‘ক’ভিড–১৯’ৰ প্রভাৱ
পৃথিৱীৰ ১৪৫খন দেশলৈ সংক্রমিত হোৱা প্রাণঘাতী ন’ভেল ক’ৰোনা ভাইৰাছ (ক’ভিড–১৯)ক বিশ্ব স্বাস্থ্য সংস্থাই ‘মহামাৰী’ ৰূপে চিহ্ণিত কৰাৰ সমান্তৰালভাৱে ভাৰত চৰকাৰেও ইয়াক ৰাষ্ট্রীয় দুর্যোগ হিচাপে ঘোষণা কৰিছে৷ চীনৰ য়ুহানৰ পৰা সংক্রমণ হোৱা ন’ভেল ক’ৰোনা ভাইৰাছত বর্তমান পর্যন্ত ১,৫৭,২৯২জন লোক আক্রান্ত হৈছে৷ ইয়াৰে মৃত্যু হৈছে ৫,৮৮৪জনৰ৷ অৱশ্যে সুখৰ কথা যে আক্রান্তসকলৰ ৭৫,৯৪১জনক চিকিৎসকে সুস্থ কৰি তুলিবলৈ সক্ষম হৈছে৷ ভাৰততো দিনক দিনে বৃদ্ধি পাইছে ন’ভেল ক’ৰোনা ভাইৰাছৰ আক্রান্তৰ সংখ্যা৷ কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ৰ তথ্য অনুসৰি দেওবাৰৰ দিনৰ ভাগলৈ আক্রান্তৰ সংখ্যা হৈছে ১০৭জন৷ ইয়াৰে ১৭জন বিদেশী হোৱাৰ বিপৰীতে বাকী ৯০জনেই ভাৰতীয় নাগৰিক৷ তদুপৰি তিনিজন লোকে ইতিমধ্যে মৃত্যুক সাবটি লৈছে৷ মুঠৰ ওপৰত বিশ্বৰ অন্য প্রান্তৰ দৰে ভাৰততো বিয়পি পৰিছে ন’ভেল ক’ৰোনা ভাইৰাছৰ আতংক৷ সংক্রমণৰ সমান্তৰালভাৱে এই মাৰাত্মক ভাইৰাছবিধে মন্দাৱস্থা বিৰাজ কৰা দেশৰ অর্থনীতিত অভাৱনীয়ভাৱে বিৰূপ প্রভাৱ পেলাইছে৷ যদিহে বর্তমানৰ এই অৱস্থাৰ উপশম নঘটে, তেন্তে দেশৰ অর্থনীতি সাংঘাতিক ধৰণে ক্ষতিগ্রস্ত হোৱাৰ সম্ভাৱনা প্রকট৷ যোৱা বৃহস্পতিবাৰে দেশৰ শ্বেয়াৰ সূচকৰ বৃহৎ পতন ঘটে৷ ছেনছেক্স ২,৯১৯ পইণ্ট পতন ঘটি হয়গৈ ৩২,৭৭৮ পইণ্ট, যিটো বিগত প্রায় আঢ়ৈ বছৰৰ ভিতৰত আটাইতকৈ নিম্নগামী৷ একেদৰে নিফ্টিৰো প্রায় ৮৬৮ পইণ্ট পতন ঘটি অৱস্থান কৰে ৯,৫৯০ পইণ্টত৷ অকল ছেনছেক্স–নিফ্টিৰ পতন ঘটাই নহয়, ডলাৰৰ তুলনাত ক্রমশঃ হ্রাস পাব ধৰিছে ভাৰতীয় মুদ্রাৰ মূল্য৷ ভাৰতৰ দৰে বিশ্ব অর্থনীতিতো ন’ভেল ক’ৰোনা ভাইৰাছে বিৰূপ প্রভাৱ পেলাইছে৷ চাহিদা বৃদ্ধি পোৱাৰ বিপৰীতে আমদানি–ৰপ্তানি স্তব্ধ হৈ পৰিছে মাৰাত্মক ভাইৰাছবিধ সংক্রমণ হোৱা প্রতিখন দেশতে৷ বিভিন্ন সংবাদ মাধ্যমত বিশেষজ্ঞসকলে দাবী কৰা মতে, আন্তর্জাতিক ব্যৱসায়ৰ পথ বন্ধ হৈ পৰিলে যিদৰে বিভিন্ন দেশে উৎপাদিত সামগ্রী বিক্রী কৰাৰ ক্ষেত্রত বাধাৰ সন্মুখীন হয়, সেইদৰে সমাগ্রী উৎপাদনৰ বাবে প্রয়োজনীয় কেঁচামাল আমদানি কৰাৰ ক্ষেত্রতো প্রতিবন্ধকতাৰ সৃষ্টি হয়৷ যিটোৱে স্থবিৰ কৰি তুলিব পাৰে এখন দেশৰ অর্থনীতি৷ উদাহৰণস্বৰূপে ন’ভেল ক’ৰোনা ভাইৰাছৰ সংক্রমণৰ আশংকাতে বিগত সময়ছোৱাত চীনৰ পৰা বিভিন্ন ধৰণৰ কেঁচামাল আমদানি বন্ধ হৈ পৰাৰ পৰিপ্রেক্ষিতত ভাৰতৰ দৰে বহু দেশে চীনৰ বিকল্প হিচাপে আন দেশৰ পৰা অধিক দৰত কেঁচামাল ক্রয় কৰিবলগীয়া হৈছে৷ যাৰ ফলত ৰাজকোষৰ পৰা মাত্রাধিক পৰিমাণত ধন ওলাই গৈছে৷ এনে অৱস্থাত ন’ভেল ক’ৰোনা ভাইৰাছৰ সংক্রমণ প্রতিৰোধ কৰি অর্থনীতিত ইয়াৰ বিৰূপ প্রভাৱ কিদৰে আঁতৰ কৰিব পৰা যায়, সেইটো যথেষ্ট গুৰুত্বপূর্ণ বিষয় হৈ পৰিছে৷
অর্থনীতিৰ দৰে ন’ভেল ক’ৰোনা ভাইৰাছৰ সংক্রমণৰ বিৰূপ প্রভাৱ পৰিছে দেশৰ কূটনৈতিক ক্ষেত্রতো৷ একমাত্র মাৰাত্মক ভাইৰাছবিধৰ কাৰণেই কূটনৈতিক দিশৰ পৰা অতি সুদূৰপ্রসাৰী ৰূপে চিহ্ণিত প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ কেইবাটাও বিদেশ ভ্রমণসূচী ইতিমধ্যে বাতিল কৰা হৈছে৷ প্রায় ৪ মাহ পূর্বে প্রধানমন্ত্রী মোদীৰ ব্রাছেলছ ভ্রমণসূচী স্থিৰ কৰা হৈছিল৷ প্রধানমন্ত্রী মোদীৰ এই ভ্রমণসূচীৰ মাজতে ইউৰোপীয় ইউনিয়নৰ সৈতে ভাৰতৰ এখন বৈঠক অনুষ্ঠিত হ’লহেঁতেন৷ দেশৰ অর্থনীতিক মন্দাৱস্থাৰ গ্রাসৰ পৰা মুক্ত কৰাৰ ক্ষেত্রত এই বৈঠকখনে বিশেষ চর্চা লাভ কৰিছে৷ ইউৰোপৰ বিভিন্ন দেশৰ পৰা ভাৰতত বিনিয়োগ কৰোৱা আৰু সেই দেশসমূহলৈ ভাৰতৰ ৰপ্তানি বৃদ্ধি কৰাই আছিল বৈঠকখনৰ প্রধান আলোচ্য বিষয়৷ কিন্তু প্রধানমন্ত্রী মোদীৰ এই বহুপ্রতীক্ষিত ব্রাছেলছ ভ্রমণ পূর্বনির্ধাৰিতভাৱে হ’বনে নাই তাক লৈ সম্প্রতি আশংকাৰ সৃষ্টি হৈছে৷ আনকি কেন্দ্রীয় বৈদেশিক পৰিক্রমা মন্ত্রালয়ে বর্তমান পর্যন্ত এই বিষয়ে কোনো তথ্য আনুষ্ঠানিকভাৱে সদৰী কৰা নাই৷ সেইদৰে প্রধানমন্ত্রী মোদীৰ বাংলাদেশ ভ্রমণসূচীও স্থিৰ কৰা হৈছিল৷ ভাৰত–বাংলাদেশৰ মাজত বন্দৰ আৰু জলপথ ব্যৱহাৰৰ বিষয়টোৱে এই ভ্রমণসূচীত গুৰুত্ব লাভ কৰিলেহেঁতেন৷ কিন্তু ন’ভেল ক’ৰোনা সংক্রমণে প্রধানমন্ত্রী মোদীৰ এই ভ্রমণসূচীত প্রতিবন্ধকতাৰ সৃষ্টি কৰিছে৷ প্রতিৰক্ষা খণ্ডত ভাৰত–আমেৰিকাৰ দ্বিপাক্ষিক সহযোগিতাক কাগজে–কলমে চূড়ান্ত ৰূপ দিবলৈ ১৪ মার্চত দিল্লী ভ্রমণসূচী স্থিৰ হৈছিল মার্কিন প্রতিৰক্ষা সচিব মার্ক এস্পাৰেৰ৷ পিছে প্রাণঘাতী ভাইৰাছবিধৰ বাবেই মার্কিন প্রতিৰক্ষা সচিবজনৰ এই ভ্রমণসূচী ইতিমধ্যে বাতিল কৰা হৈছে৷ এইদৰেই ন’ভেল ক’ৰোনা ভাইৰাছে মাধমাৰ সোধাইছে দেশৰ অর্থনীতি আৰু কূটনৈতিক খণ্ডত৷ যদিহে ‘ক’ভিড–১৯’ৰ তাৎক্ষণিক সংক্রমণ প্রতিৰোধ সম্ভৱ নহয়, তেন্তে ভাৰতৰ লগতে সমগ্র বিশ্বই সন্মুখীন হ’ব লাগিব এক ভয়াৱহ সময়ৰ৷