চন্দ্রপুৰত বিকল আঠখন পানী যোগান আঁচনি
নিয়মীয়া বাৰ্তা, ১ মাৰ্চঃ সর্বসাধাৰণ ৰাইজক বিশুদ্ধ খোৱাপানী যোগান ধৰাৰ নামত কোটি কোটি টকা ব্যয় কৰি ঠায়ে ঠায়ে জনস্বাস্থ্য কাৰিকৰী বিভাগে বহু আঁচনি নির্মাণ কৰিছে৷ কিন্তু ইয়াৰ বেছিভাগ আঁচনিয়ে পিছলৈ বগাহাতীত পৰিণত হয়৷ তাৰ জ্বলন্ত উদাহৰণ হৈছে মহানগৰীৰ পার্শ্বৱর্তী চন্দ্রপুৰ অঞ্চল৷ সংশ্লিষ্ট বিভাগটোৰ গুৱাহাটী সংমণ্ডলৰ অন্তর্গত চন্দ্রপুৰৰ ৮খনকৈ পানী যোগান আঁচনি বিগত ভালেমান বছৰ ধৰি বিকল হৈ আছে৷ ফলত আজিও এটুপি খোৱাপানীৰ বাবে হাহাকাৰ কৰি থাকিব লগা হৈছে অঞ্চলবাসী৷ পশ্চিম মায়ং পঞ্চায়ত, চন্দ্রপুৰ পঞ্চায়ত আৰু পানীখাইতী পঞ্চায়তৰ অধিকসংখ্যক লোকৰ পানীৰ সমস্যাৰ প্রতি লক্ষ্য কৰি দহখনতকৈ অধিক পানী যোগান আঁচনি নির্মাণ কৰে জনস্বাস্থ্য কাৰিকৰী বিভাগে৷ দশক বর্ষ পূর্বে স্থাপন কৰা আঁচনিকেইখনৰ অধিক আঁচনি সম্প্রতি বিকল হৈ আছে৷ আশ্চর্যজনকভাৱে আঁচনিখন আৰম্ভ হোৱাৰ দুই–এবছৰৰ ব্যৱধানত বন্ধ হৈ পৰাত বিশুদ্ধ পানীৰ বাবে হাহাকাৰ অৱস্থা অঞ্চলবাসীৰ৷
পশ্চিম মায়ং পঞ্চায়তৰ তিনিখনকৈ আঁচনি পাঁচ বছৰতকৈ অধিক সময় ধৰি বিকল হৈ বন্ধ হৈ আছে৷ গোভালী আৰু কাজলী পানী যোগান আঁচনি দুখন শুভাৰম্ভ কৰাৰ প্রায় তিনি বছৰ পিছৰে পৰা বন্ধ হৈ থকাৰ বিপৰীতে গোৱর্ধনৰ ঘোঁৰামাৰাত স্থাপন কৰা আঁচনিখনৰ হেনো পানী ব্যৱহাৰ কৰিবলৈ নাপালে স্থানীয় ৰাইজে৷ একেদৰে, চন্দ্রপুৰ পঞ্চায়তৰ শিঙিমাৰী, ঠাকুৰকুছি আৰু চন্দ্রপুৰ আঁচনি তিনিখনো বিগত ৭–৮ বছৰ ধৰি সম্পূর্ণৰূপে বিকল হৈ আছে৷ ইয়াৰ বিপৰীতে পানীখাইতীৰ বোন্দা কলনীকে ধৰি একাধিক পানী যোগান আঁচনি বছৰ বছৰ ধৰি বিকল হৈ থকাত বছৰৰ বেছিভাগ সময়ে পানীৰ সমস্যাত ভুগি থাকিবলগীয়া হয় অঞ্চলবাসী৷ বিশেষকৈ খৰাং কালছোৱাত পানীৰ অভাৱত ভোগে অঞ্চলবাসী৷ পৰিণতিত বহু লোকে পাহাৰৰ নিজৰা, খাল–বিলৰ পানী ব্যৱহাৰ কৰি তৃষ্ণা নিবাৰণ কৰি আহিছে৷
বৰষুণৰ বতৰত আনকি বৰষুণৰ পানীকে ব্যৱহাৰ কৰে বহুতে৷ স্থানীয় ৰাইজৰ অভিযোগ মতে, আঁচনিকেইখন পৰিচালনাৰ দায়িত্বত থকা সমিতিৰ বিষয়ববীয়াসকলৰ চৰম হেমাহিৰ বাবে আঁচনিকেইখন বন্ধ হৈ সম্প্রতি জহি–খহি যোৱা অৱস্থা হৈছে৷ আনহাতে, সমগ্র অঞ্চলটোত মাত্র তিনিখন আঁচনি কার্যকৰী অৱস্থাত আছে যদিও প্রায়ে কাৰিকৰীভাৱে বিকল হৈ পৰে৷ তদুপৰি, এই আঁচনিকেইখনে পর্যাপ্ত পানী যোগান ধৰিব পৰা নাই৷ ইফালে, বিশ্ব বেংকৰ অর্থসাহায্যৰে এখন বৃহৎ পানী যোগান আঁচনিৰ কাম চলি আছে যদিও সম্পূর্ণ হৈ নুঠাত পানীৰ সমস্যাটো এক জটিল সমস্যা হৈ পৰিছে বৃহত্তৰ চন্দ্রপুৰ অঞ্চলত৷ এইক্ষেত্রত চৰকাৰ তথা বিভাগীয় পদক্ষেপৰ দাবী জনাইছে স্থানীয় ৰাইজে৷