নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুটা চৰকাৰী সিদ্ধান্ত

নিয়মীয়া বাৰ্তা, ৭ ফেব্ৰুৱাৰীঃ সংসদৰ চলিত অধিৱেশনত চৰকাৰৰ তৰফৰ পৰা দুটা গুৰুত্বপূর্ণ ঘোষণা তথা সিদ্ধান্ত আগবঢ়োৱা হৈছে৷ সিদ্ধান্ত দুটাই দেশখনৰ ভাবীকালৰ ৰাজনীতিত যথেষ্ট প্রভাৱ পেলাব পাৰে৷ অকল ৰাজনীতিয়েই নহয়, সামাজিক পৰিৱেশৰ ওপৰতো ইয়াৰ গুৰুত্বপূর্ণ প্রভাৱ পৰিব৷ অৱশ্যে তাৰে এটা সিদ্ধান্তৰ মূল কামটো দেশৰ সর্বোচ্চ ন্যায়ালয়ে প্রায় তিনি মাহ আগেয়ে কৰি থৈছে৷ চৰকাৰে কেৱল ন্যায়ালয়ৰ নির্দেশ অনুসৰণ কৰি কৰিবলগীয়া কামটো কৰিছে৷ সেইটো হ’ল, ৰাম মন্দিৰ নির্মাণৰ অর্থে ন্যাস গঠনৰ সিদ্ধান্ত৷ তৎসত্ত্বেও চৰকাৰী সিদ্ধান্তটোৰ গুৰুত্ব আৰু প্রভাৱ অপৰিসীম বুলি বিবেচিত হৈ থাকিব৷ আনটো হ’ল এন আৰ চিক লৈ সদনত চৰকাৰে কৰা ঘোষণা৷ অসমত ডন্নীতকৰণ প্রক্রিয়া চলি থকাৰ পৰাই দেশখনত এন আৰ চিক লৈ বিশ্বাস–বিশ্বাসৰ পৰিৱেশ এটাই গা কৰি ডঠিছিল৷ পৰিৱেশটোক অধিক স্পর্শকাতৰ কৰি তুলিলে নাগৰিকত্ব সংশোধনী আইনখনে৷ দুয়োটা বিষয় একাকাৰ হৈ পৰাত মূলতঃ ইছলাম ধর্মাৱলম্বী একাংশৰ মাজত অনিশ্চিত ভৱিষ্যৎ এটাৰ শংকা–সংশয় ব্যাপক হাৰত সিঁচৰতি হৈ পৰে৷ নাগৰিকত্ব হেৰুওৱাৰ ভয়ত, দেশত দ্বিতীয় শ্রেণীৰ নাগৰিক হোৱাৰ আতংকত ভুগি হাজাৰ হাজাৰ লোক ৰাজপথলৈ ওলাই আহে৷ দেশৰ বিভিন্ন অঞ্চলত প্রতিবাদে হিংসাত্মক ৰূপ ধাৰণ কৰে৷ তদুপৰি দিল্লীৰ শ্বাহীনবাগত নাগৰিকত্ব সংশোধনী আইনখন সংসদত গৃহীত হোৱাৰ সময়ৰ পৰাই আজিলৈকে বিৰামহীনভাৱে প্রতিবাদ চলি আছে৷ মূলতঃ এটা ধর্মৰ লোক ৰাজপথলৈ ওলাই অহাত ‘কা’ আৰু এন আৰ চিৱে ইতিমধ্যে দেশৰ কোনো কোনো ঠাইৰ সামাজিক পৰিৱেশত বিৰূপ প্রভাৱ পেলাইছে৷ প্রতিবাদ দীঘলীয়া হৈ গৈ থাকিলে সুবিধাবাদী ৰাজনৈতিকৰ সুযোগৰ সন্ধানৰ পথো সিমানেই মসৃণ হৈ গৈ থাকিব৷ সমান্তৰালকৈ সমাজখন অস্থিৰ হৈ গৈ থাকিব৷ দেশখনৰ প্রান্তে প্রান্তে চলি থকা ‘কা’বিৰোধী আন্দোলনটোক প্রভাৱহীন কৰিবলৈ চৰকাৰে এটা পদক্ষেপ লোৱাটো জৰুৰী হৈ পৰিছিল৷ ‘কা’ৰ পৰা এখোজো আঁতৰি আহিবলৈ অনিচ্ছুক চৰকাৰখনে এন আৰ চিকে অস্ত্র হিচাপে গ্রহণ কৰি ল’লে৷ লোকসভাত গৃহ বিভাগৰ ৰাজ্যিক মন্ত্রী নিত্যানন্দ ৰায়ে লিখিতভাৱে কৈ দিলে যে চৰকাৰে সদ্যহতে দেশজুৰি এন আৰ চি প্রস্তুতৰ কোনো সিদ্ধান্ত গ্রহণ কৰা নাই৷
অৱশ্যে সংসদত এনে এটা ঘোষণা হ’ব পাৰে, তাৰ ইংগিত কিছুদিন আগেয়ে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে নতুন দিল্লীৰ ৰামলীলা ময়দানত অনুষ্ঠিত সমাৱেশ এখনত দিছিল৷ তেওঁবাসীক আচৰিত কৰি তেওঁৰ কার্যকালত চৰকাৰে এন আৰ চিৰ বিষয়ে কোনোধৰণৰ চর্চা কৰা নাই বুলি ভাষণত কৈছিল৷ অৱশ্যে প্রধানমন্ত্রী মোদীৰ সেই কথাখিনিৰ যথেষ্ট সমালোচনাও হৈছিল৷ গৃহমন্ত্রী অমিত শ্বাহে এন আৰ চিৰ প্রসংগটো ডল্লেখ কৰি অহাত প্রধানমন্ত্রীৰ ভাষণৰ সত্যতাক লৈ প্রশ্ণচিহ্ণ ডঠিছিল৷ কিন্তু তেওঁৰ সেই ভাষণৰ পৰা চৰকাৰে বিষয়টোত কি ভাবি আছে, তাৰে ইংগিত এটা পোৱা গৈছিল৷ ইয়াক একধৰণে ‘কা’ আৰু এন আৰ চিবিৰোধী আন্দোলনৰ সফলতা বুলিও ক’ব পাৰি৷ ‘কা’ৰ পাছত এন আৰ চি, এইটোৱেই আছিল দেশখনত চলি থকা ‘কা’বিৰোধী আন্দোলনৰ প্রধান বিষয় আৰু শংকা৷ অৱশ্যে ডত্তৰ–পূবৰ বিষয়টো সুকীয়া৷ এই কথা দেশৰ সর্বোচ্চ ন্যায়ালয়েও মানি লোৱা বুলি ক’ব পাৰি৷ অর্থাৎ এন আৰ চিবিহীন ‘কা’ক দিল্লী, ডত্তৰ প্রদেশ, বিহাৰকে ধৰি দেশখনৰ প্রান্তে প্রান্তে চলি থকা প্রতিবাদী আন্দোলনৰ নেতৃত্বই মানি ল’বও পাৰে৷ চৰকাৰে গ্রহণ কৰা দ্বিতীয়টো সিদ্ধান্তই ৰাম মন্দিৰ নির্মাণৰ গতি ত্বৰান্বিত কৰিব৷ ডচ্চতম ন্যায়ালয়ে ৯ নৱেম্বৰত দিয়া ৰাম মন্দিৰ পক্ষৰ বিজয় নিশ্চিত হোৱাৰ লগতে মন্দিৰ নির্মাণৰ অর্থে চৰকাৰক তিনি মাহৰ ভিতৰত ন্যাস গঠনৰ নির্দেশ দিছিল৷ সেই অনুসৰি ৮ ফেব্রুৱাৰীৰ ভিতৰত চৰকাৰে বিষয়টোত সিদ্ধান্ত লোৱাটো জৰুৰী হৈ পৰিছিল৷ কিন্তু তাৰে তিনিদিন পূর্বেই কেবিনেটত ন্যাস গঠনৰ সিদ্ধান্ত গ্রহণ কৰিলে৷ এইখন ন্যাসে ৬৭,৭০৩ একৰৰ পৰা মন্দিৰৰ বাবে নির্ধাৰিত ভূমিত নির্মাণকার্যৰ তদাৰক কৰিব৷ মন্দিৰটোৰ নির্মাণ সম্পূর্ণ হৈ ডঠাৰ লগে লগে দেশখনত শ শ বছৰ ধৰি বিবাদৰ কাৰণ হৈ থকা বিষয় এটাৰ চিৰদিনলৈ সমাপ্তি ঘটিব৷ ৰাম মন্দিৰ–যোধ্যা বিবাদৰ ৰায়ক লৈ দেশখনত কোনোধৰণৰ হিংসা বা ডষ প্রতিবাদ নোহোৱাৰ এটা কাৰণ এইটোও বুলি ক’ব পাৰি৷ বিষয়টোক অধিক আগলৈ টানি নাথাকি সমাধান–সূত্র এটা ডলিয়াব লাগে, সেইটো সকলো পক্ষৰ লোকে বিচাৰিছিল৷ মন্দিৰটো নির্মাণ হৈ ডঠিলে আৰু নির্মাণকার্যত সকলো শ্রেণীৰ লোকৰ আৱেগ–নুভূতি, মর্যাদা তথা আগ্রহক যথোচিত সন্মান দিলে, ৰাম মন্দিৰটো ভাৰতবর্ষৰ সম্প্রীতিৰ এনে এটা প্রতীক হৈ পৰিব পাৰে, যাক লৈ দেশখনে পৃথিৱীৰ মঞ্চখনত অনন্ত কাললৈ গৌৰৱ কৰিব পাৰিব৷

You might also like