নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বোন্দাত কেৰাচিন ঢালি পত্নীক জ্বলাই দিলে লম্পট স্বামীয়ে

নিয়মীয়া বাৰ্তা, ১ মাৰ্চঃ পৰকীয়া প্রেমৰ বাবেই মহানগৰীৰ বোন্দাত সংঘটিত হ’ল এটা জঘন্য ঘটনা৷ কালি নিশা প্রায় ১১.৪৫ বজাত বোন্দাৰ ধূপগুৰিত লম্পট স্বামীয়ে কেৰাচিন ঢ়ালি পত্নীক জ্বলাই দিয়াৰ ঘটনা সংঘটিত হয়৷ ধূপগুৰিৰ বাসিন্দা ধর্মেশ্বৰ দাসে দীর্ঘদিন ধৰি পত্নীক যৌতুক দাবীৰে শাৰীৰিক আৰু মানসিক নির্যাতন চলাই আহিছিল৷ স্বামীৰ অত্যাচাৰৰ বলি হৈ পত্নীৰ পৰিয়ালে দাবী কৰা যৌতুক আদায় দিছিল৷ কিন্তু শেহতীয়াকৈ স্বামী ধর্মেশ্বৰে পৰকীয়া প্রেমত হাবুডুবুু খাই কালি নিশা পত্নীক কেৰাচিন ঢ়ালি জ্বলাই দিয়ে৷ শৰীৰৰ ৭০ শতাংশ অগ্ণিদগ্ধ হৈ সম্প্রতি ধর্মেশ্বৰ দাসৰ পত্নী জিএমচিএইচত সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে৷

ঘটনা সন্দর্ভত আজি পত্নীৰ পৰিয়ালে নুনমাটি থানাত এজাহাৰ দাখিল কৰে৷ উক্ত এজাহাৰৰ ভিত্তিত ভাৰতীয় দণ্ডবিধিৰ ৪৯৮ (এ)/৩০৭/৩৪/২৬ (বি) ধাৰাৰ অধীনত ১৪৩/২০২১ নম্বৰত এটা গোচৰ ৰুজু কৰি নুনমাটি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে৷

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, কালি নিশা পত্নীক জ্বলাই দি স্বামী ধর্মেশ্বৰে জিএমচিএইচত ভর্তি কৰাইছিল৷ আজি পৰিয়ালৰ লোকৰ এজাহাৰৰ ভিত্তিত গোচৰ ৰুজু কৰি সোধা–পোছাৰ অন্তত ধর্মেশ্বৰ দাসক গ্রেপ্তাৰ কৰা হয়৷ সম্প্রতি নুনমাটি থানাত অভিযুক্ত স্বামী ধর্মেশ্বৰ দাসক জেৰা অব্যাহত ৰাখিছে৷ স্থানীয় ৰাইজে জানিবলৈ দিয়া মতে, ১০ বছৰ পূর্বে ধর্মেশ্বৰে তামুলপুৰৰ পূৰবী দাসৰ লগত সামাজিকভাৱে বিবাহপাশত আবদ্ধ হৈছিল৷ দুটি সন্তানৰ পিতৃ ধর্মেশ্বৰে পূর্বৰে পৰা পত্নীক অকথ্য শাৰীৰিক আৰু মানসিক নির্যাতন চলাই আহিছিল৷

You might also like