নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাস্ক পৰিধান নকৰাকৈ নির্মাণকার্যত অর্ধশতাধিক শ্রমিক

মালিগাঁও গোটানগৰত সামাজিক দূৰত্ব উলংঘা : নীৰৱ আৰক্ষী–প্রশাসন

নিয়মীয়া বাৰ্তা, ১৬ মে’ : মহানগৰীৰ মালিগাঁও আৰক্ষী চকীৰ অন্তর্গত গোটানগৰৰ ডনবস্ক’ স্কুলৰ সমীপত আনন্দ নামৰ গৃহ নির্মাতা এগৰাকীয়ে শুকুৰবাৰে লকডাউনৰ নীতি–নিয়ম উলংঘা কৰি আজি শ্রমিকৰ হতুৱাই গৃহ নির্মাণ কৰি থকা কার্যই অঞ্চলটোৰ ৰাইজৰ মাজত প্রতিক্রিয়াৰ সৃষ্টি কৰিছে ৷ এই সন্দর্ভত অঞ্চলটোৰ ৰংভূমি উন্নয়ন সমিতিৰ কর্মকর্তাসকলে জানিবলৈ দিয়া মতে তেওঁলোক ঘৰ বা আন কোনো নির্মাণকার্যৰ বিৰোধী নহয় ৷ কিন্তু ৰাজ্য চৰকাৰ বা স্বাস্থ্য বিভাগে যি নীতি–নিয়ম বান্ধি দিছে সেই নিয়ম শ্রমিকসকলে মানি চলিহে নির্মাণকার্য কৰিব লাগে ৷ কিন্তু অর্ধশতাধিক শ্রমিকে গাত গা লগাই আৰু মাস্ক পৰিধান নকৰাকৈ কামত জড়িত থাকি চৰকাৰৰ নিয়ম উলংঘা কৰাই নহয় ভয়াৱহ সামাজিক সংক্রমণৰো সম্ভাৱনা জগাই তুলিছে ৷ মাৰাত্মক ক’ৰোনা ভাইৰাছৰ সংক্রমণ ৰোধৰ বাবে চৰকাৰে দিয়া নীতি–নির্দেশনা উলংঘা কৰি নির্মাণ কার্য চলাই থকাৰ বিষয়ে একাংশ লোকে মালিগাঁও আৰক্ষী চকীত অৱগত কৰে যদিও আৰক্ষী ঘটনাস্থলীত উপস্থিত নোহোৱাত ৰাইজৰ মাজত তীব্র প্রতিক্রিয়াৰ সৃষ্টি হয় ৷

You might also like