নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ব্যৱসায়ী অৱদেশৰ হত্যাৰ আঁৰত বিহাৰৰ ছুপাৰি কিলাৰ

নিয়মীয়া বাৰ্তা, ২৩ ফেব্ৰুৱাৰীঃ গুৱাহাটী মহানগৰীৰ ছাত্রীবাৰীত শূন্য দূৰত্বৰ পৰা সোমবাৰে নিশা ব্যৱসায়ীক গুলীয়াই হত্যা কৰা ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে দৰং জিলাৰ খাৰুপেটীয়াৰ পৰা তিনিজনক গ্রেপ্তাৰ কৰে৷ ছাত্রীবাৰীৰ বাসগৃহৰ সন্মুখত ব্যৱসায়ী অৱদেশ যাদৱক গুলীয়াই হত্যা কৰা ঘটনা সন্দর্ভত পল্টন বজাৰ থানাত ৰুজু হোৱা গোচৰৰ ভিত্তিত আৰক্ষীয়ে কালি নিশা খাৰুপেটীয়াৰ খেতাশ্বৰ গাঁৱৰ পৰা আব্বাছ আলী (৪১) আৰু তেওঁৰ সম্পর্কীয় ভাতৃ আক্কাছ আলী (৩১)ৰ লগতে খকজানি গাঁৱৰ ইছমাইল আলী (৩৬) নামৰ আন এজনক গ্রেপ্তাৰ কৰি মাৰাথন জেৰা অব্যাহত ৰাখিছে৷ মহানগৰীৰ মাজমজিয়াত সংঘটিত হোৱা এই চাঞ্চল্যকৰ হত্যাকাণ্ডত দুর্বৃত্তই এৰি থৈ যোৱা এএছ–১৩ ডি–৪০৩৩ নম্বৰৰ ৰঙা ৰঙৰ পালছাৰ বাইকৰ আঁত ধৰি মহানগৰ আৰক্ষীয়ে দৰং আৰক্ষীৰ সহযোগত কালি নিশাৰ ভাগত তিনিজন লোকক আটক কৰে৷ দৰং আৰক্ষীয়ে আটক কৰা বাইকৰ গৰাকী আব্বাছ আলী আৰু তেওঁৰ ভ্রাতৃ আক্কাছ আলীৰ লগতে ইছমাইল আলীক মহানগৰ আৰক্ষীয়ে নিজৰ জিম্মাত লৈ সোধা–পোছা কৰাৰ অন্তত তিনিওকে গ্রেপ্তাৰ কৰে৷ এই চাঞ্চল্যকৰ হত্যাকাণ্ডত ব্যৱহূত বাইকখন ধৃত আব্বাছ আলীৰ নামত পঞ্জীয়ন আছিল৷ আব্বাছ আলীয়ে বাইকখন ভাতৃ আক্কাছ আলীক বিক্রী কৰিছিল আৰু আক্কাছে ভাতৃৰ পৰা ক্রয় কৰা বাইকখন পাছত ইছমাইল আলী নামৰ যুৱকজনৰ ওচৰত বিক্রী কৰিছিল৷

ইপিনে, দুর্বৃত্তই ঘটনাস্থলীত এৰি থৈ যোৱা এটা ম’বাইল ফোন আৰক্ষীয়ে জব্দ কৰি তদন্ত অব্যাহত ৰাখিছে৷ কিন্তু কোনে ব্যৱসায়ীজনক শূন্য দূৰত্বৰ পৰা গুলীয়াই হত্যা কৰিছিল সেই সন্দর্ভত আৰক্ষীয়ে বিশেষ তথ্য সদৰী কৰা নাই যদিও শীঘ্রে মূল হত্যাকাৰী আৰক্ষীৰ জালত পৰিব বুলি মহানগৰ আৰক্ষীৰ শীর্ষ সূত্রই সদৰী কৰে৷ কালি নিশাৰ ভাগতেই ঘটনাস্থলীত মহানগৰ আৰক্ষী আয়ুক্ত হৰমিত সিং আৰু যুটীয়া আৰক্ষী আয়ুক্ত পার্থ সাৰথি মহন্ত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে চিচি টিভিৰ ফুটেজ সংগ্রহ কৰি তদন্ত ক্ষিপ্রতৰ কৰি তোলে৷ উল্লেখ্য যে আৰক্ষী আৰু নিৰাপত্তাৰক্ষীৰে গিজগিজাই থকা ৰাজধানী গুৱাহাটীত যোৱা তিনি দিনত দুটাকৈ গুলীচালনাৰ ঘটনা সংঘটিত হয়৷ বেলতলাত দুদিন পূর্বে পশ্চিমবংগৰ পৰা অহা এজন লোকে প্রেমিকাৰ ভাতৃক গুলীয়াই আহত কৰাৰ ২৪ ঘণ্টা নৌহওঁতেই পুনৰ কালি নিশা প্রায় ৮.৩০ বজাত ছাত্রীবাৰীৰ গোপাল মেঞ্চন এপার্টমেণ্টৰ আৱাসী তথা ব্যৱসায়ী অৱদেশ যাদৱক বাইকত অহা দুজনীয়া দুর্বৃত্তই শূন্য দূৰত্বৰ পৰা গুলীয়াই হত্যা কৰে৷ এই ঘটনাক লৈ গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যজুৰি তীব্র চাঞ্চল্যৰ সৃষ্টি হৈছে৷

কেনেকৈ দুর্বৃত্তই গুলীয়াইছিল যাদৱক?
সোমবাৰে নিশা প্রায় ৮ বজাত অৱদেশ যাদৱে নিজৰ ব্যৱসায়িক প্রতিষ্ঠান বন্ধ কৰি ঘৰমুৱা হৈছিল৷ ছাত্রীবাৰীৰ পুৰণা ফায়াৰবিগেট পথত থকা গোপাল মেঞ্চন এপার্টমেণ্টৰ আৱাসী যাদৱে নিজ গৃহৰ সন্মুখত উপস্থিত হোৱাৰ সময়তে বিপৰীত দিশত বাইকেৰে আহি খাপপিটি থকা অস্ত্রধাৰী দুর্বৃত্তই ব্যৱসায়ীজনলৈ লক্ষ্য কৰি শূন্য দূৰত্বৰ পৰা দুইজাঁই গুলী কৰে৷ দুর্বৃত্তৰ গুলীত ধৰাশায়ী হোৱা ব্যৱসায়ীজনে নিজৰ বুকুত চেপি ধৰি গোপাল মেঞ্চনৰ চৌহদত প্রৱেশ কৰে৷ এপার্টমেণ্টৰ চৌহদত প্রৱেশ কৰি তেওঁ দেৱালৰ কাষত ৰ’বলৈ চেষ্টা কৰে যদিও ঢ়লি পৰাৰ পাছতে এপার্টমেণ্টৰ আৱাসী আৰু পৰিয়ালৰ লোকে তেওঁক উদ্ধাৰ কৰি ততাতৈয়াকৈ মাৰোৱাৰী মেটাৰনিটি হাস্পতালত ভর্তি কৰে৷ প্রাথমিক চিকিৎসাৰ অন্তত আৰক্ষীয়ে নিশা প্রায় ১০ বজাত ব্যৱসায়ীজনক মৃত ঘোষণা কৰে৷ ইপিনে, দুর্বৃত্তই তেওঁৰ বুকুলৈ দুটাকৈ গুলী নিক্ষেপ কৰি ঘটনাস্থলীত বাইক আৰু এটা ম’বাইল ফোন এৰি থৈ পলায়ন কৰে৷ স্থানীয় লোকে চিঞৰ–বাখৰ কৰাত দুর্বৃত্তই পুনৰ এপার্টমেণ্টৰ কিছু দূৰৈত গৈ দুটা গুলী ফুটায়৷ অৱশ্যে এই দুজাঁই গুলীত কোনো লোক হতাহত হোৱা নাই৷ এই সমগ্র ঘটনা চিচি টিভিৰ কেমেৰাত বন্দী হৈছে আৰু আৰক্ষীয়ে চিচি টিভিৰ ফুটেজ সংগ্রহ কৰি তদন্ত অব্যাহত ৰাখিছে৷

কোনে গুলীয়াইছিল ব্যৱসায়ী যাদৱক?
মহানগৰীৰ মাজমজিয়াতে অতি নৃশংসভাৱে ব্যৱসায়ী যাদৱক কোনে গুলীয়াই হত্যা কৰিছিল সেই সন্দর্ভত আৰক্ষীয়ে সদৰী কৰাৰ পৰা বিৰত আছে যদিও হত্যাকাণ্ডত ব্যৱহাৰ কৰা বাইকৰ গৰাকীসহ তিনিজন লোকক গ্রেপ্তাৰ কৰি সোধা–পোছা অব্যাহত ৰাখিছে৷ নৃশংস হত্যাৰ বলি হোৱা যাদৱৰ পৰিয়ালে সেয়া পৰিকল্পিত হত্যাকাণ্ড বুলি দাবী কৰিছে৷ পৰিয়ালৰ লোকৰ অভিযোগ অনুসৰি এই হত্যাকাণ্ড পৰিকল্পিত আৰু ছুপাৰি কিলাৰৰ জৰিয়তে তেওঁ হত্যা কৰাৰ অভিযোগ তোলে৷ এই হত্যাকাণ্ডত বিহাৰৰ সমষ্টিপুৰ জিলাৰ চিমৰা গাঁৱৰ ডব্লিউ যাদৱ জড়িত থকাৰ সন্দেহ ব্যক্ত কৰিছে পৰিয়ালৰ লোকে৷ উল্লেখ্য যে গ্রাম্য ৰাজনীতি আৰু মাটি–বাৰী সংক্রান্তীয় বিভেদক কেন্দ্র কৰি সমষ্টিপুৰ জিলাৰ চিমৰা গাঁৱৰ ডব্লিউ যাদৱে ৩ বছৰ পূর্বে অৱদেশ যাদৱৰ ভাতৃ মিখিলেশ যাদৱ আৰু তেওঁৰ সম্পর্কীয় আন এজন ভাতৃক গুলীয়াই হত্যা কৰে৷ এই সন্দর্ভত বিহাৰৰ বিধান থানাত ৰুজু হোৱা গোচৰৰ ভিত্তিত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে৷ সেয়েহে এই হত্যাকাণ্ডত পৰিয়ালৰ লোকে ডব্লিউ যাদৱ জড়িত থকাৰ সন্দেহ ব্যক্ত কৰিছে৷ অৱশ্যে আৰক্ষীৰ তদন্তৰ পাছতহে এই কথা পোহৰলৈ আহিব বুলি মহানগৰ আৰক্ষীয়ে জানিবলৈ দিছে৷

You might also like