নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অশনি সংকেত

সাম্প্রতিক বিশ্বত গোলকীয় উষ্ণতা প্রাক্–ঔদ্যোগিক সময়তকৈ গড় হিচাপত ১.১ ডিগ্রী চেণ্টিগ্রেড ওপৰত আছে আৰু এই উষ্ণায়নৰ প্রৱণতা অব্যাহত আছে৷ গোলকীয় উষ্ণতা নিয়ন্ত্রণৰ দাবীত বিশ্বজুৰি সজাগতা আৰু আন্দোলন অব্যাহত আছে যদিও ব্যাপক অর্থনৈতিক হেঁচা আৰু বিকাশৰ তাগিদাত উন্নত দেশবোৰৰ লগতে উন্নয়নশীল দেশসমূহে এইক্ষেত্রত যিমান সবল পদক্ষেপ গ্রহণ কৰাৰ প্রয়োজনীয়তা আছিল, সিমানখিনি কৰা নাই৷ ইয়াৰ একেবাৰে সহজ অর্থ হ’ল বর্তমানৰ বিশ্ব নেতৃত্বই সাম্প্রতিক যুগৰ মানৱ সম্পদৰ স্বাচ্ছন্দ্য আৰু অভিজাত জীৱন ধাৰণৰ স্বার্থত ভৱিষ্যৎ প্রজন্মক এক বিষময় বিশ্বৰ দিশে ঠেলি দিছে৷ ১৭ বছৰীয়া ছুইডিছ কিশোৰী গ্রেটা থুনবার্গৰ নেতৃত্বত সমগ্র বিশ্বতে যুৱপ্রজন্মই সজাগতা সৃষ্টিৰ বাবে যি আন্দোলন গঢ়ি তুলিছে, সেয়া নিশ্চিতভাৱে আদৰণীয়৷ এই আন্দোলন যে অলপ হ’লেও সফল হৈছে তাৰ প্রমাণ হ’ল থুনবার্গৰ দৰে এগৰাকী কমবয়সীয়া কিশোৰীক বিশ্ব জলবায়ু শীর্ষ সন্মিলনৰ দৰে অনুষ্ঠানত অংশ লোৱাৰ সুযোগ দিয়া হৈছে বিশ্বৰ আগশাৰীৰ নেতাসকলৰ সৈতে৷ আনকি কেইবাখনো দেশৰ ৰাষ্ট্রনেতাৰ সৈতে ছ’ছিয়েল মিডিয়াত তর্কযুদ্ধতো লিপ্ত হ’বলগীয়া হৈছে থুনবার্গ৷ ইয়াৰ অর্থ হ’ল– জলবায়ু পৰিৱর্তন আৰু গোলকীয় উষ্ণতা প্রতিৰোধৰ বাবে দেশসমূহে যিমানখিনি কৰিব লাগিছিল, সিমানখিনি কৰিব পৰা নাই আৰু এই কথা বিশ্ব মঞ্চত আঙুলিয়াই দিয়াৰ ফলত ৰাষ্ট্রনেতাসকল অস্বস্তিত পৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে৷ উষ্ণায়ন আৰু জলবায়ু পৰিৱর্তনৰ সমস্যাটো ইমান গভীৰ হোৱাৰ পিছতো ৰাষ্ট্রনেতাসকলে এইপর্যন্ত প্রতিৰোধমূলক ব্যৱস্থাৰ ক্ষেত্রত ঐকমত্যত উপনীত হ’ব নোৱাৰাটো দুর্ভাগ্যজনক৷ ইয়াৰ ফলতে অদূৰ ভৱিষ্যতে বিশ্ববাসী ভয়ংকৰ প্রাকৃতিক দুর্যোগৰ সন্মুখীন হ’বলগীয়া হোৱাটো অনিবার্য হৈ পৰিছে৷ শেহতীয়াকৈ প্রকাশিত এটা বাতৰি মতে ভাৰত আৰু অসমৰ বাবেও গোলকীয় উষ্ণতাই প্রলয় মাতি অনাৰ আশংকা আছে৷ নাছাৰ গর্ডাড স্পেচ ফ্লাইট চেণ্টাৰ আৰু ৱাশ্বিংটনৰ নেচনেল অ’ছেনিক এণ্ড এটম’স্ফেৰিক এডমিনিষ্ট্রেচন (নোৱা) আৰু কেলিফ’র্নিয়াৰ ষ্টেনফ’ড বিশ্ববিদ্যালয়ৰ বিজ্ঞানীসকলে প্রকাশ কৰা মতে, ব্রহ্মপুত্র অৱবাহিকাৰে মহাপ্লাৱন নামি অহাৰ সতর্কবাণী প্রেৰণ কৰিছে৷ বর্তমানৰ হাৰত উষ্ণায়ন অব্যাহত থাকিলে হিন্দুকুশ হিমালয়ৰ মহাবাহু ব্রহ্মপুত্রকে ধৰি ১০খন প্রধান নদীয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিব৷ কাৰণ নেপাল, তিব্বত আৰু চীন সংলগ্ণ হিমালয়ৰ বিশাল এলেকাজুৰি হ’ব পাৰে ভয়ংকৰ ভূমিস্খলন৷ প্রাক্–ঔদ্যোগিক সময়ৰ তুলনাত গোলকীয় উষ্ণতা ১.৫ ডিগ্রী চেণ্টিগ্রেড বৃদ্ধি পালেই এনে মহাপ্রলয় আসন্ন হৈ পৰিব৷ কাৰণ ইয়াৰ প্রভাৱ সর্বাধিকভাৱেই পৰিব পর্বতমালাসমূহত৷ বৰফ গলন–ভূমিস্খলনে মাতি আনিব দুর্যোগ৷ বিজ্ঞানীসকলে বাৰে বাৰে এনেধৰণৰ দুর্যোগৰ কথা সকীয়াই দি ১.৫ ডিগ্রী চেণ্টিগ্রেডৰ তলত উষ্ণায়ন নিয়ন্ত্রণত ৰাখিবলৈ বিজ্ঞানীসকলে পৰামর্শ আগবঢ়াই আহিছে৷ বর্তমান উষ্ণায়ন ১.১ ডিগ্রী চেণ্টিগ্রেড হোৱাৰ পিছতো চৰকাৰসমূহৰ নিষ্ক্রিয়তাৰ বাবেই উষ্ণতা বৃদ্ধিৰ প্রৱণতা অব্যাহত আছে৷ স্বাভাৱিকতে ৰাষ্ট্রনেতাসকলে তৎপৰতা প্রদর্শন নকৰাটো মানৱ সভ্যতাৰ বাবেই এক অশনি সংকেত হৈ পৰিব পাৰে৷
ডাভোছত যোৱা মাহত অনুষ্ঠিত ৱর্ল্ড ইক’নমিক ফ’ৰামত এই বিষয়টোক লৈ বিশেষভাৱে সৰৱ হৈ পৰিছিল থুনবার্গ৷ বিজ্ঞানীসকলৰ মতে, উষ্ণায়ন যদি ২ ডিগ্রী চেণ্টিগ্রেডলৈ বৃদ্ধি পায়, তেন্তে সভ্যতা গঢ় লৈ উঠা ব্রহ্মাণ্ডৰ একমাত্র গ্রহটো আৰু বাসোপযোগী হৈ নাথাকিব৷ ইতিমধ্যে গ্রীষ্ম প্রবাহ, বনজুই, সমুদ্রপৃষ্ঠৰ উচ্চতা বৃদ্ধিৰ ফলত জলবায়ুৰ ব্যাপক পৰিৱর্তন পৰিলক্ষিত হৈছে৷ থুনবার্গৰ মতে, গোলকীয় উষ্ণতা নিয়ন্ত্রণৰ বাবে এই সময়খিনিয়েই হ’ল মানৱ সভ্যতাৰ বাবে শেষ সুযোগ৷ কিয়নো উষ্ণায়ন যদি ১.৫ ডিগ্রী চেণ্টিগ্রেডলৈ বৃদ্ধি পায়, তেন্তে ইয়াক ২ ডিগ্রী চেণ্টিগ্রেডৰ তলত ৰখাটোও এক অপ্রতিৰোধ্য প্রত্যাহ্বানৰ ৰূপত থিয় হ’ব পাৰে৷ বিজ্ঞানীসকলে কেইবাবছৰৰো পূর্বেই এই কথা সোঁৱৰাই দি সতর্ক কৰি দিছিল যে অত্যধিক নির্গমনে পেলোৱা প্রভাৱে পৰৱর্তী সময়ত মানুহৰ সকলো প্রতিৰোধমূলক ব্যৱস্থাকে নিষ্ক্রিয় কৰি তোলাৰ প্রবল সম্ভাৱনা আছে৷ প্রকাশিত তথ্য মতে, বর্তমান প্রতিবছৰে ৪২ বিলিয়ন টনকৈ নির্গমন হৈ আছে গ্রীনহাউছ গেছৰ৷ এই হাৰত নির্গমন অব্যাহত থাকিলে ৮ বছৰৰ ভিতৰতে উষ্ণায়ন ১.৫ ডিগ্রীলৈ বৃদ্ধি পোৱাটো নিশ্চিত৷ সেয়ে সাম্প্রতিক সময়ত সামান্যতম উষ্ণায়ন বৃদ্ধিৰ মানৱ সভ্যতাৰ বাবে উদ্বেগৰ বিষয়৷ ইয়াৰ পিছতো জলবায়ু পৰিৱর্তনক লৈ সমগ্র বিশ্বতে সৃষ্টি হোৱা শংকাৰ প্রতি ৰাষ্ট্রনেতাসকলে কামে–কাজে সঁহাৰি প্রদর্শন কৰিবলৈ অপাৰগ হোৱাটো দুর্ভাগ্যজনক৷

You might also like