জু–ৰোডত খোৱাপানীৰ নামত জলব’ৰ্ডৰ বৰবিহ
নিয়মীয়া বাৰ্তা ৩ নৱেম্বৰঃ বাৰিষা যোৱাৰ পিছত খৰালিৰ আগমনৰ লগে লগে মহানগৰীৰ বিভিন্ন প্রান্তত খোৱাপানীৰ ব্যাপক নাটনিয়ে দেখা দিছে৷ মহানগৰীৰ পাহাৰ আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলত খোৱাপানীৰ উৎসসমূহ ক্রমাৎ শুকাই যোৱাৰ উপক্রম হৈছে৷ ফলত কুঁৱাৰ পানী শুকাই যোৱাৰ লগতে লক্ষাধিক টকা খৰচ কৰি কৰা বৰিঙৰ পৰাও পর্যাপ্ত পানী পোৱা নাই বহু পৰিয়ালে৷ মহানগৰবাসীক খোৱাপানী যোগানৰ বাবে ইতিমধ্যে চৰকাৰে গ্রহণ কৰা বৃহৎ পানী যোগান আঁচনিসমূহৰো কাম আজিলৈকে সম্পূর্ণ হোৱা নাই৷ জলব’ৰ্ড আৰু পৌৰ নিগমে মহানগৰীৰ বিভিন্ন অঞ্চলত বসবাস কৰা নাগৰিকসকলক পানী যোগান ধৰি আহিছে যদিও সেয়াও অনিয়মীয়া৷ বিশেষকৈ জলব’র্ডে মহানগৰবাসীক খোৱাপানী যোগান ধৰাত সম্পূর্ণ ব্যর্থ হোৱা বুলি জু–ৰোডৰ একাংশ ভুক্তভোগী লোকে জানিবলৈ দিছে৷ জু–ৰোডৰ স্থানীয় একাংশ বাসিন্দাই কৰা অভিযোগ অনুসৰি জলব’র্ডে খোৱাপানীৰ নামত জু–ৰোডবাসীক বৰবিহ যোগান ধৰিছে৷ বিগত কেইবাদিন ধৰি অঞ্চলবাসীক অনিয়মীয়া পানী যোগান ধৰাৰ লগতে খোৱাৰ অনুপযোগী পানী যোগান ধৰি আহিছে৷ ফলত বৃহত্তৰ জু–ৰোডবাসীয়ে এটুপি খোৱাপানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে৷ উল্লেখ্য যে মহানগৰবাসীক বিশুদ্ধ খোৱাপানী যোগানৰ বাবে ইতিমধ্যে চৰকাৰ–প্রশাসনে মহানগৰীত চাৰিটাকৈ বৃহৎ পানী যোগান আঁচনিৰ কাম আৰম্ভ কৰিছে যদিও সুদীর্ঘ কেইবাবছৰৰ পিছতো এইসমূহ আঁচনিৰ কাম সম্পূর্ণ কৰিব পৰা নাই৷ ৰাইজৰ লগতে বিভিন্ন দল–সংগঠনৰ হেঁচাত শীঘ্রে মহানগৰবাসীক বিশুদ্ধ খোৱাপানী যোগান ধৰা হ’ব বুলি জনপ্রতিনিধিয়ে প্রতিশ্রুতি দি আহিছে যদিও সেয়া অসাৰ প্রতিপন্ন হোৱা পৰিলক্ষিত হৈছে৷