পশ্চিম গুৱাহাটীত প্রার্থীৰ নাই নির্বাচনী প্রচাৰৰ উছাহ
নিয়মীয়া বাৰ্তা ১৮ মাৰ্চঃ অসম বিধানসভা নির্বাচনলৈ মাজত মাথোঁ কেইটামান দিন বাকী৷ ৰাজ্যখনৰ চৌদিশে চলিছে ব্যাপক প্রচাৰ অভিযান৷ দলীয় প্রার্থিত্ব লাভ কৰা নেতাসকলৰ সমান্তৰালকৈ আন একাংশ নির্দলীয় প্রার্থীয়েও ইতিমধ্যে মনোনয়ন–পত্র দাখিল কৰিছে৷ নির্বাচনী প্রচাৰ অভিযান ৰাজ্যৰ প্রতিটো বিধানসভা সমষ্টিৰ প্রতিটো অঞ্চলবিশেষে চুই গৈছে যদিও ইয়াৰ বিপৰীতে গুৱাহাটী লোকসভা সমষ্টিৰ অন্তর্গত ৫৪নং পশ্চিম গুৱাহাটী বিধানসভা সমষ্টিটোত নির্বাচনী প্রচাৰ অভিযান অদ্যাপি স্তিমিত হৈ থকা বিষয়টোৱে ভোটাৰ ৰাইজৰ মাজত ব্যাপক চর্চা লাভ কৰিছে৷ উল্লেখনীয় যে পূর্বৰ নির্বাচনসমূহৰ দৰে এইবেলিৰ নির্বাচনৰ প্রাকমুহূর্তত পশ্চিম গুৱাহাটী সমষ্টিত কোনো এটা ৰাজনৈতিক দলৰ প্রচাৰ অভিযান তুংগত উঠা নাই৷ কিয়নো ৰাজ্যৰ অন্যতম গুৰুত্বপূর্ণ সমষ্টি হিচাপে পৰিগণিত পশ্চিম গুৱাহাটী বিধানসভা সমষ্টিৰ বাবে বিজেপি আৰু অগপ মিত্রজোঁটৰ প্রার্থীগৰাকীৰ বাদে কংগ্রেছ দলে এইপর্যন্ত কোনো এগৰাকী প্রার্থীৰ নাম আনুষ্ঠানিকভাৱে ঘোষণা কৰা নাই৷ তেনেক্ষেত্রত মহাজেজাটৰ হৈ কংগ্রেছ দলে কাক প্রার্থিত্ব প্রদান কৰিব তাকে লৈ ৰাজনৈতিক মহলত তীব্র উৎকণ্ঠা বৃদ্ধি পাইছে৷ ইপিনে বিজেপি আৰু অগপ মিত্রজোঁটৰ হৈ বিধায়ক ৰমেন্দ্র নাৰায়ণ কলিতাই ইতিমধ্যে প্রার্থিত্ব লাভ কৰি পশ্চিম গুৱাহাটী সমষ্টিৰ পাহাৰে–ভৈয়ামে নির্বাচনী প্রচাৰ অভিযান অব্যাহত ৰাখিছে৷
আনহাতে ৰাজ্যৰ ৰাজনৈতিক ক্ষেত্রখনত নতুনকৈ পদার্পণ কৰা ৰাইজৰ দলৰ হৈ প্রার্থিত্ব লাভ কৰি ধনঞ্জয় কলিতা নামৰ যুৱনেতাগৰাকীয়ে সমষ্টিটোত নির্বাচনী প্রচাৰ অভিযান আৰম্ভ কৰিছে৷ ধনঞ্জয় কলিতা যিহেতু ভোটাৰ ৰাইজৰ মাজত তেনেই নতুন মুখ, তেনেক্ষেত্রত ধনঞ্জয় কলিতাৰ প্রচাৰ অভিযান সমষ্টিটোৰ ভোটাৰ ৰাইজৰ মন চুই যাবলৈ সক্ষম হোৱা নাই বুলি সমষ্টিটোত চর্চা অব্যাহত আছে৷ আনহাতে ৰিপাব্লিকান দলৰ হৈ কল্যাণ শর্মা নামৰ এগৰাকী প্রার্থীয়ে পশ্চিম গুৱাহাটী সমষ্টিৰ পৰা নির্বাচনত প্রতিদ্বন্দ্বিতা আগবঢ়াব যদিও প্রার্থীগৰাকী ভোটাৰ ৰাইজৰ মাজত তেনেই অচিনাকি৷ কল্যাণ শর্মায়ো ইতিমধ্যে সমষ্টিটোৰ ভোটাৰ ৰাইজৰ ঘৰে ঘৰে গৈ প্রচাৰ অভিযান অব্যাহত ৰখা বুলি জানিব পৰা গৈছে৷ পশ্চিম গুৱাহাটী সমষ্টিটো যিহেতু অগপ দলৰ দুর্গ হিচাপে পৰিচিত তেনেক্ষেত্রত কংগ্রেছ দলৰ কোনো এগৰাকী হাইপ্রফাইল নেতাক যদিহে পশ্চিম গুৱাহাটী সমষ্টিত প্রার্থিত্ব নিদিয়ে, তেন্তে এইবেলি পশ্চিম গুৱাহাটী সমষ্টিৰ ভোটাৰ ৰাইজে নির্বাচনৰ তীব্র প্রতিন্দ্বন্দ্বিতামূলক্ যুজঁখনৰ সোৱাদৰ পৰা যেবঞ্চিত হৈ পৰিব সেয়া নির্বাচনৰ প্রাক্মুহূর্তত স্পষ্টভাৱে প্রকট হৈ উঠিছে৷ উল্লেখনীয় যে পশ্চিম গুৱাহাটী বিধানসভা সমষ্টিটো নগৰাঞ্চলৰ ৮টা ৱার্ড আৰু গ্রামাঞ্চলৰ ৮খন পঞ্চায়তেৰে গঠিত৷ এইবেলি সমষ্টিটোত মুঠ ভোটাৰৰ সংখ্যা ২,৯২,১৩১গৰাকী৷ ইয়াৰে পুৰুষ ভোটাৰ ১,৪৪,৬৪৫গৰাকী, মহিলা ভোটাৰ ১,৪৭,৪৭৮গৰাকী আৰু তৃতীয় লিংগৰ ভোটাৰ ৮গৰাকী৷ মহিলা ভোটাৰৰ সংখ্যা পুৰুষ ভোটাৰতকৈ ২,৮৩৩টা অধিক৷