গুৱাহাটী পৌৰ নিগমৰ নির্বাচন
ৰঙালী বিহুৰ উছাহৰ মাজতে অহা ২২ এপ্রিলত অনুষ্ঠিত হ’ব লগা গুৱাহাটী পৌৰ নিগমৰ নির্বাচনক কেন্দ্র কৰি ব্যাপক ৰাজনীতিৰ তৎপৰতা আৰম্ভ হৈছে৷ এইবাৰ গুৱাহাটী পৌৰ নিগমৰ নৱগঠিত ৬০টা ৱার্ডত নির্বাচন অনুষ্ঠিত হ’ব৷ ইয়াৰে তিনিটা ৱার্ডত শাসকীয় মিত্রজোঁটৰ প্রার্থী বিনাপ্রতিদ্বন্দ্বিতাৰে নির্বাচিত হৈছে৷ ২০১৩ৰ জুনত নির্বাচন অনুষ্ঠিত হৈছিল গুৱাহাটী পৌৰ নিগমৰ৷ তেতিয়া গুৱাহাটী পৌৰ নিগমৰ ৩১টা ৱার্ডৰ নির্বাচনত কংগ্রেছে ১৯টা, বিজেপিয়ে ১০টা আৰু অসম গণ পৰিষদে ১টা ৱার্ডত জয়ী হৈছিল৷ ২০১৪ৰ লোকসভা নির্বাচনৰ পৰাই অসমত বিজেপি নেতৃত্বাধীন মিত্রজোঁটৰ লক্ষণীয় উত্থানৰ বিপৰীতে ধাৰাবাহিক নির্বাচনী বিপর্যয়ৰ সন্মুখীন হৈছে কংগ্রেছ দল৷ সমাগত পৌৰ নিগমৰ নির্বাচনত বিজেপি নেতৃত্বাধীন মিত্রজোঁটে ক্ষমতা দখলৰ জোখাৰে শক্তি আহৰণ কৰাটো নিশ্চিত৷ পৌৰ নিগমৰ নির্বাচনত সাফল্য লাভ কৰাটো বিজেপি নেতৃত্বাধীন মিত্রজোঁটৰ বাবে সহজসাধ্য যদিও শাসকীয় পক্ষই পৌৰ নিগমৰ নির্বাচনক গুৰুত্বসহকাৰে গ্রহণ কৰা পৰিলক্ষিত হৈছে৷ বিগত আঠ বছৰে বিজেপিয়ে লাভ কৰা ধাৰাবাহিক নির্বাচনী সফলতাৰ মূলতেই হ’ল প্রতিটো নির্বাচনকেই দলটোৰ নেতৃত্বই বিশেষ গুৰুত্ব প্রদান কৰিছে৷ বিগত ছমাহৰ ভিতৰত দুটা পর্যায়ত অনুষ্ঠিত ৰাজ্যখনৰ ছটা বিধানসভা সমষ্টিৰ উপ–নির্বাচন, ঠেঙাল–কছাৰী স্বায়ত্তশাসিত পৰিষদৰ নির্বাচন, ৰাজ্যৰ পৌৰ নিকায় নির্বাচনৰ পৰা আৰম্ভ কৰি শেহতীয়াকৈ ৰাজ্যসভাৰ দুখন আসনৰ নির্বাচনতো সহজলভ্য জয়লাভৰ অন্তৰালত আছে শাসকীয় দলটোৰ পৰিকল্পিত ৰাজনৈতিক ৰণনীতি আৰু নেতা–কর্মীসকলৰ অক্লান্ত শ্রম৷ গুৱাহাটী পৌৰ নিগমৰ নির্বাচন সাধাৰণতে স্থানীয় নিকায়ৰ নির্বাচনৰূপে গণ্য কৰা হয়৷ ৰাজ্যখনৰ পূর্বৰ বিৰোধী শিবিৰৰ সুযোগত পৌৰ নিগমৰ নির্বাচন জয়ৰ বাবে শাসকীয় মিত্রজোঁটৰ সম্ভাৱনা তেনেই উজ্জ্বল হৈ আছে৷ কিন্তু গুৱাহাটী পৌৰ নিগমৰ নির্বাচনক শাসকীয় দলটোৱে সমানেই গুৰুত্ব প্রদান কৰা পৰিলক্ষিত হৈছে৷ নির্বাচন অনুষ্ঠিত হ’ব লগা প্রতিটো ৱার্ডৰ বিপৰীতে মিত্রজোঁটৰ একোজন বিধায়কক নির্বাচনৰ তদাৰকৰ দায়িত্ব অর্পণ কৰিছে৷ ইয়াৰ উপৰি পৌৰ নিগমৰ নির্বাচনৰ সামগ্রিক দায়িত্বত নিয়োজিত কৰা হৈছে আঠজন মন্ত্রীক৷ ইতিমধ্যে মন্ত্রী–বিধায়কসকল্ দায়িত্বৰত ৱার্ডসমূহত নির্বাচনী প্রচাৰ চলাই আছে৷ দেওবাৰৰ পৰা প্রাক্তন মুখ্যমন্ত্রী তথা কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালেও নির্বাচনী প্রচাৰ আৰম্ভ কৰিছে৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই দলীয় প্রার্থীৰ হৈ ৰ’ড শ্ব’ কৰাৰ পৰিকল্পনা লৈছে৷ পৌৰ নিগমৰ নির্বাচনৰ দলীয় প্রচাৰৰ স্বার্থত এইবাৰ মিত্রজোঁটৰ মন্ত্রী–বিধায়কসকল্ ৰঙালী বিহুৰ মাথোঁ এদিনৰ বাবেহে নিজ সমষ্টিত থকাৰ অনুমতি দিছে মুখ্যমন্ত্রী ড০ শর্মাই৷ নির্বাচনপর্যন্ত মিত্রজোঁটৰ আটাইবোৰ মন্ত্রী–বিধায়ক গুৱাহাটীতে থাকি প্রচাৰত ভাগ ল’ব লাগিব৷ এনে গুৰুত্বৰ বাবেই বিজেপি মিত্রজোঁটে পৌৰ নিগমৰ নির্বাচনত অধিক সাফল্য লাভ কৰাৰ সম্ভাৱনা আছে৷
শাসকীয় বিজেপি মিত্রজোঁটৰ ব্যাপক তৎপৰতাৰ বিপৰীতে গুৱাহাটী পৌৰ নিগমৰ নির্বাচনৰ প্রচাৰত বিৰোধী কংগ্রেছৰ প্রচাৰ নিস্তেজ হৈ আছে৷ ৰাজ্যসভাৰ শেহতীয়া নির্বাচনত কংগ্রেছৰ প্রার্থী ৰিপুণ বৰা পৰাজিত হোৱাৰ পাছত দলটোৰ ভিতৰচ’ৰাত নেতৃত্বকেন্দ্রিক অন্তর্কন্দল তীব্র হৈছে৷ ৰাজ্যসভাৰ নির্বাচনত মিত্রজোঁটৰ বিজয় প্রার্থীলৈ পৱিত্র মার্ঘেৰিটা আৰু ৰণগৌড়া নার্জাৰীয়ে ৰাজ্যসভাত শপতগ্রহণ কৰিলে যদিও বিৰোধী শিবিৰত খোৱা–কামোৰা তুংগত উঠিছে৷ কংগ্রেছৰ নেতৃত্বৰ বিৰুদ্ধে শেহতীয়াকৈ প্রাক্তন মন্ত্রী–বিধায়ক ছিদ্দিক আহমেদ, প্রাক্তন মন্ত্রী নীলমণি সেন ডেকাকে ধৰি কেইবাজনো নেতা সৰৱ হৈছে৷ নেতৃত্বৰ বিৰুদ্ধে ক্ষোভ উজাৰি প্রাক্তন মন্ত্রী ৰবীন বৰদলৈৰ কন্যা অসীমা বৰদলৈয়ে কংগ্রেছ ত্যাগ কৰিছে৷ পৌৰ নিগম নির্বাচনৰ প্রাকমুহূর্তত অসীমা বৰদলৈৰ পদত্যাগ নিশ্চিতভাৱে কংগ্রেছ দলটোত এক মোক্ষম আঘাত৷ বাৰে বাৰে নির্বাচনত পৰাজয়ৰ পাছতো কংগ্রেছৰ নেতৃত্বই দলটোত সংস্কাৰৰ বাবে কোনো পদক্ষেপ গ্রহণ কৰা পৰিলক্ষিত হোৱা নাই৷ ক্ষমতা দখলৰ জোখাৰে শক্তি আহৰণ কৰাৰ বাবে দলীয় নেতা–কর্মীসকলক উজ্জীৱিত কৰিব পৰা নাই কংগ্রেছ নেতৃত্বই৷ এনে অৱস্থাত গুৱাহাটী পৌৰ নিগমৰ নির্বাচনত বিজেপি মিত্রজোঁটে একপক্ষীয় সাফল্য লাভ কৰাৰ সম্ভাৱনা প্রকট হৈছে৷ শাসকীয় মিত্রজোঁটে পৌৰ নিগমৰ নির্বাচনত সাফল্য লাভ কৰিলেও গুৱাহাটীবাসীয়ে বছৰ বছৰ ধৰি বিভিন্ন সমস্যাত জর্জৰিত হৈছে৷ গুৱাহাটী অসমৰ ৰাজধানীয়েই নহয়, উত্তৰ–পূর্বাঞ্চলৰ দুৱাৰমুখ৷ ১৯৬৯ৰ গুৱাহাটী পৌৰ নিগম আইনৰ অধীনত ১৯৭১ত গুৱাহাটী পৌৰ নিগম গঠন হৈছিল৷ সেই সময়ত গুৱাহাটীৰ জনসংখ্যা আছিল ২.০৩ লাখ৷ বিগত ৫০ বছৰত গুৱাহাটীৰ ব্যাপক সম্প্রসাৰণৰ লগে লগে দ্রুতগতিত জনসংখ্যাও বৃদ্ধি হৈছে৷ সম্প্রতি গুৱাহাটীৰ জনসংখ্যা প্রায় ১২ লাখ হৈছে৷ মহানগৰবাসীৰ সম্প্রতি জ্বলন্ত সমস্যা হ’ল পানী৷ মহানগৰবাসীৰ খোৱাপানীৰ সমস্যা দীর্ঘদিনীয়া৷ পূর্বতে পাহাৰ অঞ্চলত থকা লোকসকলে খোৱাপানীৰ সমস্যাত ভুগিছিল যদিও এই সমস্যা এতিয়া মহানগৰীৰ ভৈয়াম অঞ্চলতো হৈছে৷ খোৱাপানীৰ এনে সমস্যাৰ ফলত মহানগৰীৰ ঘাইকৈ দুখীয়া আৰু মধ্যবিত্ত শ্রেণীৰ লোকসকল ভীষণ সমস্যাৰ সন্মুখীন হৈছে৷ মহানগৰবাসীক খোৱাপানীৰ যোগান ধৰা বাবে যোৱা প্রায় তিনি দশক ধৰি বিভিন্ন আঁচনি ৰূপায়ণ কৰা হৈছে যদিও মহানগৰীৰ ১০ শতাংশ পৰিয়ালেও লাভ কৰা নাই পানীৰ যোগান৷ পৌৰ নিগমৰ নির্বাচনৰ আগমনৰ লগে লগে মহানগৰীৰ খোৱাপানীৰ সমস্যাৰ বিষয়টো মূল ইছ্যু হিচাপে পৰিগণিত হৈছে৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা আৰু গুৱাহাটী উন্নয়ন মন্ত্রী অশোক সিংহলে শীঘ্রে খোৱাপানী যোগানৰ আশ্বাস দিছে৷ অৱশ্যে এনে আশ্বাস পূর্বৰ চৰকাৰসমূহেও দি আছিল৷ ইয়াত একো নতুনত্ব নাই৷ মহানগৰবাসীয়ে যিদৰে খোৱাপানীৰ সমস্যাত ভুগিছে একেদৰে বাৰিষাৰ বতৰত কৃত্রিম বানৰ সমস্যাটো আক্রান্ত হৈছে৷ পূর্বৰ তুলনাত মহানগৰীৰ ৰাস্তা–ঘাট বহু পৰিমাণে উন্নত হৈছে যদিও খোৱাপানী আৰু কৃত্রিম বানৰ সমস্যাই গুৱাহাটীত দিনক দিনে ভয়াৱহ হৈছে৷ এইক্ষেত্রত ৰাজ্য চৰকাৰ আৰু পৌৰ নিগমৰ নৱনির্বাচিত জনপ্রতিনিধিসকলে অনাগত দিনত কার্যকৰী ব্যৱস্থা গ্রহণ কৰিলে দীর্ঘদিনীয়া জ্বলন্ত সমস্যাৰ সমাধানৰ পথ প্রশস্ত হ’ব৷