বছৰ এটাৰ সামৰণি
এতিয়া এটা বছৰৰ প্রায় অন্তিম সময় আৰু এইখিনি সময়তে বছৰটোত কৰি অহা কামৰ সফলতা বা বিফলতা অথবা পোৱা–নোপোৱাৰ হিচাপ কৰা হয়৷ এই হিচাপ অকল বিফলতাৰ বাবে দুখ কৰা বা দোষ দিয়া অথবা সফলতাৰ বাবে আনন্দ কৰাৰ উদ্দেশ্যে কৰা নহয়৷ কি কি কাৰক বা অনুঘটকৰ বাবে ভবা মতে কামবোৰ হৈ নুঠিল, হোৱাৰ পথত কি কি বাধা পৰোক্ষভাৱে বা প্রত্যক্ষভাৱে আহি উপস্থিত হৈছিল, ভৱিষ্যতে সেইবোৰ বাধাৰ স’তে কেনেদৰে মোকাবিলা কৰা হ’ব সেই কথাৰ পর্যালোচনা কৰিলেহে এই হিচাপৰ যুক্তিযুক্ততা প্রতিপন্ন হয়৷ ঠিক তেনেদৰে ভৱিষ্যতৰ বছৰটোত আৰু সমাজত প্রতিটো বছৰতেই কেনেদৰে আগবাঢ়িব পৰা যাব, পাই অহা অসুবিধাবোৰ আঁতৰাবলৈ আৰু নতুন প্রযুক্তিৰ সহায় ল’বলৈ কেনেদৰে আগবাঢ়িব পৰা যাব তাকো ঠিক কৰা হ’ব বছৰটোৰ ফলাফলৰ পর্যালোচনাৰ পৰা৷ এই কথাটো অকল ব্যক্তিগত পর্যায়ত নহয়, সমাজৰ সামাজিক, অর্থনৈতিক, ৰাজনৈতিক, সাংস্কৃতিক সকলো পর্যায়তে সমানেই খাপ খায়৷ বছৰ এটাৰ সামৰণিৰ সময়ত এনেদৰে কামৰ খতিয়ান লৈ নতুন বছৰটোৰ আৰম্ভণিত কিবা কাম কৰিবলৈ প্রতিজ্ঞাবদ্ধ হোৱা এটা প্রথা ইউৰোপীয় দেশবোৰত প্রচলিত আছিল৷ পৰৱর্তী সময়ত এইপ্রথা পৃথিৱীৰ অন্য প্রান্ততো বিয়পি পৰে৷ নতুন বছৰত আনক গ্রীটিংছ কার্ড দিয়াৰ দৰে এই প্রথাটো যেন নিজক দিয়া এটা উৎসাহবাণী, এটা লক্ষ্য স্থিৰ কৰি কাম কৰাৰ সংকল্প, যিটোৰ মূল লক্ষ্য নিজৰ উন্নতি সাধন৷ এই কথাটো শুনাত যিমানেই ভাল নহওক কিয়, বাস্তৱত কিন্তু এই সংকল্প গ্রহণৰ পৰৱর্তীকালৰ ছবিখন পৃথক৷ এটা সমীক্ষাত পোৱা গৈছিল যে নতুন বছৰৰ সংকল্প গ্রহণ কৰাসকলৰ পঁয়ত্রিছ শতাংশই এই সংকল্প পূৰণ কৰিব নোৱৰাৰ কাৰণ হিচাপে অবাস্তৱ সংকল্পলৈ আঙুলিয়াই দিয়ে৷ কিছুসংখ্যকে সংকল্প ৰক্ষাৰ কামৰ অগ্রগতিৰ হিচাপ ল’বলৈ পাহৰি যায় আৰু কিছুমানে কেইবাটাও সংকল্প লোৱাটোকে বিফলতাৰ কাৰণ বুলি ভাবে৷
এই কথাখিনি ব্যক্তিগত পর্যায়ৰ যদিও ইয়াক সামাজিক প্রেক্ষাপটত ব্যাখ্যা কৰাৰ প্রয়োজন৷ ৰাজ্য এখনৰ প্রশাসন আৰু বিকাশৰ বাবেও এই ধৰণৰ সংকল্প লোৱা উচিত৷ ৰাজ্যৰ শাসকে বছৰৰ আৰম্ভণিতে এনে সংকল্পৰ কথা ৰাজহুৱা কৰি তাৰ লক্ষ্য নির্ধাৰণ কৰি দিয়াই নহয়, তাৰ অগ্রগতিৰ কথাও ৰাইজক জনাই থকা উচিত৷ এইটো ঠিক যে তথ্য জনাৰ অধিকাৰ আইনৰ যোগেৰে ৰাইজে চৰকাৰী কাম–কাজৰ তথ্য সংগ্রহ কৰিব পাৰে৷ কিছুমান চৰকাৰী নির্মাণকার্যত সেই কামৰ তথ্যও প্রদর্শন কৰাৰ ব্যৱস্থা আছে৷ এইবোৰ ব্যৱস্থাই চৰকাৰী কাম–কাজৰ গতি–প্রকৃতি স্বচ্ছ কৰি ৰখাত সহায় কৰে৷ কিন্তু সংকল্প গ্রহণৰ কথাটো অকল হিচাপ দিয়াৰ ব্যৱস্থাই নহয়, ইয়াৰ গভীৰতা তাতকৈ অধিক৷ গভীৰ চিন্তাৰে গ্রহণ কৰা এটা বাস্তৱ আৰু স্পর্শযোগ্য সংকল্পই এটা লক্ষ্যৰ কথা প্রকাশ কৰে, আকাংক্ষাক শক্তি দিয়ে আৰু উদ্দেশ্যক এটা অৱয়ৱ প্রদান কৰে৷ অৱশ্যে এইটো সত্য যে কোনেও ভৱিষ্যতে কি হ’ব তাক ক’ব নোৱাৰে, কিন্তু কেনেকুৱা হ’ব পাৰে তাক অনুমান কৰিব পাৰে৷ লক্ষ্যৰ কিমান ওচৰ চাপিব পৰা গ’ল বা কিমান দূৰত ৰৈ থাকিবলগীয়া হ’ল তাৰ হিচাপ ল’ব পাৰি এটা সংকল্পত অটল থকাৰ পাছতহে৷ চৰকাৰে কৰিবলগীয়া কাম এটাৰ বাবে যেনেদৰে ৰাজনৈতিক শুভইচ্ছা থাকিব লাগিব, ঠিক তেনেদৰে এটা স্থিৰ লক্ষ্যৰ সংকল্পও থাকিব লাগিব৷ চৰকাৰ এখনে যেতিয়া ৰাইজৰ বাবে কাম কৰে, তেতিয়া এখন আঁচনিৰ কথা ঘোষণা কৰাই শেষ কথা নহয়, সেই আঁচনিৰ কাম শেষ হোৱা লক্ষ্য এটাৰ কথাও ৰাইজক বিশ্বাসযোগ্যভাৱে জনাব পাৰিলে ভাল৷ এনে কামে চৰকাৰী কামৰ প্রতি ৰাইজৰ আস্থা বঢ়াব৷