চলচ্চিত্ৰ মহোৎসৱৰ প্ৰাসংগিকতা
ভাৰতৰ আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱৰ (ইফি়) স্বৰ্ণজয়ন্তী এতিয়া উদযাপিত হৈ আছে। বৰ্তমান বিশ্বৰ দহটি শীৰ্ষস্থানীয় চলচ্চিত্ৰ মহোৎসৱৰ মাজত স্থান লাভ কৰা এই ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱটিয়ে চলচ্চিত্ৰৰসিকৰ আগ্ৰহ বৃদ্ধি কৰিব পাৰিছে। যোৱা বছৰত এই মহোৎসৱত প্ৰতিনিধিৰ সংখ্যা আছিল প্ৰায় ৫হাজাৰ আৰু এই বছৰ এই প্ৰতিনিধিৰ সংখ্য়া প্ৰায় ৭ হাজাৰ। ১৯৫২চনত চৰকাৰী প্ৰচেষ্টাত এই মহোৎসৱৰ আৰম্ভণি হৈছিল আৰু ১৯৬৯ চনৰ পৰা ই বৰ্তমানৰ নামেৰে পৰিচিত হৈ পৰিকল্পিতভাৱে আগবাঢ়িবলৈ লয়। এই মহোৎসৱ আছিল এছিয়াৰ ভিতৰতে প্ৰথম আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱ। ১৯৫২চনৰ চলচ্চিত্ৰ মহোৎসৱটোত যিবোৰ নৱবাস্তৱবাদী ছবি প্ৰদৰ্শন কৰা হৈছিল। সেইবোৰে সেই সময়ৰ ভাৰতীয় চিত্ৰ নিৰ্মাতাক প্ৰভাৱিত কৰিলে আৰু বাস্তৱধৰ্মী ভাৰতীয় ছবিৰ পথ মুকলি কৰিলে বুলি কোৱা হয়। এইটো কথা ঠিক যে সমকালীন বিশ্বৰ ছবিৰ প্ৰদৰ্শনে ভাৰতীয় ছবিক বহিবিৰ্শ্বৰ সৈতে পৰিচয় কৰাই দিলে। অৱশ্যে এইটো কথা ঠিক যে ইয়াৰ ছয় বছৰৰ আগতেই ১৯৪৬ চনতে চেতন আনন্দ পৰিচালনা কৰা ‘নীচানগৰ’ নামৰ হিন্দী কেনছ চলচ্চিত্ৰ মহোৎসৱত পুৰস্কাৰ অৰ্জন কৰি ভাৰতীয় ছবিক এটি পৰিচয় দিবলৈ সক্ষম হৈছিল প্ৰথমে সাধাৰণ আয়োজন হিচাপে আয়োজিত হোৱা আৰু পিছলৈ গৈ ‘A’ গ্ৰেড মহোৎসৱৰ শাৰীত অধিষ্ঠিত হোৱা এই মহোৎসৱে বিশাল পৰিমাণৰ অৰ্থ ব্যয় কৰাৰ পিছত ভাৰতীয় চলচ্চিত্ৰলৈ কেনেধৰণৰ বৰঙনি যোগাব পাৰিছে, তাৰ এতিয়াও ভাল আলোচনা হোৱা নাই। এটা কথা ঠিক যে ১৯৫২ চনত সমগ্ৰ পৃথিৱীত তথ্য সৰবৰাহৰ যি সীমাবদ্ধতা আছিল আজি সেই সীমাবদ্ধতা নাই। যিকোনো খবৰ বা তথ্য সমগ্ৰ বিশ্বতে বিয়পি পৰিবলৈ অধিক সময়ৰ প্ৰয়োজন নহয়। এনে পৰিৱেশচ চলচ্চিত্ৰ মহোৎসৱ অকল ছবি প্ৰদৰ্শন অনুষ্ঠানৰ মাজতে সীমাবদ্ধ নাথাকি ই পৰ্যটন উদ্যেগৰ সহযোগী হিচাপে আগবাঢ়িছে। এট কথা ঠিক যে আজিৰ আধুনিক পৃথিবীত কোনো এবিধ ধাৰণা বা কাম একক আৰু আনৰ পৰা সংযোগহীন অবস্থাত থিয় হ’ব নোৱাৰে। অকল চলচ্চিত্ৰ মহোৎসৱেই কিয় যিকোনো মহোৎসৱেই আজি কালি অকলে থিয় হোৱাটো সম্ভৱ নহয়। জয়পুৰ, লিটাৰেৰী ফেষ্টিভেলৰ দৰে সাহিত্য উৎসৱেও সাহিত্যৰ লগতে পৰম্পৰাগত খাদ্যৰ প্ৰদৰ্শনী পাতিব লগাত পৰিছে। এইবোৰ সময়ৰ দাবী চলচ্চিত্ৰ মহোৎসৱবোৰেও চিনেমাৰ লগতে পৰ্যটনক উৎসাহিত কৰাই নহয়, আন কলা মাধ্যমবোৰক উৎসাহিত কৰাৰ পথ গ্ৰহণ কৰিব লাগিব। জনপ্ৰিয় তাৰকাৰ উপস্থিতিয়ে চলচ্চিত্ৰ মহোৎসৱৰ উজ্জ্বলতা বৃদ্ধি নকৰে যদিও সেই জনপ্ৰিয় তাৰকাৰ মৰ্যাদা নক্ষত্ৰ সমান নহয়। ‘ইফি’ৰ স্বৰ্ণজয়ন্তীত ৰজনীকান্ত বা অমিতাভ বচ্চনৰ উপস্থিতি দৰ্শকৰ আকৰ্ষণৰ এটি কাৰণ হ’ব পাৰে। কিন্তু অনিল কাপুৰ বা তাপসী পান্নু কাহানিও সেই মৰ্যাদাৰ অধিকাৰী নহয়। সমকালীন ভাৰতৰ সৰ্বাধিক গুৰুত্বপূৰ্ণ পৰিচালক ছাজী নীলকণ্ঠ কৰুণ, যাৰ ছবিয়ে কেনছ মহোৎসবত একাধিকবাৰ নিজৰ যোগ্যতা প্ৰকাশ কৰিছে অথবা ইল্লিয়া ৰাজাৰ দৰে কিংবদন্তী সংগীত পৰিচালকক ইফিত প্ৰাপ্য সন্মান প্ৰদৰ্শন নকৰাটো দুখৰ কথা।
ভাৰতৰ এই চলচ্চিত্ৰ মহোৎসৱত অসমে বহু বছৰৰ পৰাই যোগ্য স্থান অধিকাৰ কৰি আহিছে । ভবেন্দ্ৰ নাথ শইকীয়া, জাহ্নু বৰুৱা আদি পৰিচালকৰ কেইবাখনো ছবিয়ে এই মহোৎসৱৰ ভাৰতীয় ছবিৰ প্ৰধান আকৰ্ষণ ইণ্ডিয়ান পেন’ৰামাত স্থান লাভ কৰি আহিছে। ভাৰতৰ বছা বছা পূৰ্ণদৈঘ্যৰ কাহিনী চিত্ৰ আৰু অকাহিনী চিত্ৰ ইয়াত প্ৰদৰ্শিত হয় বাবে এই শিতানত অন্তৰ্ভুক্ত ছবিয়ে বিশেষ সন্মান লাভ কৰে। কিন্তু এই মহোৎসৱৰ ইণ্ডিয়ান পেন’ৰামা শিতানত কোনো অসমীয়া কাহিনী চিত্ৰ নাছিল। কেৱল এখন অকাহিনী ছবিহে আছিল উৎপল দত্তৰ বহু বৃত্ত। ছবিখনে মহোৎসৱত যথেষ্ঠ গুৰুত্ব লাভ কৰিছে। মহোৎসৱত বিজু ফুকনৰ প্ৰতি শ্ৰদ্ধা প্ৰদৰ্শন কৰি অপৰূপা ছবিখনৰ প্ৰদৰ্শন কৰা হৈছে। আনহাতে ইফিৰ স্বৰ্ণজয়ন্তী উপলক্ষে ১৯৬৯চনত মুক্তিলাভ কৰা কেইখনমান ছবিও প্ৰদৰ্শন কৰা হৈছে আৰু তাত সন্নিবিষ্ট হৈছে ব্ৰজেন বৰুৱাৰ ‘ডক্টৰ বেজবৰুৱা’ অসমীয়া পৰিচালক মঞ্জু বৰাই পৰিচালনা কৰা অৰুণাচলৰ এটা ভাষাৰ ছবিও ইণ্ডিয়ান পেন’ৰামাত সন্নিবিষ্ট হৈছে। অসমীয়া ছবিৰ লগতে আন ধৰণেও এই মহোৎসৱৰ সতে অসমীয়া ব্যক্তি জড়িত হৈ পৰাটো অসমৰ চলচ্চিত্ৰ জগতৰ বাবে আশাৰ বতৰা।