নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

থাকৰেৰ সন্মুখত প্রত্যাহ্বান

মহাৰাষ্ট্রত চৰকাৰ গঠনক লৈ মাহজোৰা অচলাৱস্থাৰ অৱসান ঘটাই অৱশেষত নতুন মুখ্যমন্ত্রী হিচাপে শপত গ্রহণ কৰিলে উদ্ধৱ থাকৰেই ৷ কিন্তু শাসনভাৰ লোৱাৰ সময়তেই থাকৰে মিত্রজোঁট চৰকাৰৰ স্থায়িত্বক লৈ নানা প্রশ্ন উত্থাপিত হৈছে ৷ এই প্রশ্ন অস্বাভাৱিকো নহয় ৷ কাৰণ বিজেপিৰে সম্পর্ক ছেদ কৰাৰ পিছত যি দুটা দলৰ সৈতে হাত মিলাই শিৱসেনাই মহাৰাষ্ট্র বিশাল আঘাড়ী গঠন কৰিছে, সেই দুয়োটা দলেই সৌ সিদিনালৈকে ৰাজ্যখনৰ ৰাজনীতিত শিৱসেনাৰ চিৰবৈৰী বুলিয়ে পৰিচিত আছিল ৷ ৰাজনীতিত একোৱেই অসম্ভৱ নহয় বুলি বাৰম্বাৰ প্রমাণিত হৈ আহিছে যদিও নতুন চৰকাৰখন কিমানদিন তিষ্ঠি থাকিব, তাক লৈ চর্চা অব্যাহত থকাটো নিশ্চিত ৷ কিয়নো, মতাদর্শৰ দিশৰ পৰা এনচিপি–কংগ্রেছৰ সৈতে সম্পূর্ণ বিপৰীত মেৰুত থকা শিৱসেনাই চৰকাৰখনক নেতৃত্ব দিয়াৰ সময়ত কিমানদূৰ আৰু কিমানদিনলৈ আপোচ কৰে সেয়া সময়তহে গম পোৱা যাব ৷ তদুপৰি মহাৰাষ্ট্র বিশাল আঘাড়ীৰ ‘দুর্বল’ অংশীদাৰ হিচাপে এনচিপিক অনাগত সময়ত বিজেপিয়ে লক্ষ্য কৰি লোৱাৰ সম্ভাৱনাও নুই কৰিব নোৱাৰি ৷ চৰকাৰ গঠনৰ পূর্বেই দলত যি ভাঙোন ধৰিছিল, তাক দলটোৰ মুৰব্বী শাৰদ পাৱাৰে প্রতিৰোধ কৰিবলৈ সক্ষম হ’লেও অজিত পাৱাৰৰ নেতৃত্বত এটা গোটে সমস্যাৰ সৃষ্টি কৰাৰ পূৰামাত্রাই সম্ভাৱনা আছে ৷ তথাপি বিজেপিক শাসনৰ পৰা আঁতৰাই দেশৰ গুৰুত্বপূর্ণ ৰাজ্যখনত অবিজেপি চৰকাৰ গঠন কৰা মহাৰাষ্ট্র বিশাল আঘাড়ীয়ে যদি সুস্থিৰতা অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হয়, তেন্তে দেশৰ ৰাজনীতিত এয়া এক নজিৰ হিচাপে চিহ্ণিত হ’ব ৷ ন্যূনতম উমৈহতীয়া কার্যসূচীত চৰকাৰখনক ধর্মনিৰপেক্ষ আখ্যা দিয়া হৈছে ৷ কার্যসূচীৰ আৰম্ভণিতেই উল্লেখ কৰা এই শব্দটোক লৈ শিৱসেনাৰ আপত্তি আছিল যদিও মূৰকত সহমতত উপনীত হ’বলৈ বাধ্য হয় ৷ অর্থাৎ ইতিমধ্যে শিৱসেনাই সহযোগী দল দুটাৰ ওচৰত আপোচ কৰিবলৈ সাজু থকাৰ ইংগিত প্রেৰণ কৰিলে ৷ মতাদর্শৰ পৰা ফালৰি কাটি উদ্ধৱ থাকৰেই দলটোৰ একতাক পূর্বৰ দৰেই বান্ধি ৰাখিবলৈ সক্ষম হ’বনে নে নাই সেইটোও এটা গুৰুত্বপূর্ণ প্রশ্ন হিচাপে সাম্প্রতিক পৰিস্থিতিত বিবেচিত হৈছে ৷

শিৱসেনা গঠন হোৱাৰ পিছত এইবাৰেই পোনপ্রথমবাৰৰ বাবে উদ্ধৱ থাকৰেৰ পুত্র আদিত্য থাকৰেই নির্বাচনত প্রতিদ্বন্দ্বিতা কৰিছিল ৷ এইবাৰ উদ্ধৱ থাকৰে নিজেই নির্বাচন নেখেলাকৈ থাকৰে পৰিয়ালৰ প্রথমজন মুখ্যমন্ত্রী হিচাপে অধিষ্ঠিত হ’ল ৷ স্বাভাৱিকতে দলটোৰ ছয় দশকজোৰা অস্তিত্বত এয়া এক ঐতিহাসিক ঘটনা ৷ কিন্তু মুখ্যমন্ত্রী হিচাপে থাকৰেৰ সন্মুখত কেইবাটাও ডাঙৰ প্রত্যাহ্বান আছে ৷ ন্যূনতম উমৈহতীয়া কার্যসূচীত মহাৰাষ্ট্র বিশাল আঘাড়ীয়ে প্রতিশ্রুতি দিছে যে কৃষকসকলক নতুন চৰকাৰখনে ঋণ মাফ কৰি দিব ৷ বিজেপিৰ অংশীদাৰ হিচাপে বিগত কার্যকালত শিৱসেনাই অবিৰতভাৱে এই দাবী কৰি অহাৰ লগতে প্রতিবাদো সাব্যস্ত কৰিছিল ৷ এতিয়া চৰকাৰক নেতৃত্ব দি কৃষি ঋণ ৰেহাই দিবলৈ থাকৰেক ৩০ হাজাৰ কোটি টকা অতিৰিক্তভাৱে প্রয়োজন হ’ব ৷ ৰাজ্যৰ ৰাজকোষৰ অৱস্থা দুর্বল হৈ থকাৰ সময়ত এই কাম নিশ্চিতভাৱে কঠিন হ’ব ৷ কাৰণ ৪.৭১ লাখ কোটি টকা ঋণৰ বোজা লৈ থকা এখন চৰকাৰক থাকৰেই নেতৃত্ব দিবলৈ ওলাইছে ৷ তদুপৰি পূর্বৰ চৰকাৰে নির্মাণ খণ্ডৰ বহু কাম আধৰুৱা কৰি গৈছে ৷ ইয়াৰ বাবে প্রয়োজন হ’ব ১.৫ লাখ কোটি টকা ৷ ন্যূনতম উমৈহতীয়া কার্যসূচীত আঘাড়ীয়ে দিয়া প্রতিশ্রুতিসমূহৰ ভিতৰত চৰকাৰৰ সন্মুখত প্রত্যাহ্বান থিয় কৰাব পাৰে চাকৰি সৃষ্টিৰ প্রতিশ্রুতিয়ে ৷ স্থানীয় বাসিন্দাৰ বাবে ৮০ শতাংশ চাকৰি সংৰক্ষণ কৰাৰ প্রতিশ্রুতি দিলেও চাকৰি সৃষ্টি কৰাৰ ক্ষেত্রত সমস্যা আহি পৰিব পাৰে ৷ স্বাভাৱিকতে আগন্তুক সময়ত থাকৰেৰ প্রশাসনীয় দক্ষতাৰ ওপৰত চোকা দৃষ্টি ৰখা হ’ব ৷

You might also like