ড০ লক্ষ্মীনন্দন বৰাৰ মহাপ্রয়াণ
অসমীয়া সাহিত্য আৰু বৌদ্ধিক জগতখনৰ পৰা আৰু এটা বিৰল প্রতিভা চিৰকাললৈ হেৰাই গ’ল৷ কথাশিল্পী হোমেন বৰগোহাঞিৰ পাছে পাছে গুচি গ’ল ড০ লক্ষ্মীনন্দন বৰা৷ হোমেন বৰগোহাঞিৰ দৰে ক’ভিডক পৰাজিত কৰিও নিয়তিৰ ওচৰত হাৰ মানিবলগীয়া হ’ল বিশিষ্ট সাহিত্যিক, অসম সাহিত্য সভাৰ প্রাক্তন সভাপতি, ‘গৰীয়সী’ নামৰ মানবিশিষ্ট আলোচনীখনৰ সম্পাদকগৰাকী৷ সঁচা অর্থত ক’বলৈ গ’লে ক’ভিডে সাহিত্য–সমাজ জীৱনৰ দুয়োগৰাকী তাৰকাক সময়তকৈ আগেয়ে আমাৰ মাজৰ পৰা আঁজুৰি লৈ গ’ল৷ ড০ লক্ষ্মীনন্দন বৰা ৰামধেনু যুগৰ পৰা উত্তৰ ৰামধেনু যুগলৈকে অসমীয়া সাহিত্য ক্ষেত্রখনক সেৱা কৰা মুষ্টিমেয় কেইজনমান সাহিত্যিকৰ এজন৷ তেওঁ বিজ্ঞানৰ ছাত্র আছিল৷ বহুদিনলৈকে সাহিত্যিক হোৱাৰ কোনো পৰিকল্পনাই ড০ বৰাৰ মনলৈ অহা নাছিল৷ বিজ্ঞানৰ শিক্ষা সাং কৰি অসামৰিক সেৱাৰ পৰীক্ষাত বহি সুদক্ষ আৰু দায়িত্বশীল প্রশাসক হোৱাৰহে হেঁপাহ পুহি ৰাখিছিল৷ এম এছ চি পৰীক্ষাৰ আগে আগে যদি কলকাতাত শ্রীমন্ত শংকৰদেৱৰ তিথি পালন কৰা নহ’লহেঁতেন বা তিথিত শ্রীমন্ত শংকৰদেৱৰ বিষয়ে বত্তৃণতা দিবলগীয়া নহ’লহেঁতেন ভাবীকালত হয়তোবা ড০ লক্ষ্মীনন্দন বৰাক অসমৰ জনসাধাৰণে আন এটা ৰূপত দেখিলেহেঁতেন৷ এটা সাক্ষাৎকাৰত তেওঁ নিজেই এই কথা প্রকাশ কৰিছে৷ তেওঁ কৈছিল যে কলকাতা বিশ্ববিদ্যালয়ৰ প্রেছিডেন্সী কলেজত এম এছ চি পঢ়ি থাকোঁতে কলেজত শংকৰদেৱৰ তিথি পালন কৰা হৈছিল৷ তেতিয়ালৈ এম এছ চি চূডান্ত পৰীক্ষালৈ চাৰি মাহমান বাকী আছিল৷ তাত তেওঁক ইংৰাজী ভাষাত বত্তৃণতা দিবলৈ আমন্ত্রণ জনোৱা হৈছিল৷ বত্তৃণতা শুনি বিজ্ঞানৰ মানুহ হৈও শ্রীমন্ত শংকৰদেৱৰ বিষয়ে বহু কথা জনা বুলি অনেকে প্রশংসা কৰি ড০ লক্ষ্মীনন্দন বৰাক গল্প–উপন্যাস ৰচনাত মনোনিৱেশ কৰিবলৈ পৰামর্শ দিছিল৷ সেয়াই আছিল আৰম্ভণি৷ সেইদিনাই তেওঁ ‘ভাওনা’ নামৰ গল্প এটা লিখি ‘ৰামধেনু’লৈ পঠিয়াই দিলে৷ আগষ্টত পঠিওৱা গল্পটো ডিচেম্বৰত প্রকাশ হ’ল৷ শ্রীমন্ত শংকৰদেৱৰ তিথিত যদি ড০ লক্ষ্মীনন্দন বৰাই ভাষণ নিদিলেহেঁতেন আজি অসমীয়া সাহিত্য জগতখনে ‘পাতাল ভৈৰৱী’, ‘গঙা চিলনীৰ পাখি’, ‘যাকেৰি নাহিকে উপাম’, ‘কায়কল্প’ৰ দৰে কালজয়ী উপন্যাস লাভ কৰিলেহেঁতেননে? অকল অসমীয়া সাহিত্যয়েই নহয়, ড০ লক্ষ্মীনন্দন বৰাৰ বহু সৃষ্টি আন আন ভাষালৈও অনূদিত হৈছে৷ তেওঁৰ অমৃতসম ৰচনাৰ সোৱাদ সেইবোৰ ভাষালৈকেও বৈ গৈছে৷ কেতিয়াবা এটা ক্ষণত লোৱা সিদ্ধান্তই ভৱিষ্যৎ সলনি কৰি দিয়ে, দেশ আৰু জাতিৰ বাবে অগণিত মধুৰ আৰু গর্বৰ ক্ষণ আনি দিয়ে৷ ড০ লক্ষ্মীনন্দন বৰাও তেনে এজন ব্যক্তি৷ তেওঁ কলকাতাত সিদিনা লোৱা সিদ্ধান্তটোৱে অসম আৰু অসমীয়াৰ বাবে গৌৰৱৰ ক্ষণ আনি দিলে৷
ড০ লক্ষ্মীনন্দন বৰা আছিল অসমৰ গ্রাম্য জীৱনৰ প্রকৃত পর্যবেক্ষণকাৰী৷ তেওঁৰ গল্পসমূহত ইয়াৰ নির্ভেজাল ছবি এখন প্রতিফলিত হয়৷ ড০ বৰাৰ গল্প মানেই অসমৰ গ্রাম্য জীৱনৰ এখন নির্মল ছবি৷ তাত গ্রাম্য জীৱনৰ হহাহি–কান্দোন, দুখ–সুখ, আচাৰ–পৰম্পৰা, প্রেম–প্রীতি, সমস্যা–সংকট আদিৰ ছবিখন নিপুণ শিল্পীৰ কেনভাছৰ দৰে অংকিত হৈ থাকে৷ হূদয় আৰু চিন্তা–চেতনাত গাঁও এখন বা গ্রাম্য জীৱনৰ দিন–ৰাতিক কঢ়িয়াই নুফুৰিলে এনেদৰে গ্রাম্য জীৱনক গল্প–উপন্যাসৰ পৃষ্ঠাত তুলি ধৰিব নোৱাৰি৷ তেওঁৰ সংবেদনশীল মনটো গ্রাম্য জীৱনৰ দুখ–সুখ, প্রাপ্তি–প্রাপ্তিৰ মাজত ঘূৰি ফুৰিছিল৷ আজিৰ যুগত সাহিত্য জগতখনৰ পৰা এইটো যেন নোহোৱা হৈ পৰিছে৷ বস্তুবাদী ধ্যান–ধাৰণাই মানুহৰ অন্তর্দৃষ্টিৰ সন্মুখত যেন এখন ৰঙীন পর্দা তৰি দি তাক এখন ভেজাল পৃথিৱীৰ মাজলৈ লৈ গৈছে৷ অৱশ্যে এইটো নহয় যে গ্রাম্য জীৱনেই সাহিত্যৰ একমাত্র ভেটি৷ কিন্তু সময়ৰ গতিত ই উপেক্ষিত হ’বলৈ ধৰিছে৷ ইয়াৰ বাবে সাহিত্যও যেন প্রাণ–স্পন্দনহীন হৈ পৰিছে৷ ড০ লক্ষ্মীনন্দন বৰাৰ সৃষ্টিত গ্রাম্য জীৱনে কিয় ইমান প্রাধান্য লাভ কৰিছিল, তাৰো তেওঁ ব্যাখ্যা কৰিছে৷ তেওঁৰ ঘৰৰ কাষত এখন নৈ আছে৷ তাত হীৰা সম্প্রদায়ৰ কেইটামান দৰিদ্র পৰিয়াল বসবাস কৰে৷ পৰিয়ালকেইটাৰ সংগ্রামী তথা বেদনাদায়ক জীৱনগাথা তেওঁৰ অৱচেতন মনটোত চিৰদিনৰ বাবে ৰৈ গ’ল৷ ড০ লক্ষ্মীনন্দন বৰাৰ সর্বশ্রেষ্ঠ গল্প বুলিলেও অন্যায় কৰা নহ’ব ‘সখা দামোদৰ’ নামৰ গল্পটোক৷ গল্পটোক অসমৰ গ্রাম্য জীৱন আধাৰিত শ্রেষ্ঠ গল্পৰো এটা অন্যতম গল্প হিচাপে ধৰা হয় ‘সখা দামোদৰ’ক৷ তেওঁৰ সৃষ্টিৰাজি অসমীয়া সাহিত্য জগতৰ অমূল্য সম্পদ৷ অসম সাহিত্য সভাৰ সভাপতি হিচাপেও তেওঁ ৰাজ্যখনৰ সামাজিক জীৱনত কামত অহাকৈ কেইবাটাও কাম কৰি গৈছে৷ সভাপতিৰ অভিভাষণত ড০ বৰাই অসমীয়া ভাষাই কিদৰে ৰাজ্যখনত নীৰৱে সমন্বয়–সম্প্রীতিৰ ধাৰা এটা বোৱাই আছে, তাক তুলি ধৰিছিল৷ তেওঁ কৈছিল, চৰ–চাপৰিলৈ গ’লে দেখোঁ জেপৰ ধন খৰচ কৰি অনেকে অসমীয়া ভাষাত লিখা কিতাপ ছপা কৰিছে৷ একেদৰে মিচিং বা জনজাতীয় সমাজতো একেখন ছবি দেখি উৎসাহী হৈ পৰিছিল৷ অসমীয়া ভাষা আৰু সাহিত্যৰ ভৱিষ্যতক লৈ আশ্বস্ত হৈ উঠিছিল৷ তেওঁ ভবেন্দ্র নাথ শইকীয়া, সৌৰভ চলিহাৰ সমসাময়িক আছিল৷ নাম দুটা উল্লেখ কৰাৰ কাৰণ হ’ল ড০ বৰাৰে সৈতে তিনিওগৰাকী বিজ্ঞানৰ ছাত্র৷ কিন্তু তেওঁলোকৰ সাহিত্য–কৃতিক অসমীয়াই চিৰদিনলৈ মনত ৰাখিব৷ ড০ লক্ষ্মীনন্দন বৰাই জীৱনত বহু বঁটা–বাহন লাভ কৰিছে৷ বহু সন্মান লাভ কৰি যোগ্যতা, প্রতিভা আৰু সেৱাৰ উপযুক্ত স্বীকৃতি লাভ কৰিছে৷ তেওঁৰ কায়িক মৃত্যুৱে অসমৰ অপূৰণীয় ক্ষতি কৰিলে৷ কিন্তু অসমীয়া জাতিটো জীয়াই থকালৈকে এইগৰাকী সাহিত্যিকৰ কথা মনত ৰাখিব৷ তেওঁ সৃষ্টি আৰু কৃতিৰে অমৰ হৈ থাকিব৷