নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সাতপুখুৰী পানী যোগান প্রকল্পত কোটিটকীয়া কেলেংকাৰি

তদন্ত বিচাৰি পৌৰ আয়ুক্তলৈ স্মাৰক–পত্র মৃগেন শৰণীয়াৰ

নিয়মীয়া বাৰ্তা, ১৪ জুনঃ গুৱাহাটী মহানগৰীত মহানগৰবাসীক বিশুদ্ধ খোৱাপানী যোগান ধৰাত ব্যর্থ হৈছে গুৱাহাটী পৌৰ নিগম৷ গুৱাহাটীবাসীক ২৪ ঘণ্টাই বিশুদ্ধ খোৱাপানী যোগানৰ বাবে কেইবাখনো অভিলাষী আঁচনি গ্রহণ কৰিছে যদিও সেইকেইখন আজিলৈকে সম্পূর্ণ হোৱা নাই৷

শেহতীয়াকৈ পানী যোগানৰ নামত গুৱাহাটী পৌৰ নিগমত কেইবা কোটি টকাৰ দুর্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে৷ গুৱাহাটীৰ সাতপুখুৰী পানী যোগান প্রকল্পৰ সা–সৰঞ্জাম ক্রয়ৰ নামত সংঘটিত হোৱা কোটিটকীয়া কেলেংকাৰিৰ তদন্ত বিচাৰি পৌৰ আয়ুক্তক স্মাৰক–পত্র প্রদান কৰিছে প্রাক্তন মেয়ৰ মৃগেন শৰণীয়াই৷

যোৱা ২ জুনত প্রাক্তন মেয়ৰ মৃগেন শৰণীয়াই সাতপুখুৰী পানী যোগান প্রকল্পৰ পাম্পছেট ক্রয়ৰ নামত সংঘটিত এই দুর্নীতিৰ উচ্চস্তৰীয় তদন্ত বিচাৰি পৌৰ আয়ুক্তক স্মাৰক–পত্র প্রদান কৰে৷

স্মাৰক–পত্রত উল্লেখ কৰা অনুসৰি সাতপুখুৰী পানী যোগান প্রকল্পৰ পাম্পছেট ক্রয়কে ধৰি মেৰামতিৰ বাবে ৯.০৭ কোটি টকা আবণ্টন দিছিল৷ নিবিদাৰ জৰিয়তে মেছার্ছ ইণ্ডাষ্ট্রিয়েলে সাতপুখুৰীৰ পানী যোগান প্রকল্পৰ মেৰামতিৰ কামৰ ঠিকা লাভ কৰিছিল৷ পানী যোগান প্রকল্পৰ বাবে ৪.৫ কোটি টকাৰ পাম্পছেট ক্রয় কৰিছিল মহাৰাষ্ট্রৰ পুনেৰ পৰা৷ গুৱাহাটী পানী যোগান প্রকল্পৰ সহকাৰী অভিযন্তা হেমন্ত কলিতা আৰু আন এগৰাকী অভিযন্তাই পাম্পছেট ক্রয়ৰ বাবে মহাৰাষ্ট্রৰ পুনেলৈ গৈছিল৷ নিম্নমানৰ পাম্পছেট ক্রয় কৰাৰ বাবেই পুনৰ সাতপুখুৰী পানী যোগান প্রকল্পৰ পৰা মহানগৰবাসীক প্রয়োজনীয় পানী যোগান ধৰিব পৰা নাই গুৱাহাটী পৌৰ নিগমে৷

ইফালে, প্রাক্তন মেয়ৰ মৃগেন শৰণীয়াই উচ্চস্তৰীয় তদন্ত বিচাৰি মন্ত্রী সিদ্ধার্থ ভট্টাচার্যকো স্মাৰক–পত্র প্রদান কৰিছিল৷

You might also like