মিঞা বিহু
অবৈধ বাংলাদেশী নাগৰিকৰ অবাধ তথা ব্যাপক হাৰত অনুপ্রৱেশ আৰু অবৈধভাৱে বসতি স্থাপন অসমৰ এটা সুদীর্ঘকালৰ অমীমাংসিত সমস্যা আৰু সংকট৷ যেতিয়ালৈকে সমস্যাটোৰ সমাধান নহ’ব অথবা নহয়, তেতিয়ালৈকে সংকটটো অসমৰ জাতীয় জীৱনৰ পৰা আঁতৰি নাযায় আৰু নতুন নতুন সমস্যাৰ সৃষ্টিহে কৰি গৈ থাকিব৷ সংকটকো ই নতুন নতুন মাত্রা আৰু গভীৰতা দান কৰি গৈ থাকিব৷ এনেধৰণৰ অবৈধ নাগৰিকৰ অবাধ অনুপ্রৱেশ আৰু ব্যাপক হাৰত বসতি স্থাপনে মূলতঃ এটা ভূখণ্ডৰ আদিবাসী, খিলঞ্জীয়া তথা মূল নিৱাসীসকলৰ বাবে সময়ত ভূমি সমস্যাৰ সৃষ্টি কৰে৷ ৰাজনৈতিক আৰু অর্থনৈতিক অধিকাৰতো আঘাত হানিবলৈ ধৰে৷ সকলোবোৰে মিলি সামাজিকভাৱে ভূখণ্ড এটাত তেওঁলোক আগ্রাসী হৈ পৰে বা পৰাৰ সম্ভাৱনা থাকে৷ সবাৰো ঊর্ধ্বত সময়ৰ গতিত এনে এটা ভয়ংকৰ সমস্যা আৰু সংকটৰ সৃষ্টি কৰে, যিটোৰ কথা অনুমান বা কল্পনা কৰিলেও মানুহৰ শৰীৰ–মন অজান আশংকাত কঁপি উঠিবলৈ বাধ্য৷ ভূখণ্ডটোত ক্রমশঃ মাটিৰ সৈতে সম্পর্ক নথকা নতুন জনসমষ্টি অথবা জনগোষ্ঠী এটা গঢ় লৈ উঠে৷ তেওঁলোক যিহেতুকে ঐতিহাসিকভাৱে সংশ্লিষ্ট ভূখণ্ডটোৰ বাসিন্দা নহয় নতুবা নাছিল, ভূখণ্ডটোৰ সভ্যতা–সংস্কৃতি, ইতিহাস আদিৰ সৈতেও তেওঁলোকৰ কোনোধৰণৰ সম্পর্ক নাথাকে৷ টান নাথাকে৷ সমস্যা–সংকটক লৈও কোনোধৰণৰ উদ্বিগ্ণতা তেওঁলোকৰ মনত সৃষ্টি নহয়৷ এটা সময়লৈকে ভূখণ্ডটো মাথোঁ জীৱিকাৰ আহিলা হৈ থাকে৷ অর্থাৎ মাটিৰ সৈতে পেটৰহে সম্পর্ক থাকে, ভূখণ্ডটোৰ সমস্যা–সংকটক লৈ তেওঁলোকে মূৰ নঘমায়৷ কিন্তু লাহে লাহে যেতিয়া জনসংখ্যা বাঢ়িবলৈ ধৰে আৰু জনসমষ্টি নতুবা জনগোষ্ঠী হিচাপে আকাৰ এটা গঢ় লৈ উঠিবলৈ আৰম্ভ কৰে, তেতিয়া ভূখণ্ডটোত সর্বতোপ্রকাৰে নিজৰ প্রভুত্ব স্থাপনৰ বাবে তেওঁলোক উঠি-পৰি লাগে৷ ভাষা–সাহিত্য–সংস্কৃতিৰ ক্ষেত্রখনতো আক্রমণ আৰম্ভ কৰি দিয়ে৷ ইতিমধ্যে তেওঁলোক ৰাজনৈতিকভাৱে উলাই কৰিব নোৱাৰা শক্তি এটাত পৰিণত হৈ উঠে৷ অসমত মিঞা মিউজিয়াম, মিঞা কবিতা আৰু শেহতীয়াকৈ মিঞা বিহু ইয়াৰে প্রতিফলন৷ পূর্ববংগীয় মূল আৰু অবৈধ বাংলাদেশী নাগৰিক মিলি বিশেষকৈ এটা বিশেষ ধর্মাৱলম্বী লোক ইতিমধ্যে অসমত ৰাজনৈতিকভাৱে অনুপেক্ষণীয় শক্তিত পৰিণত হৈছে৷ আর্থিক, বিশেষকৈ উৎপাদনৰ জগতখনৰো এটা বৃহৎ অংশ সেই মানুহখিনিৰ দখললৈ গৈছে৷ খেতিপথাৰ, মীন ক্ষেত্রখনৰো আচল উৎপাদনৰ গৰাকী সেই মানুহখিনিয়েই৷ অসমত শ্রমৰ জগতখনো তেনে লোকৰেই হাতত৷ প্রক্রিয়াটোত স্বাভাৱিকভাৱে বাকী আছিল ভাষিক–সাংস্কৃতিক আক্রমণৰ অস্ত্রপাট৷ মিঞা মিউজিয়াম, মিঞা কবিতা, মিঞা বিহু সেই চক্রান্তৰে অংশ৷
অসমত মিঞা মিউজিয়াম, মিঞা কবিতা, মিঞা অর্থাৎ কবিতা, মিউজিয়াম আদিৰ সন্মুখত বাংলাদেশী শব্দটো ব্যৱহাৰ কৰিব পৰা গ’লহেঁতেন৷ কিয়নো তথাকথিত মিঞা কবিতাত কৌশলপূর্ণভাৱে দুই–এটা অসমীয়া শব্দ ব্যৱহাৰ কৰাৰ বাহিৰে বাকীখিনি বাংলাদেশীৰ মুখৰ ভাষা৷ কিন্তু এটা নির্দিষ্ট পৰিকল্পনাৰ আধাৰত মিঞা শব্দটো ব্যৱহাৰ কৰি কৌশলপূর্ণভাৱে বাংলাদেশী শব্দটোক ব্যৱহাৰ কৰাৰ পৰা বিৰত থকা হৈছে৷ সেয়ে অসমত মিঞা মিউজিয়াম, মিঞা কবিতা, মিঞা বিহু আদি কোনো এটা জনসমষ্টিৰ আত্মপৰিচয় ৰক্ষাৰ তাগিদা নহয়, ই এটা ভূখণ্ডৰ খিলঞ্জীয়া তথা মূল নিৱাসীৰ বিৰুদ্ধে ভয়ংকৰ চক্রান্ত৷ দুই–এজনে আৱেগৰ বশৱর্তী হৈ তথাকথিত মিঞা কবিতা ৰচনা কৰিব পাৰে, মিঞা মিউজিয়ামৰ বাবে আৱেগৰ বশৱর্তী হৈ ৰাজপথত ধ্বনি দিব পাৰে, কিন্তু সেয়া যে এটা চক্রান্তৰ অংশ তেওঁলোকে তাক নুবুজাকৈয়ে কৰে৷ বিশেষ এটা ধর্মীয় গোষ্ঠীৰ যিসকল অবৈধভাৱে সীমা পাৰ হৈ অসমত অনুপ্রৱেশ কৰিছে আৰু ইয়াত অবৈধভাৱে বসবাস কৰিবলৈ লৈছে, তেওঁলোকে কেৱল মানুহ বা ব্যক্তি হিচাপেই যে অসমলৈ আহিছে তেনে নহয়, লগত এটা সংস্কৃতি, ভাষাও লৈ আহিছে৷ দেশ বিভাজনৰ ভিত্তি অর্থাৎ হিন্দুবিদ্বেষ আদিও লগত লৈ আহিছে৷ যেতিয়াই জনসংখ্যাই এটা জনগোষ্ঠীৰ আকাৰ পৰিগ্রহ কৰিব, সকলোবোৰে আশা–আকাংক্ষাৰ মোট খুলি বাস্তৱৰ প্রতিফলন বিচাৰি ওলাই আহিব৷ ধিঙত সংঘটিত ধর্ষণ কাণ্ডটো অসমৰ বাবে টার্নিং পইণ্ট হোৱাৰ সম্ভাৱনা আছে৷ ইয়ে ৰাজ্যখনৰ জনসাধাৰণক নিজৰ ভৱিষ্যতক লৈ নতুনকৈ ভাবিবলৈ অৱকাশ দিলে৷ ৰাজ্যখনত অপৰাধো এটা ষড়যন্ত্রৰ অংশ হৈ পৰিল৷ লাভ জেহাদৰ উদ্দেশ্য কাৰো অগোচৰ হৈ থকা নাই৷ কিন্তু ধর্ষণ? ই মাথোঁ অপৰাধ হৈ থকা নাই৷ একধৰণৰ যুদ্ধ ঘোষণা হৈ পৰিছে৷ ৰাজ্যখনৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ধিং কাণ্ডক অসমৰ খিলঞ্জীয়াক ভীতিগ্রস্ত কৰাৰ চক্রান্ত বুলি আখ্যা দিছে৷ মিঞা মিউজিয়াম, মিঞা কবিতা আৰু শেহতীয়াকৈ মিঞা বিহুৰ জৰিয়তে অসমৰ অমূল্য সম্পদ তথা ভূখণ্ডটোৰ পৰিচয়–স্বাভিমান, ভাষা–সংস্কৃতিৰ ওপৰত পৰিকল্পিত আক্রমণ বুলি কোৱা হৈছে৷ অসমৰ ভৱিষ্যৎ সুৰক্ষিত কৰি ৰাখিবলৈ অবৈধ বাংলাদেশী নাগৰিকৰ সমস্যাটো সমাধান কৰিবই লাগিব৷ অসমত গোপনে আহি প্রৱেশ কৰা আৰু অবৈধভাৱে বসবাস কৰা লোকসকলক এই ভূখণ্ডটোৰ পৰা চৰকাৰীভাৱে উলিয়াই পঠিয়াবই লাগিব৷ ইয়াৰ বিকল্প শূন্য৷ অবৈধ নাগৰিকসকলৰ বাবে এদিন অসমক বাংলাদেশৰ অন্তর্ভুক্ত কৰিব লাগে বুলিও দাবী উঠিব পাৰে৷ দেশ বিভাজনৰ সময়ত ভাৰতৰত্ন গোপীনাথ বৰদলৈ আদি নেতাই অসমক তদানীন্তন পাকিস্তানৰ অংশ হোৱাৰ পৰা ৰক্ষা কৰিছিল আৰু অসমবিৰোধীৰ চক্রান্ত ধ্বংস হৈছিল, তেওঁলোকৰেই কোনো বংশধৰে অসমক পুনৰ ভাৰতৰ পৰা বিচ্ছিন্ন কৰিবলৈ ভেটিও ৰচনাত লাগিব পাৰে, তাকো গভীৰভাৱে বিবেচনা কৰিব লাগিব৷ কোনো সংকটেই আচলতে গোপনে নাহে৷ অহাৰ আগেয়ে দুৱাৰত টোকৰ মাৰিবই৷ অর্থাৎ আগজাননী দিবই৷ মাথোঁ তাক অনুধাৱন কৰাৰ প্রয়োজন৷ ধিং কাণ্ডই অসমৰ জনসাধাৰণৰ চকুত আঙুলি দিছে৷ তথাকথিত মিঞা কবিতা, মিঞা মিউজিয়াম, মিঞা বিহুৱে এটা চক্রান্তক দিনৰ পোহৰৰ দৰে ফটফটীয়াকৈ তুলি ধৰিছে৷ এতিয়াই অসম নাজাগিলে জাগিব কেতিয়া?