আশাৰ ৰেঙনি
আমেৰিকাত ক’ভিড–১৯ৰ প্রতিষেধক প্রস্তুত কৰাৰ বাবে গ্রহণ কৰা প্রচেষ্টাৰ পিছত এইবাৰ চীনেও মানৱ জাতিক ঘাতক মহামাৰীৰ পৰা ৰক্ষা কৰিবলৈ প্রতিষেধকৰ পৰীক্ষা–নিৰীক্ষা আৰম্ভ কৰিছে৷ আমেৰিকাত যোৱা মাহতে ক’ৰোনা ভাইৰাছৰ ভেকচিনৰ পৰীক্ষামূলক প্রয়োগ মানৱদেহত কৰা হৈছে৷ ৪৫জন স্বেচ্ছাসেৱক এই পৰীক্ষামূলক ভেকচিন ল’বলৈ আগবাঢ়ি আহিছে৷ বিভিন্ন বয়সৰ এই লোকসকলক ভেকচিনৰ বেলেগ বেলেগ ড’জ দিয়া হৈছে৷ গৱেষকসকলে এই সম্ভাব্য ভেকচিন মুকলি বজাৰত বিক্রীৰ বাবে উলিয়াই দিয়াৰ পূর্বে নিৰাপত্তাজনিত দিশটো সম্পূর্ণৰূপে নিশ্চিত কৰিব খুজিছে৷ ইয়াৰ লগতে নিশ্চিত কৰিব খুজিছে এই ভেকচিন ক’ৰোনা ভাইৰাছৰ বাবে কিমান ফলপ্রসূ৷ গতিকে মুকলি বজাৰত ভেকচিন উলিয়াই দিয়াৰ বাবে সময়ৰ প্রয়োজন হ’ব৷ বিশ্ব স্বাস্থ্য সংস্থাই ইতিমধ্যে এবছৰলৈ অপেক্ষা কৰিব লাগিব বুলি প্রকাশ কৰিছে৷ লক্ষণীয়ভাৱে ধনকুবেৰ বিল গেটছেও নিজৰ বেচৰকাৰী সংস্থাৰ জৰিয়তে ভেকচিন প্রস্তুতৰ বাবে গৱেষণাত ধন বিনিয়োগ কৰিছে৷ এই সময়খিনি জটিল আৰু অনিশ্চয়তাভৰা হ’লেও আমি আশা কৰিব পাৰোঁ যে ক’ৰোনা ভাইৰাছৰ ভেকচিন নিশ্চিতভাৱে ওলাব৷ শেহতীয়া বাতৰি মতে, চীনৰ ৰাষ্ট্রপতি ঝি জিনপিঙে তেওঁলোকৰ দেশৰ বিজ্ঞানীয়ে উদ্ভাৱন কৰা প্রতিষেধকৰ পৰীক্ষামূলক প্রয়োগৰ বাবে অনুমতি প্রদান কৰিছে৷ মানৱ শৰীৰত প্রতিষেধক প্রয়োগ প্রক্রিয়া সম্পন্ন কৰাৰ বাবে পাঁচশজন স্বেচ্ছাসেৱক আগবাঢ়ি আহিছে৷ এই ভেকচিনৰ পৰীক্ষামূলক প্রয়োগ যদি সফল হয়, আৰু যোৱা মার্চ মাহত আমেৰিকাত ব্রিটিছ ঔষধ নির্মাতা মডার্নাই চলোৱা পৰীক্ষামূলক প্রয়োগতো যদি আশানুৰূপ ফলাফল ওলায়, তেন্তে ক’ৰোনা ভাইৰাছৰ বিৰুদ্ধে মানুহৰ যুদ্ধ সফল হোৱাৰ সম্ভাৱনা প্রবল হৈ পৰিব৷ বিজ্ঞানীৰ গৱেষণাৰ এই অগ্রগতিয়ে নিশ্চিতভাৱে ক’ৰোনা ভাইৰাছৰ দিশতে আশাৰ ৰেঙনি কঢ়িয়াই আনিছে ৷
হতাশাক প্রশ্রয় নিদিয়াটো এই মুহূর্তত অত্যন্ত গুৰুত্বপূর্ণ৷ ইয়াৰ শিক্ষা দিব পাৰে বুৰঞ্জীয়ে৷ মানুহে শ শ বছৰৰ পৰা ভাইৰাছৰ আক্রমণৰ বিৰুদ্ধে সংগ্রাম কৰিছে৷ অতি জটিল সময়ৰ সন্মুখীন হোৱাৰ পিছতো মানুহে ভাইৰাছক পৰাভূত কৰিবলৈ সক্ষম হয়৷ বৰআইৰ দৰে ৰোগ নির্মূল কৰিও দেখুৱাইছে চিকিৎসক আৰু বিজ্ঞানীয়ে৷ ক’ৰোনা ভাইৰাছে যি ব্যাপক হাৰত সংহাৰ চলাইছে তাৰ পৰা ইয়াক মাথোঁ স্পেনিছ ফ্লুৰ সৈতেহে তুলনা কৰিব পাৰি৷ ১৯১৮ চনত স্পেনিছ ফ্লুৱে মানুহক আক্রমণ কৰা আৰম্ভ হৈছিল৷ আঢ়ৈ বছৰৰো অধিক সময়জুৰি ইয়াৰ সংহাৰ অব্যাহত আছে৷ কিমান লোক আক্রান্ত হৈছিল আৰু কিমানজনৰ মৃত্যু হৈছিল তাৰ নিশ্চিত হিচাপক লৈ ঐকমত্যত উপনীত হোৱাটো কঠিন৷ কিন্তু সাধাৰণ হিচাপ মতে ৫০ কোটি মানুহ এই ৰোগত আক্রান্ত হৈছিল আৰু মৃত্যু ঘটিছিল ৫ কোটি মানুহৰ৷ ইয়াৰ পৰাই প্রমাণ হয় যে ক’ৰোনা ভাইৰাছতকৈও ভয়াৱহ দিন মানুহে দেখি আহিছে আৰু ইয়াৰ সৈতে মোকাবিলা কৰি জয়ী হৈছে৷ স্পেনিছ ফ্লুৰ দিনতকৈ আজিৰ চিকিৎসা বিজ্ঞান বহুখিনি আগবঢ়া৷ গতিকে মানুহে এই বিপদ আৰু দুর্যোগৰ সময়ত ধৈর্য আৰু সাহসৰ পৰিচয় দিবই লাগিব৷ বিজ্ঞানৰ জৰিয়তে মানুহে মাৰাত্মক ৰোগৰ বিৰুদ্ধে সংগ্রাম অব্যাহত ৰাখিবলৈ সক্ষম হৈছে৷ এই পর্যন্ত যিমানবোৰ মহামাৰীয়ে দুর্যোগপূর্ণ সময় কঢ়িয়াই আনিছে সেই সকলোবোৰতে বিজ্ঞানৰ জৰিয়তে মানুহে জয় সাব্যস্ত কৰিবলৈ সক্ষম হৈছে৷ এইবাৰো একেদৰেই মানুহে ক’ৰোনা ভাইৰাছক পৰাভূত কৰিবলৈ সক্ষম হ’ব বুলি বিশ্বাস কৰাটো এতিয়া দৈনন্দিন জীৱনৰ অতিকৈ জৰুৰী কথা হৈ পৰিছে ৷