অসমীয়া প্রকাশন উদ্যোগৰ সংকট
অসমীয়া প্রকাশন উদ্যোগ মূলতঃ গ্রন্থ আৰু আলোচনী–বাতৰি কাকতকেন্দ্রিক৷ বিগত কেইবছৰমানৰ পৰাই অসমীয়া কিতাপ প্রকাশৰ ব্যৱসায় বেয়া হৈ আহিছিল বুলি বিভিন্ন মহলত আলোচিত হৈ আহিছিল৷ তেনেদৰে বাতৰিকাকত, আলোচনীৰো বিক্রী কমি আহিছিল৷ কিন্তু এটা কথা সত্য যে অসমীয়া কিতাপ প্রকাশৰ হাৰ কিন্তু কমা নাছিল, বৰং বৃদ্ধি পোৱাহে দেখা গৈছিল৷ এই পৰিৱর্তনৰ মূল কাৰণ হিচাপে চিনাক্ত কৰা হৈছিল চৰকাৰে ছাত্রক বিনামূলীয়াকৈ দিয়া পাঠ্যপুথি আৰু টেলিভিছন–ইণ্টাৰনে ব্যাপক ব্যৱহাৰ৷ এই কাৰণ দুটা কোনোপধ্যেই উলাই কৰিব পৰা বিধৰ নহয়৷ এতিয়া শেহতীয়াভাৱে ক’ৰোনাৰ আক্রমণে এই প্রকাশন উদ্যোগটিক একেবাৰে মাধমাৰ দিলে৷ এই আক্রমণ অকল অসমৰ প্রকাশন উদ্যোগকেই কৰা নাই, সমগ্র ভাৰতৰ একেই অৱস্থা৷ অসমৰ কেইবাখনো কাকতৰ প্রকাশ সাময়িকভাৱে বন্ধ হৈ গৈছে, কাকতৰ পৰিপূৰিকাবোৰ প্রকাশ হোৱা নাই, আলোচনী প্রকাশ হোৱা নাছিল, শেহতীয়াভাৱে প্রকাশ হ’বলৈ লৈছে যদিও তাৰ আকৃতি সৰু হৈছে৷ কিতাপৰ দোকানত বিক্রী নাই, কিন্তু অনলাইনত কম পৰিমাণে হ’লেও বিক্রী হৈ আছে৷ কেইদিনমান কিতাপৰ হোম ডেলিভাৰী দিয়া খবৰো প্রকাশ হৈছিল৷ বিশেষকৈ অনলাইন আৰু হোম ডেলিভাৰী ব্যৱস্থা ভৱিষ্যতেও ৰৈ যোৱাৰ সম্ভাৱনা নথকা নহয়৷ অনলাইন কিতাপ বিক্রী আগতে প্রতিষ্ঠিত প’র্টেলৰ যোগে হৈ আছিল, কিন্তু কেৱল লকডাউনৰ সময়তে স্থানীয়ভাৱে এনে ব্যৱসায় আৰম্ভ হৈছে আৰু এই পৰিৱর্তন গ্রন্থ ব্যৱসায়ৰ বাবে ভাল লক্ষণ বুলিয়েই ক’ব লাগিব৷ কথা হ’ল অসমীয়া কিতাপ আৰু আলোচনী, বাতৰিকাকতক ক’ৰোনাই আক্রান্ত কৰিছে ঠিকেই, কিন্তু স্বাস্থ্য আগৰে পৰা দুর্বল হৈ থকা বাবে ইয়াত তাৰ কামোৰটিৰ ফল অধিক ভয়ংকৰ ৰূপত প্রকট হৈ উঠিছে৷ এইটো ঠিক যে বাহিৰৰ পৰা কেতিয়াও কোনো ব্যৱসায়ৰ ভিতৰৰ অৱস্থাৰ কথা ক’ব নোৱাৰে বা অনুমান কৰাও সম্ভৱ নহয়৷ কিন্তু এইটো অনুমান কৰিব পাৰি যে কোনো ব্যৱসায়ীয়ে কেৱল লোকচান ভৰি এটা ব্যৱসায় কৰি নথকাৰ দৰে নচলা কাকত বা আলোচনী এখন এজন পেছাদাৰী প্রকাশকে প্রকাশ কৰি থাকিব৷ এসময়ত এখন অসমীয়া কিতাপ এটা সংস্কৰণত কমেও দুহেজাৰ কপী ছপা হোৱাৰ পৰিৱর্তে এতিয়া তিনিশ কপী ছপা হোৱাৰ সময়তো গ্রন্থ প্রকাশৰ ব্যৱসায়টি একেই ধৰণে চলি আছে, বৰং ছপাৰ মান উন্নতহে হৈ আহিছে৷ গতিকে প্রকাশন উদ্যোগৰ অৱস্থা আচলতে কেনেকুৱা বাহিৰৰ পৰা কোৱা সঁচাকৈয়ে কঠিন৷
তথাপিতো ক’ৰোনাই অসমৰ প্রকাশন উদ্যোগক এবাৰ আত্ম সমালোচনা কৰি চোৱাৰ সুবিধা দিলে৷ অসমত অনলাইনযোগে কিতাপ বিক্রীৰ ব্যৱস্থাটো আগৰ পৰাই আছিল, কিন্তু দুই–একৰ বাহিৰে অধিকাংশই তাক গভীৰভাৱে লোৱা নাছিল৷ বাতৰিকাকতবোৰৰ অনলাইন সংস্কৰণ আছিল আৰু সকলোবোৰেই আছিল বিনামূলীয়া৷ এতিয়াহে সেই বিনামূলীয়া সংস্কৰণৰ পৰা অর্থ উপার্জন কৰাৰ কথা ভাবিছে৷ আলোচনীবোৰেতো সেইবোৰ কথা ভবাই নাই৷ এটা কথা ঠিক যে ইণ্টাৰনেটে আমাৰ ব্যক্তিগত জীৱনক যেনেদৰে প্রভাৱিত কৰিছে তাৰ প্রকাশ কিন্তু আমাৰ সংবাদ পত্র বা প্রকাশন উদ্যোগত প্রতিফলিত হোৱা নাছিল৷ ইয়াৰ প্রধান কাৰণ আছিল প্রযুক্তিবিদ্যাৰ নতুন অৱদানলৈ আগ্রহ প্রদর্শন নকৰাৰ স্বাভাৱিক মানসিকতা৷ কেইদিনমান আগলৈকে কর্মহীন যুৱক–যুৱতীৰ আড্ডাস্থলী বুলি পেংলাই কৰি থকা ফেচবুকৰ দৰে ছ’চিয়েল মিডিয়াই যেতিয়া সংবাদ মাধ্যমত জোকাৰণি তুলিলে তেতিয়াহে আমাৰ সংবাদ মাধ্যমে কথাটি গুৰুত্বসহকাৰে ল’বলৈ আৰম্ভ কৰিলে৷ ক’ৰোনাই আমাৰ সাামজিক আৰু মানসিক জীৱনক বিভিন্নধৰণে প্রভাৱিত কৰিছে আৰু পৰিৱর্তনো লৈ আহিছে৷ প্রকাশন উদ্যোগে এই পৰিৱর্তনৰ কথা মনত ৰাখি নিজকে সাজু কৰিলেহে উদ্যোগটি উজ্জীৱিত হৈ উঠিব বুলি আশা কৰিব পাৰি৷