ছয়মাইলত আ–অলংকাৰ লুটৰ চেষ্টা সুন্দৰী যুৱতীৰ, বিয়াৰ নিমন্ত্রণ দিবলৈ আহি গৃহস্থক প্রহাৰ
নিয়মীয়া বার্তা, ১৫ অক্টোবৰঃ বিয়াৰ নিমন্ত্রণ দিবলৈ আহি এগৰাকী সুন্দৰী যুৱতীয়ে সোণৰ আ–লংকাৰ লুট কৰি নিয়া ঘটনাই মহানগৰীত তীব্র চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ আৰক্ষীয়ে জানিবলৈ দিয়া মতে, ছয়মাইলৰ চন্দন নগৰৰ বাসিন্দা প্রবোধ কুমাৰ দত্তৰ ঘৰলৈ যোৱা ১০ অক্টোবৰৰ সন্ধিয়া ৫.৩০ বজাত এগৰাকী যুৱতীয়ে নিজকে দত্তৰ গাঁৱৰ ওচৰ–চুবুৰীয়া বুলি পৰিচয় দি বিয়াৰ নিমন্ত্রণ দিবলৈ আহে৷
যুৱতীগৰাকীয়ে প্রায় এঘণ্টা ধৰি দত্তৰ পত্নী অঞ্জনা দত্তৰ সৈতে বার্তালাপ কৰি আ–অলংকাৰসমূহ চাব বিচাৰে৷ সোণৰ আ–অলংকাৰসমূহ চাই থকাৰ সময়তে সুন্দৰী যুৱতীগৰাকীয়ে ফোন অহা বুলি কৈ যাবলৈ বিচাৰে৷ যুৱতীগৰাকীক বিদায় দিবলৈ লওঁতেই অঞ্জনা দত্তক যুৱতীগৰাকীয়ে বেগৰ পৰা এটা হাতুৰী উলিয়াই মূৰত আঘাত কৰি অলংকাৰখিনি লুটৰ চেষ্টা চলায়৷
তেনে সময়তে স্বামী প্রবোধ কুমাৰ দত্ত ওলাই অহাত যুৱতীগৰাকী পলায়ন কৰে৷ ঘটনা সন্দর্ভত দিছপুৰ থানাত ২৩৫৬/২০ নম্বৰত এটা গোচৰ ৰুজু কৰি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে৷ অৱশ্যে এতিয়াও যুৱতীগৰাকীক আটক কৰিব পৰা নাই৷ যুৱতীগৰাকীৰ নাম দিবাংক্ষি ভূঞা বুলি আৰক্ষীয়ে জানিবলৈ দিছে৷