ঘৰৰ মজিয়াত গাঁত খান্দি তান্ত্রিকৰ পূজা–অর্চনা
একবিংশ শতিকাত অন্ধবিশ্বাসৰ গ্রাসত ভেটাপাৰাৰ এটা পৰিয়াল
নিয়মীয়া বাৰ্তা ৭ জুলাইঃ একবিংশ শতিকাত ৰাজ্যৰ ৰাজধানী চহৰ গুৱাহাটী মহানগৰীৰ এটা উচ্চ শিক্ষিত পৰিয়াল অন্ধবিশ্বাসৰ কবলত পৰি একপ্রকাৰ নিঃশেষ হৈ পৰিছে৷ আঠগাঁৱৰ এজন ভণ্ড যুৱকৰ প্রতাৰণাৰ বলি হৈ পৰিয়ালটোৱে নিজ বাসগৃহৰ মজিয়া খান্দি তন্দ্র–মন্ত্রৰ পূজা–পাতল আৰম্ভ কৰাৰ লগতে বহু ধন ব্যয় কৰি অপায়–মংগল দূৰ কৰাৰ প্রচেষ্টা চলাই আহিছে৷ তদুপৰি ভণ্ড যুৱকৰ প্রতাৰণাৰ বলি হৈ পৰিয়ালটোৰ এজন যুৱকে প্রাণ হেৰুৱাবলগীয়া হৈছে বুলি ভুক্তভোগী পৰিয়ালৰ এগৰাকী সদস্যই অভিযোগ কৰিছে৷ এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে মহানগৰীৰ বশিষ্ঠ থানাৰ অন্তর্গত ভেটাপাৰাত৷
ভেটাপাৰাৰ চন্দ্র চৌধুৰী পথৰ ৩৮নং বাসগৃহত থকা সম্ভ্রান্ত পৰিয়ালটো অন্ধবিশ্বাসৰ কবলত পৰি ধন–জন হেৰুৱাই একপ্রকাৰ নিঃশেষ হৈ পৰাৰ চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে৷ ঘটনাৰ বিৱৰণী অনুসৰি পৰিয়ালটোৰ এগৰাকী যুৱতীৰ সৈতে জয়ানগৰৰ জ্যোতির্ময় শর্মা নামৰ এজন যুৱকৰ বন্ধুৰ সম্পর্ক গঢ় লৈ উঠে৷ যুৱতীগৰাকীৰ সৈতে হোৱা বন্ধুত্বৰ সম্পর্ক সূত্রে ভেটাপাৰাৰ অৱসৰপ্রাপ্ত বেংক বিষয়াৰ দিবাকৰ ডেকাৰ ঘৰলৈ যুৱকজনে সঘনে অহা–যোৱা কৰে৷ মাজতে ডেকা আৰু তেওঁৰ পত্নী অসুস্থ হৈ থকাত লম্পট যুৱকজনে তন্ত্র–মন্ত্র কৰিবলৈ পৰিয়ালটোক বাধ্য কৰায় বুলি পৰিয়ালৰ লোকে অভিযোগ কৰে৷ আনকি যুৱকজনৰ কথামতে পৰিয়ালটোৱে নিজগৃহৰ মজিয়া খান্দি ডেৰ বছৰ পূর্বৰ পৰা পূজা–পাতল কৰি আহিছে৷
ইপিনে অৱসৰপ্রাপ্ত বেংক বিষয়াজনৰ পুত্র উৎপল ডেকাৰ ঘনিষ্ঠ সম্পর্ক গঢ় লৈ উঠে৷ সেইসূত্রে তেওঁ জ্যোতির্ময় শর্মাৰ সৈতে পূজা–পাতলত মনোনিৱেশ কৰে৷ অলপতে জ্যোতির্ময়ে নলবাৰীৰ এটা শ্মশানত পূজা কৰিবলৈ নিশা প্রায় ৮.৩০ বজাত ঘৰৰ পৰা এ এছ ০১ ডিজি ১৯০৩ নম্বৰৰ এখন বাহন লৈ নলবাৰীৰ শ্মশানলৈ যাত্রা কৰে৷ শ্মশানলৈ গৈ সন্ধিয়া সময়তে নলবাৰীৰ শিমলীয়াত বাহনখন দুর্ঘটনাতত পতিত হৈ উৎপলৰ মৃত্যু হয় আৰু জ্যোতির্ময় আহত হৈ চিকিৎসাধীন হয়৷
ইপিনে এই ঘটনা সহজভাৱে ল’ব পৰা নাই উৎপলৰ পৰিয়ালে৷ উৎপল পৰিকল্পিত হত্যাৰ বলি হোৱা বুলি অভিযোগ কৰি ভগ্ণীয়ে নলবাৰীৰ বেলশৰ থানাত এজাহাৰ দাখিল কৰে৷ ভাতৃক জ্যোতির্ময়ে পৰিকল্পিতভাৱে হত্যা কৰা বুলি অভিযোগ তুলি পৰিয়ালৰ লগতে ভগ্ণীয়ে ঘটনাৰ উচিত তদন্ত বিচাৰিছে৷ ভণ্ড যুৱকজনৰ প্রতাৰণাৰ বলি হৈ পৰিয়ালটোৱে অপায়–মংগলৰ পৰা বাচিবলৈ নিজগৃহৰ মজিয়া খান্দি পূজা–পাতল কৰি থকা বুলি জানিব পৰা গৈছে৷ অৱশ্যে তদন্তৰ পাছতহে প্রকৃত সত্য পোহৰলৈ আহিব৷ উল্লেখ্য যে যোৱা তিনি জুলাইত নলবাৰীৰ শিমলীয়াত পথ দুর্ঘটনাত যুৱকজনৰ মৃত্যু হোৱাৰ খবৰ বিয়পি পৰিছিল যদিও পৰিয়ালৰ লোকে এয়া পৰিকল্পিত হত্যাকাণ্ড বুলি দাবী কৰি উচিত তদন্ত বিচাৰিছে৷