নির্বাচন ২০২১ঃ দিছপুৰ সমষ্টিত বহুধাবিভক্ত কংগ্রেছ
আঞ্চলিক গণ মর্চাক সমষ্টি এৰি দিয়াক লৈ তৃণমূল কর্মীৰ ক্ষোভ
নিয়মীয়া বাৰ্তা ১২ মাৰ্চঃ ৰাজ্যৰ ১২৬টা বিধানসভা সমষ্টিৰ ভিতৰত আটাইতকৈ সন্মানীয় সমষ্টি দিছপুৰ সমষ্টিটো মহাজোঁটৰ অংশীদাৰী দল গণভিত্তিহীন আঞ্চলিক গণ মর্চাক গতাই দিব বিচৰাক লৈ বহুধাবিভক্ত হৈছে কংগ্রেছ শিবিৰ৷ ৰাজ্যৰ ভিতৰতে আটাইতকৈ ডাঙৰ সমষ্টি আৰু ৪.৩৬ লাখ ভোটাৰ থকা সমষ্টিটোত আঞ্চলিক গণ মর্চাৰ প্রার্থীক তৃণমূল কংগ্রেছ কর্মীসকলে কোনো কাৰণতে মানি নলয় বুলি স্পষ্ট কৰি দিছে৷ ২০০১ চনৰ পৰা ২০১৬ চনলৈকে একেৰাহে কংগ্রেছৰ দখলত থকা সমষ্টিটোত বিগত নির্বাচনত বিজেপিৰ প্রার্থী অতুল বৰা জয়ী হৈছিল৷ সমাগত বিধানসভা নির্বাচনত দিছপুৰ সমষ্টিটোত শাসনাধিষ্ঠিত বিজেপি আৰু প্রধান বিৰোধী দল কংগ্রেছৰ বহুকেইগৰাকী প্রার্থীয়ে প্রার্থিত্ব বিচাৰিছে৷ বর্তমান দিছপুৰ সমষ্টিক প্রতিনিধিত্ব কৰিছে বিজেপি বিধায়ক অতুল বৰাই৷ বিধায়ক অতুল বৰাক প্রত্যাহ্বান জনাই সমষ্টিটোৰ পৰা দলীয় প্রার্থিত্ব বিচাৰিছে যুৱ নেতা মৃগাংক বর্মন আৰু জয়ন্ত কুমাৰ দাসে৷
ইফালে কংগ্রেছৰ পৰা প্রার্থিত্ব বিচাৰিছে প্রাক্তন মন্ত্রী অকণ বৰা, জ্যেষ্ঠ কংগ্রেছ নেতা বলীন বৰদলৈ, বন্তি দাস চৌধুৰী আৰু ভৱ বৰাই৷ কংগ্রেছৰ প্রার্থীসকলৰ ভিতৰত সমষ্টিটোৰ অন্যতম প্রবল দাবীদাৰ হৈছে প্রাক্তন মন্ত্রী অকণ বৰা৷ কিন্তু এতিয়ালৈকে দিছপুৰ সমষ্টিৰ প্রার্থীৰ তালিকা ঘোষণা কৰা নাই শাসনাধিষ্ঠিত বিজেপি আৰু প্রধান বিৰোধী কংগ্রেছ দলে৷ আঞ্চলিক গণ মর্চাক সমষ্টিটো এৰি নিদিয়াৰ বাবে আৰু কংগ্রেছৰ অকণ বৰাক দলীয় টিকট প্রদানৰ দাবীত তৃণমূল কর্মীসকলে প্রতিবাদী কার্যসূচীও গ্রহণ কৰিছিল৷ আনুষ্ঠানিক ঘোষণা নহ’লেও ৰাজ্যিক নেতৃত্বই আঞ্চলিক গণ মর্চাক সমষ্টিটো এৰি দিয়াটো একপ্রকাৰ খাটাং হোৱাত সম্প্রতি কংগ্রেছৰ নেতা–কর্মীসকল দুটা শিবিৰত বিভক্ত হৈ পৰিছে৷ এটা শিবিৰে মহাজোঁটৰ প্রার্থী মনজিৎ মহন্তক লগত লৈ প্রচাৰ কার্যত নামি পৰাৰ লগতে বিভিন্ন সমস্যা সন্দর্ভত ৰাইজৰ লগত আলোচনাত মিলিত হৈছে৷
আনহাতে আনটো শিবিৰে প্রাক্তন মন্ত্রী অকণ বৰাক প্রার্থিত্ব প্রদানৰ দাবী উত্থাপন কৰিছে৷ সন্মানীয় দিছপুৰ সমষ্টি আঞ্চলিক গণ মর্চাক এৰি দিয়া সন্দর্ভত প্রাক্তন মন্ত্রী অকণ বৰাই কয় যে ৰাজধানী সমষ্টি দিছপুৰত প্রার্থিত্ব নিদিলে সমষ্টিটোত কংগ্রেছ অস্তিত্বহীন হ’ব৷ তৃণমূল কংগ্রেছ কর্মীসকলে এই কথা কোনো কাৰণতে মানি লোৱা নাই৷ যদিহে গণ মর্চাক সমষ্টিটো এৰি দিয়ে তেন্তে তৃণমূল কর্মীৰ মতামতৰ ভিত্তিতহে প্রার্থিত্বপ্রত্যাশী অকণ বৰাই সিদ্ধান্ত ল’ব বুলি জানিবলৈ দিয়ে৷ ইফালে দীর্ঘকাল কংগ্রেছৰ দখলত থকা সমষ্টিটো গণ মর্চাক এৰি দিলে বহু জ্যেষ্ঠ নেতা–কর্মীয়ে দল ত্যাগ কৰিবলৈ সাজু হৈ আছে৷ আনহাতে সমষ্টিটোত বর্তমানৰ বিধায়ক অতুল বৰা, যুৱ নেতা মৃগাংক বর্মন আৰু জয়ন্ত কুমাৰ দাসে বিজেপিৰ প্রার্থিত্বৰ প্রধান দাবীদাৰ হোৱাত তিনিটা শিবিৰত বিভক্ত হৈ আছে দলটো৷ অৱশ্যে দুই এদিনৰ ভিতৰতে বিজেপি আৰু কংগ্রেছ দুয়োটা দলেই চূড়ান্ত প্রার্থীৰ নাম ঘোষণা কৰিব৷ ইয়াৰ পাছতহে উৎকণ্ঠাৰ অন্ত পৰিব দলীয় কর্মী আৰু সমষ্টিবাসীৰ মাজত৷