নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ট্রাম্পৰ বিৰুদ্ধে মহাভিযোগ

মার্কিন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পৰ বিৰুদ্ধে দেশখনৰ হাউছ অৱ ৰিপ্রেজেনটেটিভে মহাভিযোগ অনা ঘটনাই সমগ্র বিশ্বৰ দৃষ্টি আকর্ষণ কৰিছে৷ ৰাষ্ট্রপতি নির্বাচিত হোৱাৰ পূর্বৰে পৰা বিভিন্ন বিতর্কত ট্রাম্প জড়িত হৈ পৰিছিল৷ গোটেই কার্যকালটোতে তেওঁৰ কথা আৰু কাম–কাজে ইটোৰ পাছত সিটো বিতর্ক সৃষ্টি কৰি আহিছে৷ অৱশেষত এনে কাৰণতে তেওঁৰ বিৰুদ্ধে মহাভিযোগ অনা হ’ল৷ ট্রাম্প হ’ল মাত্র তৃতীয়জন মার্কিন ৰাষ্ট্রপতি, যাৰ বিৰুদ্ধে হাউছ অৱ ৰিপ্রেজেনটেটিভে মহাভিযোগ আনিলে৷ সেই পিনৰ পৰা তেওঁ নঞার্থক অভিলেখ গঢ়িলে৷ কিন্তু এটা কথা ইতিমধ্যে নিশ্চিত হৈছে যে মহাভিযোগত তেওঁ দোষী সাব্যস্ত হোৱাৰ সম্ভাৱনা নিচেই কম৷ চিনেটত ৰিপাব্লিকান প্রতিনিধিৰ সংখ্যা ৫৫জন৷ ইয়াৰ বিপৰীতে ডেমক্রেটিক পার্টীৰ ৪৩জন আৰু নির্দলীয় দুজন চিনেটৰ আছে৷ দুয়োজন নির্দলীয় চিনেটৰে ডেমক্রেটিক পার্টীক সমর্থন কৰাৰ সম্ভাৱনা আছে যদিও ট্রাম্পক দোষী সাব্যস্ত কৰিবলৈ সেয়া যথেষ্ট নহ’ব৷ কিয়নো মহাভিযোগত মার্কিন ৰাষ্ট্রপতিক দোষী সাব্যস্ত কৰিবলৈ প্রয়োজন হয় দুই–তৃতীয়াংশ, অর্থাৎ ৬৭টা ভোটৰ৷ ৰিপাব্লিকান পার্টীতে ট্রাম্পৰ সমালোচকৰ সংখ্যা একেবাৰে কম নহ’লেও ডেমক্রেটিক পার্টীয়ে ইমানখিনি ভোট আশা কৰিব নোৱাৰে৷ সেই পিনৰ পৰা ট্রাম্পে নিৰাপদ বুলি অনুভৱ কৰিব পাৰে৷ কিন্তু প্রকৃততে ভোটৰ সংখ্যাই অলপো আশ্বস্ত কৰিব পৰা নাই৷ কিয়নো মহাভিযোগৰ বিতর্কৰ সময়ত তেওঁ তীব্র সমালোচনাৰ সন্মুখীন হোৱাটো নিশ্চিত৷ এনে পৰিস্থিতিত তেওঁৰ ইতিমধ্যে ম্লান পৰা ভাবমূর্তি আৰু বেছি ম্লান পৰিব৷ নির্বাচনলৈ এবছৰৰো কম সময় বাকী থকা অৱস্থাত ট্রাম্পৰ বাবে মহাভিযোগে বিপদ কঢ়িয়াই আনিব পাৰে৷ ইতিমধ্যে ডেমক্রেটিক পার্টীয়ে চিনেটৰ অধিৱেশন দীঘলীয়া কৰাৰ বাবে প্রস্তুতি চলাই আছে৷ ফলত ট্রাম্পৰ বিৰুদ্ধে সমালোচনা আৰু অধিক দীঘলীয়া হ’ব৷ স্বাভাৱিকতে ট্রাম্পে ৰিপাব্লিকান পার্টীকো মহাসংকটত পেলাইছে৷ এনে এক সময়ত সকলোৱে নির্বাচনত মনোনিৱেশ কৰাটো বিচাৰিছিল যদিও ট্রাম্পৰ বাবে এতিয়া বাধাৰ সৃষ্টি হৈছে৷ ট্রাম্পক মহাভিযোগত দোষী সাব্যস্ত কৰিব নোৱাৰিলেও চিনেটৰ বিতর্কত ডেমক্রেটিক পার্টীয়ে নির্বাচনৰ পূর্বে ভোটাৰৰ দৃষ্টি আকর্ষণ কৰাৰ পূৰামাত্রাই সম্ভাৱনা আছে৷ এয়া নিশ্চিতভাৱে ট্রাম্প আৰু ৰিপাব্লিকান পার্টীৰ বাবে সুখবৰ নহয়৷

যি দুটা অভিযোগৰ বাবে ট্রাম্পৰ বিৰুদ্ধে মহাভিযোগ অনা হ’ল, সেই দুয়োটাই অতি গুৰুতৰ৷ ইয়াৰে প্রথমটো হ’ল ক্ষমতাৰ অপপ্রয়োগ আৰু আনটো হ’ল কংগ্রেছৰ কাম–কাজত হস্তক্ষেপ৷ অভিযোগ মতে ট্রাম্পে ইউক্রেইনলৈ ৩৯১ নিযুত ডলাৰ সামৰিক সাহায্য বন্ধৰ নির্দেশ দিয়াৰ লগতে দেশখনৰ ৰাষ্ট্রপতিৰ সৈতে হোৱাইট হাউছৰ বৈঠক স্থগিত কৰাৰ নির্দেশ দিছিল৷ ট্রাম্পে ইউক্রেইনৰ ৰাষ্ট্রপতিক চর্ত আৰোপ কৰিছিল যে ৰাষ্ট্রপতি নির্বাচনৰ মূল প্রতিদ্বন্দ্বী ডেমক্রেটিক পার্টীৰ জো বিডেনৰ পৰিয়ালৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ আনি সন্মান হানি কৰিলেহে সামৰিক সাহায্য মুকলি কৰি দিয়াৰ লগতে বৈঠক অনুষ্ঠিত কৰিব৷ তেওঁৰ বিৰুদ্ধে আনটো অভিযোগ হ’ল– কংগ্রেছৰ তদন্তত বাধা আৰোপ কৰা৷ উল্লেখ্য যে ক্ষমতাৰ অপপ্রয়োগ কৰা বুলি কংগ্রেছে ট্রাম্পৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ আনিছিল৷ ইয়াৰ তদন্তৰ নির্দেশ দিয়াৰ পাছত ট্রাম্পে সকলো সীমা চেৰাই গৈ সাক্ষীসকলক প্রভাৱান্বিত কৰাৰ চেষ্টা কৰিছিল৷ তেওঁ আনকি তদন্ত কমিটীক সহযোগ নকৰিবলৈ সাক্ষীসকলক হেঁচা প্রয়োগ কৰাৰ লগতে প্রাদেশিক চৰকাৰৰ সংস্থাসমূহকো গোটেই বিষয়টো উপেক্ষা কৰিবলৈ হেঁচা দিছিল৷ এই দুয়োটা অভিযোগত হাউছ অৱ ৰিপ্রেজেনটেটিভে স্পষ্ট ভোটত ট্রাম্পক দোষী সাব্যস্ত কৰে৷ চিনেটত মহাভিযোগৰ পৰা বাচি গ’লেও ট্রাম্প যে আগন্তুক সময়ত অস্বস্তিকৰ পৰিস্থিতিৰ সন্মুখীন হ’ব লাগিব সেয়া নিশ্চিত৷

You might also like