নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পশ্চিম গুৱাহাটীত দলীয় টিকটক লৈ কংগ্রেছ কর্মীৰ উৎকণ্ঠা

নিয়মীয়া বাৰ্তা ১২ মাৰ্চঃ বিধানসভাৰ নির্বাচনলৈ মাজতে কেইটামান দিন বাকী থকা অৱস্থাত ৰাজ্যৰ আন সমষ্টিৰ দৰে ৫৪নং পশ্চিম গুৱাহাটী বিধানসভা সমষ্টিতো নির্বাচনী বতাহবলা পৰিলক্ষিত হৈছে৷ পশ্চিম গুৱাহাটীত তৃতীয় তথা শেষ পর্যায়ত অহা ৬ এপ্রিলত নির্বাচন অনুষ্ঠিত হ’ব৷ ইতিমধ্যে বহু বাদ–বিসম্বাদৰ অন্তত অগপ–বিজেপি মিত্রজোঁটৰ প্রার্থী হিচাপে বর্তমানৰ অগপ বিধায়ক ৰমেন্দ্র নাৰায়ণ কলিতাৰ টিকট প্রায় নিশ্চিত হোৱাৰ পিছত সকলোৰে দৃষ্টি নিবদ্ধ হৈছে কংগ্রেছ–এআইইউডিএফৰ্ মহাজোঁটৰ প্রার্থী কোন হ’ব৷ জানিব পৰা মতে সমষ্টিটোত কংগ্রেছ দলে প্রতিদ্বন্দ্বিতা আগবঢ়াব৷ কংগ্রেছ দলৰ হৈ টিকটৰ বাবে মুঠ ১০জন প্রার্থীয়ে আবেদন কৰিছে৷ তেওঁলোক হ’ল ক্রমে প্রাক্তন সাংসদ দ্বিজেন শর্মা, জনজাতি কোষৰ নেতা তথা বিশিষ্ট সমাজ সংগঠক লক্ষণ ৰাভা, শিল্পী বাবু ওৰফে কুমুদ বৰুৱা, ৰমেন বৰঠাকুৰ, দেৱ কুমাৰ বর্মন, বনদীপ দত্ত, নৱ কুমাৰ ডেকা, ৰাজা দাস, ৰতন বডো আৰু অভিজিৎ মজুমদাৰ৷

উল্লেখ্য যে ২০১৬ চনত প্রথমবাৰৰ বাবে প্রতিদ্বন্দ্বিতা কৰা আৰু বর্তমানৰ গুৱাহাটী জিলা কংগ্রেছ কমিটীৰ সভাপতি ড০ জুৰি শর্মা বৰদলৈয়ে এইবেলি টিকটৰ বাবে আবেদন কৰা নাই৷ বিগত নির্বাচনত ড০ বৰদলৈয়ে প্রায় ৪৩ হাজাৰ ভোট লাভ কৰাৰ বিপৰীতে মিত্রজোঁটৰ হৈ অগপৰ বিজয়ী প্রার্থী ৰমেন্দ্র নাৰায়ণ কলিতাই লাভ কৰিছিল প্রায় ১.৩৩ লাখ ভোট৷ তেনেদৰে কংগ্রেছৰ টিকটৰ পৰা বঞ্চিত হৈ নির্দলীয় প্রার্থী হিচাপে প্রতিদ্বন্দ্বিতা কৰা সমষ্টিটোৰ দুবাৰৰ প্রাক্তন বিধায়ক হেমন্ত তালুকদাৰে লাভ কৰিছিল প্রায় ১২,৫০০ ভোট৷ ইফালে মনোনয়ন–পত্র দাখিলৰ বাবে মাজতে মাত্র চাৰি দিনমান বাকী থকা অৱস্থাত এতিয়ালৈ কংগ্রেছ দলে দলীয় প্রার্থীৰ নাম ঘোষণা নকৰাত দলটোৰ সাধাৰণ কর্মী–সমর্থকটো বাদেই প্রার্থিত্বপ্রত্যাশীসক্ মাজতো উৎকণ্ঠা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে৷ আনকি ইয়াৰ কেইবাজনেও টিকট লাভৰ আশাত দলৰ কেইবাজনো ৰাষ্ট্রীয় আৰু ৰাজ্যিক পর্যায়ৰ নেতাৰ সৈতে অহৰহ যোগাযোগ ৰক্ষা কৰি আছে৷ ইফালে সমষ্টিটোৰ কংগ্রেছ দলৰ একাংশ নেতা–কর্মীয়ে অভিযোগ কৰা অনুসৰি আবেদনকাৰীসকলৰ কেইবাজনো প্রার্থীক এতিয়ালৈকে কর্মীসকলে দেখা পোৱাটো দূৰৰে কথা তেওঁলোকক চিনিয়ে নাপায়৷ আনকি সমষ্টিটোৰ ভৌগোলিক পৰিসীমাৰ বিষয়েও জ্ঞাত নহয় কেইবাজনো প্রার্থী৷ ৰাজনৈতিক পর্যবেক্ষকসকলৰ মতে সমষ্টিটোৰ জনগাঁথনি অনুসৰি অগপ আৰু বিজেপিৰ মাজত ভোট বিভাজন নহ’লে কোনোপধ্যেই কংগ্রেছ দলৰ প্রার্থী বিজয়ী হ’ব নোৱাৰে৷

You might also like