ডৰ কেইবাটাও অঞ্চল কণ্টেইনমেণ্ট জ’ন ঘোষণা কৰি কেতবোৰ নির্দেশনা জাৰি কৰিছে৷ বিশেষকৈ কণ্টেইমেণ্ট জ’নত বিনা অনুমতিত কোনো লোকে প্রৱেশ কৰিব নোৱাৰিব আৰু নির্দিষ্ট অঞ্চলটোত কেৱল অত্যাৱশ্যকীয় সামগ্রী অথবা জৰুৰী সেৱাৰ সৈতে জড়িত লোকসকলক চলাচল কৰাত প্রশাসনে অনুমতি প্রদান কৰিছে৷ অৱশ্যে অত্যাৱশ্যকীয় সামগ্রীৰ বিক্রী অথবা ক্রয়ৰ ক্ষেত্রতো প্রশাসনে নির্দিষ্ট সময়ৰ লগতে কেতবোৰ বিশেষ নীতি নির্ধাৰণ কৰি সকলো ৰাইজৰ সহযোগিতা কামনা কৰিছে৷ কিন্তু কণ্টেইনমেণ্ট জ’ন ঘোষণা কৰাৰ পিছতো মহানগৰীৰ ২৮নং ৱার্ডৰ হাতীগাঁও চাৰিআলিৰ পৰা বশিষ্ঠ সংযোগী অজন্তা পথ আৰু চন্দন নগৰ পথত আজি বিয়লি দুই বজাৰ পিছতো মুকলিভাৱে বহু লোকে চলাচল কৰা পৰিলক্ষিত হয়৷

প্রশাসনে ঘোষণা কৰা কণ্টেইনমেণ্ট জ’নৰ ভিতৰত যদিহে এইদৰে মুকলিভাৱে সর্বসাধাৰণ লোক চলাচল কৰে, তেন্তে মহানগৰীত ক’ৰোনাৰ গণসংক্রমণে ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ পূর্ণ সম্ভাৱনা থকা বুলি একাংশ লোকে আশংকা ব্যক্ত কৰি এইক্ষেত্রত আৰক্ষী–প্রশাসনক বিহিত ব্যৱস্থা গ্রহণৰ দাবী জনাইছে৷ ইপিনে, প্রশাসনে ঘোষণা কৰা ৮নং ৱার্ডৰ কণ্টেইনমেণ্ট জ’নতো একাংশ লোকে আজি বিয়লি দুই বজাৰ পিছত মুকলিভাৱে অহা–যোৱা কৰা পৰিলক্ষিত হয়৷ একেই দৃশ্য ১৬নং ৱার্ডৰ ভাস্কৰ নগৰ, ধীৰেনপাৰা আৰু বর্ষাপাৰাতো আজি বিয়লি দুই বজাৰ পিছত দেখা গৈছে৷ অৱশ্যে সন্ধিয়া ছয় বজাৰ পিছত কণ্টেইনমেণ্ট জ’নত কোনো লোকে বিনা অনুমতিত প্রৱেশ কৰিব পৰা নাই বুলি জানিব পৰা গৈছে৷

You might also like