নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চীন–মার্কিন বিবাদ

     সমগ্র বিশ্বতে ন’ভেল ক’ৰোনা ভাইৰাছ (ক’ভিড–১৯)এ সংহাৰ সৃষ্টি কৰাৰ সময়তে দুই মহাশক্তি চীন আৰু আমেৰিকাৰ বিবাদ তুংগত উঠিছে৷ আনকি চীনে য়ুহানৰ পৰা ইচ্ছাকৃতভাৱে ক’ৰোনা মহামাৰী বিয়পাই দিয়াৰ অভিযোগ তুলি চীনক বিশ্বত এঘৰীয়া কৰাৰ প্রচেষ্টা অব্যাহত ৰাখিছে মার্কিন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্প আৰু হোৱাইট হাউছৰ বিষয়াৰ দলে৷ এইক্ষেত্রত আমেৰিকাই প্রত্যক্ষভাৱে বিশ্ব স্বাস্থ্য সংস্থাৰ ভূমিকাকো সমালোচনা কৰি আহিছে৷ মার্কিন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পৰ লগতে হোৱাইট হাউছ প্রশাসনৰ দাবী– বিশ্ব স্বাস্থ্য সংস্থাই এই বিষয়টোত চীনৰ পক্ষপাতিত্ব কৰিছে৷ অৱশ্যে বিশেষজ্ঞ মহলে নস্যাৎ কৰিছে আমেৰিকাৰ এনে দাবী৷ তাৰ মাজতে ক’ভিড–১৯ৰ ভয়ংকৰ দ্রুত সংক্রমণত বিশ্ব অর্থনীতি বিধ্বস্ত হৈ পৰাক লৈ সম্প্রতি কেৱল আমেৰিকাই নহয়, প্রতিখন দেশেই আতংকিত–ত্রস্তমান৷ ক’ৰোনা ভাইৰাছৰ প্রতিৰোধকল্পে প্রতিষেধক আৰু ঔষধ আৱিষ্কাৰৰ ক্ষেত্রত একবিংশ শতিকাৰ আধুনিক বিজ্ঞানে কার্যতঃ চৰম প্রত্যাহ্বানৰ সন্মুখীন হৈছে৷ দেশে দেশে প্রতিষেধক আৰু ঔষধ আৱিষ্কাৰক লৈ নিৰন্তৰ গৱেষণা অব্যাহত আছে যদিও আজিৰ তাৰিখলৈ ইয়াৰ কোনোধৰণৰ ফলপ্রসূ সমাধান সূত্র ওলোৱা নাই৷ পৰিণতিত দিনকদিনে বাঢ়ি গৈ আছে মহামাৰীত আক্রান্ত আৰু মৃতকৰ সংখ্যা৷ মহামাৰীয়ে যিমানেই গুৰুতৰ ৰূপ ধাৰণ কৰিছে সিমানেই বাঢ়ি গৈ আছে চীন–মার্কিন বিবাদ৷ শেহতীয়াকৈ এই বিষয়টো ৰাষ্ট্রসংঘৰ মজিয়াও গৈ পাইছে৷ প্রকৃততে বিশ্বত দুই মহাশক্তিৰ সংঘাতৰ বিষয়টোৱে আনুষ্ঠানিক পর্যায় পাইছিল যোৱা ১৪ এপ্রিলত৷ সেইদিনা চীনৰ পক্ষপাতিত্ব কৰা ক’ৰোনা সংক্রমণৰ ৰোধত ব্যর্থতাৰ অভিযোগ তুলি বিশ্ব স্বাস্থ্য সংস্থালৈ আগবঢ়োৱা অনুদান বন্ধৰ নির্দেশনা জাৰি কৰে আমেৰিকাই৷ আন্তঃৰাষ্ট্রীয় সংবাদ মাধ্যমত প্রকাশিত বাতৰিত উল্লেখ কৰা তথ্য অনুসৰি চিকিৎসা আৰু গৱেষণাৰ কাৰণে আমেৰিকাই বিগত বর্ষত বিশ্ব স্বাস্থ্য সংস্থালৈ আগবঢ়োৱা অনুদানৰ পৰিমাণ আছিল ৪০ কোটি ডলাৰ৷ যিটো বিশ্ব স্বাস্থ্য সংস্থাই বিভিন্ন দেশৰ পৰা লাভ কৰা আর্থিক সাহায্যৰ মুঠ পৰিমাণৰ ১৪.৬৭ শতাংশ৷ ইয়াৰ বিপৰীতে চীনে বিশ্ব স্বাস্থ্য সংস্থাক আগবঢ়োৱা অনুদান হৈছে ০.২১ শতাংশহে৷ আমেৰিকাই গ্রহণ কৰা এনে সিদ্ধান্তৰ বাবে বিশ্ব স্বাস্থ্য সংস্থাই আর্থিক সংকটৰ সন্মুখীন হ’ব বুলি স্বাভাৱিকভাৱে ব্যাপক চর্চা হৈছে৷ শেহতীয়াকৈ এই বিষয়টো ৰাষ্ট্রসংঘৰ মজিয়াত উপস্থাপন কৰিছে চীনে৷ আমেৰিকাৰ নাম উল্লেখ নকৰাকৈয়ে ৰাষ্ট্রসংঘৰ সকলো সদস্য দেশৰে আর্থিক সাহায্য বা অনুদানৰ বকেয়া আদায় দিবলৈ চীনে আহ্বান জনাইছে৷ অকল সিমানেই নহয়, ৰাষ্ট্রসংঘৰ সাধাৰণ বাজেট শান্তি ৰক্ষা শিতানলৈ আমেৰিকাৰ ২০০ কোটি ডলাৰৰ বকেয়া আছে বুলি স্পষ্টভাৱে উল্লেখ কৰিছে বেইজিং প্রশাসনে৷
এনেধৰণৰ ঘটনাৰাজিৰ পৰাই স্পষ্ট হৈ উঠিছে চীন–মার্কিন বিবাদ বর্তমান কি পর্যায়ত উপনীত হৈছে৷ এইক্ষেত্রত এক চর্চায়ো প্রাধান্য লাভ কৰিছে৷ চর্চা অনুসৰি চীনৰ বিৰুদ্ধে অভিযোগ জাপি দি বা বিশ্বৰ অন্যতম শক্তিধৰ ৰাষ্ট্রখনক এঘৰীয়া কৰি অহা নৱেম্বৰ মাহত অনুষ্ঠিত হ’বলগীয়া ৰাষ্ট্রপতি নির্বাচনৰ প্রতি ড’নাল্ড ট্রাম্পে নজৰ কাঢ়িবলৈ চেষ্টা কৰিছে৷ যদিহে সেয়াই হৈছে, বর্তমান পৰিস্থিতিত তেনেধৰণৰ পদক্ষেপ কোনো কাৰণতে বিশ্ব সমুদায়ৰ বাবে গ্রহণযোগ্য হ’ব নোৱাৰে৷ আজিৰ তাৰিখত বিশ্বৰ প্রতিখন দেশে বিচাৰিছে মহামাৰী ক’ৰোনা ভাইৰাছৰ পৰা পৰিত্রাণ লভাৰ উপায়৷ ক’ৰোনা ভাইৰাছত সংক্রমণৰ অচিলাৰে কোনোবাই নিজৰ অভীপ্সা পূৰণ কৰিব, সেইটো কোনোৱে নিবিচাৰে৷ পিছে চীন আৰু আমেৰিকা কিন্তু নিজৰ স্থিতিত অটল৷ যিয়ে অনাগত সময়ত বহু চর্চিত তৃতীয় বিশ্বযুদ্ধৰ অন্যতম মূল কাৰক হ’ব পাৰে৷ অৱশ্যে অতি শেহতীয়াকৈ হোৱাইট হাউছ প্রশাসন এইক্ষেত্রত কিছু নমনীয় হৈছে৷ প্রকাশিত বাতৰি অনুসৰি, চীনে বিশ্ব স্বাস্থ্য সংস্থাক যিমান পৰিমাণৰ অর্থ সাহায্য আগবঢ়ায়, সিমান পৰিমাণৰেই অৰিহণা আগবঢ়োৱাৰ পদক্ষেপ গ্রহণ কৰিছে চীনে৷ সাম্প্রতিক পৰিস্থিতিত সংঘাত নহয়, সহযোগিতাহে কাম্য৷ নহ’লে মহামাৰীৰ কৰালগ্রাসত থকা মানৱ সভ্যতাক তৃতীয় বিশ্বযুদ্ধৰ দৰে ৰক্তক্ষয়ী সংঘাতে অধিক বিপর্যয়ৰ গৰাহলৈ ঠেলি দিব৷

You might also like