নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উন্নাও

সমগ্র দেশ কঁপাই যোৱা নির্ভয়া কাণ্ডৰ আৰু কেইটামান দিনৰ পাছতে ৭ বছৰ পূর্ণ হ’ব৷ ২০১২ চনৰ ১৬ ডিচেম্বৰত দক্ষিণ দিল্লীৰ মুর্নিকাৰ চলন্ত বাছৰ ভিতৰতে সংঘটিত এই জঘন্য ঘটনাৰ বিৰুদ্ধে প্রতিবাদমুখৰ হৈ পৰিছিল সর্বস্তৰৰ জনতা৷ প্রত্যেকেই বিচাৰিছিল– একবিংশ শতিকাৰ আধুনিক সমাজক লজ্জানত কৰা এই ঘটনাত জড়িত প্রতিজন অপৰাধীয়ে কঠোৰতম শাস্তি পাওক আৰু ইয়াতেই অন্ত পৰক এনেধৰণৰ পাশৱিক কর্মকাণ্ডৰ৷ ইতিমধ্যে নির্ভয়া কাণ্ডৰ চাৰি নৰাধম ফাঁচিকাঠত ওলোমাটো প্রায় নিশ্চিত হৈছে৷ পিছে সমাজক কলংকিত কৰা বলাৎকাৰৰ দৰে নাৰকীয় কার্যৰ নির্ভয়া কাণ্ডতেই যতি নপৰিল৷ দেশৰ ভিন্ন প্রান্তত এনেধৰণৰ ঘটনাই নিতৌ সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰি আহিছে৷ আনকি প্রৌঢ়–বৃদ্ধৰ কামনাৰ পৰা ৰেহাই পোৱা নাই কণমানি শিশুও৷ অসমতো ধর্ষণ–নাৰী নির্যাতন দিনকদিনে বৃদ্ধি পাব ধৰিছে৷ অতি শেহতীয়া চৰকাৰী তথ্য অনুসৰি ২০১৬ চনৰ এপ্রিল মাহৰ পৰা চলিত ২০১৯ চনৰ অক্টোবৰ মাহপর্যন্ত এই ৩ বছৰ ৬ মাহৰ ভিতৰতে ৬,৫২৮টা ধর্ষণৰ ঘটনা ঘটিছে৷ কেৱল গুৱাহাটীতে এই সময়ছোৱাত সংঘটিত এনে ঘটনাৰ সংখ্যা ২৪৮টা৷ সমগ্র বিষয়টোক লৈ বিভিন্ন পর্যায়ত বিভিন্ন ধৰণৰ চর্চা অব্যাহত থকাৰ মাজতে তেলেংগানাৰ ছামচাবাদ আৰু উত্তৰপ্রদেশৰ উন্নাওত সংঘটিত দুটা ঘটনাই দেশবাসীৰ গাৰ নোম শিয়ৰাই তুলিছে৷ যোৱা ২৭ নৱেম্বৰত হায়দৰাবাদৰ নিকটৱর্তী ছামচাবাদৰ এটা টোল প্লাজাৰ সমীপত এগৰাকী পশু চিকিৎসকক চাৰি নৰপশুৱে বলাৎকাৰৰ অন্তত হত্যা কৰি প্রায় ৩০ কিলোমিটাৰ দূৰৈৰ ছাদনগৰৰ ৰাজপথত মৃতদেহ জ্বলাই দিছিল৷ ঘটনাৰ ২৪ ঘণ্টাৰ ভিতৰতে তেলেংগানা আৰক্ষীয়ে চাৰি অপৰাধীক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ কিন্তু তদন্তৰ স্বার্থত ঘটনাৰ পুনৰ চিত্রায়ণৰ বাবে ছাদনগৰৰ নির্দিষ্ট স্থানলৈ নিয়াৰ সময়তে আৰক্ষীৰ অস্ত্র কাঢ়ি পলাবলৈ চেষ্টা কৰা আটাইকেইজন অপৰাধীৰেই যোৱা ৬ ডিচেম্বৰত এনকাউণ্টাৰত মৃত্যু হৈছে৷ এনকাউণ্টাৰৰ বিষয়টোক লৈ বিতর্কৰ সৃষ্টি হ’লেও তেলেংগানা আৰক্ষীক এইক্ষেত্রত প্রশংসা কৰিছে সর্বসাধাৰণ জনতাই৷ আনকি নির্যাতিতা পশু চিকিৎসকগৰাকীৰ পিতৃয়ে সংবাদ মাধ্যমৰ আগত কৈছে যে মোৰ কন্যাৰ আত্মাই নিশ্চয় শান্তি পাইছে৷ ছামচাবাদৰ এই ধর্ষণ–হত্যাকাণ্ডক লৈ দেশ প্রতিবাদমুখৰ হৈ থকাৰ সময়তে উত্তৰ প্রদেশৰ উন্নাওত যোৱা ৫ ডিচেম্বৰত ৰাজপথতে জ্বলাই দিয়া হ’ল এগৰাকী ২৩ বছৰীয়া ধর্ষিতাক৷ শৰীৰৰ ৯০ শতাংশই অগ্ণিদগ্ধ হোৱা যুৱতীগৰাকীয়ে মৃত্যুৰে যুঁজি অৱশেষত যোৱা ৬ ডিচেম্বৰৰ নিশা শেষ নিশ্বাস ত্যাগ কৰে দিল্লীত ছফডৰজং হাস্পতালত৷ এই দুটা ঘটনাৰ পাছত পুনৰ প্রশ্ণ উত্থাপন হৈছে– আজিৰ একবিংশ শতিকাৰ সমাজত প্রকৃততে নাৰী সুৰক্ষিতনে?
উন্নাও– উত্তৰপ্রদেশৰ ৰাজধানী লক্ষ্ণৌৰ পৰা ৬৫ কিলোমিটাৰ আৰু কানপুৰৰ পৰা ২৫ কিলোমিটাৰ দূৰত অৱস্থিত৷ উত্তৰপ্রদেশৰ এই ঔদ্যোগিক চহৰ তথা জিলাখন ব্যাপকভাৱে চর্চালৈ আহিছিল ১৭ বছৰীয়া এগৰাকী নাবালিকাক দুবছৰ পূর্বে তদানীন্তন বিজেপি বিধায়ক কুলদীপ ছেংগাৰে ধর্ষণ কৰাৰ অভিযোগক কেন্দ্র কৰি৷ এই অভিযোগে বিগত লোকসভা নির্বাচনৰ আগে–পিছে দেশৰ ৰাজনৈতিক বতাহ উত্তপ্ত কৰি তুলিছিল৷ এক কথাত ক’বলৈ গ’লে উন্নাও ‘ধর্ষণৰ ৰাজধানী’লৈ পর্যবসিত হৈছে৷ কেৱল উন্নাওতেই চলিত বছৰৰ জানুৱাৰীৰ পৰা নৱেম্বৰলৈ এই ১১ মাহত সংঘটিত হৈছে ৮৬টা ধর্ষণ কাণ্ড আৰু ১৮৫টা যৌন নির্যাতনৰ ঘটনা৷ জিলাখনৰ প্রধানতঃ অছোহা, অজগেন, মাখি আৰু ৰাংগৰমউত এনেধৰণৰ ঘটনা সর্বাধিক৷ আটাইতকৈ গুৰুত্বপূর্ণ কথাটো হ’ল এনে কু–কার্য প্রতিৰোধ তথা অপৰাধীক কৰায়ত্ত কৰাৰ ক্ষেত্রত উত্তৰপ্রদেশ আৰক্ষীৰ ভূমিকাক লৈ উত্থাপন হৈছে অভিযোগ৷ ৰাষ্ট্রীয় সংবাদ মাধ্যমত প্রকাশিত বাতৰি অনুসৰি ৰাজনীতিকৰ নির্দেশ অবিহনে এটা খোজো নিদিয়ে আৰক্ষীয়ে৷ আৰক্ষীয়ে যদি ক্ষিপ্র ব্যৱস্থা গ্রহণ কৰিলেহেঁতেন, তেন্তে ৰায়বেৰেলীৰ আদালতলৈ সাক্ষ্য দিবলৈ যোৱাৰ পথত যোৱা ৫ ডিচেম্বৰত এগৰাকী ধর্ষিতাক অপৰাধী চক্রই ৰাজপথত জ্বলাই দিবলৈ সাহস নকৰিলেহেঁতেন৷ জীৱন্ত অৱস্থাতে যিকেইজন লোকে ধর্ষিতা যুৱতীগৰাকীৰ দেহত অগ্ণিসংযোগ কৰিছিল, তাৰ দুজনৰ বিৰুদ্ধে ইতিপূর্বে গোচৰ ৰুজু কৰা হৈছিল৷ কিন্তু ইয়াৰে এজনক আৰক্ষীয়ে গ্রেপ্তাৰ কৰিবলৈয়ে সক্ষম নহ’ল৷ তদুপৰি অভিযোগ দাখিলৰ তিনি মাহ পাছতহে আৰক্ষীয়ে গোচৰ ৰুজু কৰিছিল৷ ধর্ষণৰ দৰে জঘন্য কাণ্ডত লিপ্ত অপৰাধীক তুৰন্তে কৰায়ত্ত কৰি ফাষ্ট ট্রেক ক’টত বিচাৰৰ ব্যৱস্থা কৰিব লাগে– এই দাবী নির্ভয়া কাণ্ডৰ পূর্বৰে পৰা উত্থাপন হৈ আহিছে৷ কিন্তু বাস্তৱত বিষয়টোৱে আইনৰ ৰক্ষকসকলৰ ওচৰত কিমান গুৰুত্ব পাইছে, সেয়া পুনৰ উন্মোচিত কৰিলে উন্নাওৰ লোমহর্ষক ঘটনাই৷

You might also like