নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বতাহতো ক’ভিডৰ তাণ্ডৱ

ঘাতক ক’ভিড–১৯ বা ক’ৰোনা ভাইৰাছ মহামাৰীৰ সংক্রমণৰ চৰিত্র সন্দর্ভত চিকিৎসা বিজ্ঞানীসকলে প্রতিদিনে নিজৰ ধাৰণা সলনি কৰিবলগীয়া হৈছে৷ শেহতীয়াকৈ ২৩খন দেশৰ ২৩৯গৰাকী বিজ্ঞানীয়ে বিশ্ব স্বাস্থ্য সংস্থা (হু)লৈ প্রেৰণ কৰা এক পত্রত উল্লেখ কৰিছে যে ক’ৰোনা ভাইৰাছে বতাহতো সংক্রমণ ঘটাব পাৰে৷ এই মাৰাত্মক ভাইৰাছবিধৰ ক্ষুদ্রাতি ক্ষুদ্র কোণাই বতাহত কেবাঘণ্টা ধৰি ওপঙি থাকি প্রাণীজগতত ইয়াৰ সংক্রমণ ঘটোৱাৰ প্রামাণিক তথ্য লাভ কৰিছে বিশেষজ্ঞ চিকিৎসা বিজ্ঞানীসকলে৷ লগে লগে আন্তর্জাতিক সংস্থাটো ক’ভিড–১৯ৰ সংক্রমণ সন্দর্ভত যি নীতি পূর্বতে গ্রহণ কৰা হৈছিল তাক সলনি কৰিবলৈও অনুৰোধ জনাইছে এই বিজ্ঞানীসকলে৷ তাৎক্ষণিকভাৱে বিশ্ব স্বাস্থ্য সংস্থাৰ কাৰিকৰী বিভাগে এই কথাত অনুমোদন জনাই কৈছে যে বতাহত ক’ভিড–১৯ৰ সংক্রমণ ঘটাৰ বিভিন্ন তথ্য পোৱা গৈছে, কিন্তু ইয়াক প্রতিষ্ঠা কৰিবলৈ হ’লে অধিক পৰীক্ষা–নিৰীক্ষাৰ প্রয়োজন আছে৷ লগে লগে বিষয়টোৱে বিশ্বৰ চিকিৎসকসকলৰ মাজত বিশেষ চর্চা লাভ কৰা পৰিলক্ষিত হৈছে৷ মাৰাত্মক ক’ভিড–১৯ৰ সংক্রমণৰ চৰিত্র এতিয়াও নির্দিষ্টকৈ চিহ্ণিত কৰিবলৈ সক্ষম হোৱা নাই বিজ্ঞানীসকলে৷ পূর্বতে এই ভাইৰাছবিধৰ বতাহত সংক্রমণ সম্ভৱ নহয় বুলি বিশ্ব স্বাস্থ্য সংস্থাই দাবী কৰিছিল৷ ৰাষ্ট্রসংঘৰ অধীনস্থ সংস্থাটোৰ মতে ক’ভিড–১৯ বা ক’ৰোনা ভাইৰাছ অন্যান্য মহামাৰীৰ ঘাতক হিচাপে ব্যৱহাৰ হোৱা ভাইৰাছতকৈ ডাঙৰ৷ গতিকে ই বতাহত ওপঙিব নোৱাৰে বুলিও যুক্তি দর্শাইছিল বিশ্ব স্বাস্থ্য সংস্থাৰ বিশেষজ্ঞসকলে৷ কিন্তু আন্তর্জাতিক সংস্থাটোৰ এই ধাৰণাক প্রত্যাহ্বান জনাই প্রথম আমেৰিকাৰ গৱেষকে প্রমাণ কৰি দিয়ে যে এই ভাইৰাছবিধে বতাহত দীর্ঘসময় ধৰি ওপঙি থাকি জীৱকূলত সংক্রমণ ঘটায়৷ আমেৰিকাৰ নিউয়র্কৰ হাস্পতাল এখনৰ কৰিডৰ বতাহত ওপঙি থকা অৱস্থাত ক’ৰোনা ভাইৰাছৰ উপস্থিতি ধৰা পেলাইছিল গৱেষকসকলে৷ অৱশ্যে বিশ্ব স্বাস্থ্য সংস্থাই অনুমোদন জনোৱা নাছিল৷ কাৰণ পৃথিৱীৰ বেছিভাগ দেশেই ক’ভিড–১৯ মহামাৰীৰ যে বতাহত সংক্রমণ ঘটিব পাৰে সেই সন্দর্ভত কোনোধৰণৰ পৰীক্ষা–নিৰীক্ষা তাৎক্ষণিকভাৱে চলোৱা নাছিল৷ শেহতীয়াকৈ বিশ্বৰ কেইবাখনো দেশৰ চিকিৎসা বিজ্ঞানীয়ে ভাইৰাছবিধৰ চৰিত্র নিৰূপণ কৰিবলৈ চলাই আছে পৰীক্ষা৷ এই পৰীক্ষাতে পোহৰলৈ আহিছে যে ক’ৰোনা সকলো স্তৰতে, সকলো মাধ্যমৰে বিয়পিবলৈ সক্ষম৷ লগে লগে এই ভাইৰাছবিধ পূর্বে ধাৰণা কৰাতকৈ অধিক ভয়াৱহ হিচাপে চিহ্ণিত হৈছে৷
১০০ বছৰ পূর্বে এইচ১ এন১ ভাইৰাছৰ দ্বাৰা বিয়পা স্পেনিছ ফ্লু মহামাৰীত বিশ্বজুৰি কেইবা কোটি লোকৰ প্রাণহানি হৈছিল৷ এই মহামাৰীত বিশ্ব জনসংখ্যাৰ এক তৃতীয়াংশ লোক সংক্রমিত হৈছিল৷ ১০০ বছৰ পাছত চিকিৎসা বিজ্ঞানৰ ন ন আৱিষ্কাৰ তথা উদ্ভাৱনে মহামাৰীৰে মোকাবিলা কৰাৰ ক্ষেত্রত মানৱ জাতিক বিশেষ সহায় কৰিছে যদিও ক’ভিড–১৯ মহামাৰীয়ে পুনৰ সেই মহাদুর্যোগৰ সৃষ্টি কৰিব পাৰে বুলি আশংকা কৰিছে বিশেষজ্ঞসকলে৷ এতিয়ালৈকে এই ভাইৰাছবিধৰ দ্বাৰা বিশ্বজুৰি ১ কোটি ২০ লাখতকৈ অধিক লোক সংক্রমিত হৈছে৷ আমেৰিকা আৰু ইউৰোপৰ বহু বিজ্ঞানীয়ে সতর্কবাণী কৰিছে যে ক’ভিড–১৯ মহামাৰীৰ সংক্রমণৰ প্রতিৰোধ লগাবলৈ সক্ষম নহ’লে পৃথিৱীত কেবা কোটি লোক আক্রান্ত হ’ব৷ অকল সেয়াই নহয় ২০ লক্ষাধিক লোকে এই ভাইৰাছবিধত প্রাণ হেৰুৱাব পাৰে৷ শেহতীয়াকৈ বিদেশৰ কেইবাটাও সংস্থাই দাবী কৰিছে যে ভাৰতে ক’ভিড–১৯ মহামাৰীৰ সংক্রমণত প্রতিৰোধ লগাবলৈ সক্ষম নহ’লে আগন্তুক বর্ষৰ ফেব্রুৱাৰী মাহৰ পৰা দেশখনত প্রতিদিনে ২.৮৭ লাখ লোক প্রাণঘাতী ভাইৰাছবিধৰ দ্বাৰা আক্রান্ত হ’ব৷ অর্থাৎ ভাৰতৰ ঘন জনবসতিপূর্ণ অঞ্চলৰ বাবে ক’ভিড–১৯ হৈ পৰিব এক ভয়ংকৰ ঘাতক৷ এইধৰণৰ পৰীক্ষা–নিৰীক্ষা আৰু সতর্কবাণী সত্ত্বেও বিশ্বৰ চিকিৎসা বিজ্ঞানীসকলে ক’ভিড–১৯ৰ প্রতিষেধক ছিটা উদ্ভাৱন কৰিবলৈ সক্ষম হোৱা নাই৷ আনকি বিশ্ব স্বাস্থ্য সংস্থাই ভৱিষ্যত দিনত এই মহামাৰীৰ ছিটা উদ্ভাৱন নহ’ব পাৰে বুলি আশংকা কৰিছে৷ ক’ভিড–১৯ ভাইৰাছ মানৱ সমাজতে অন্যান্য ঘাতক মহামাৰীৰ দৰে বর্তী থাকিব পাৰে বুলিও বহু চিকিৎসকে আশংকা কৰিছে৷ গতিকে ২১ শতিকাৰ পৃথিৱীত ক’ভিড–১৯ হৈ পৰিছে মানৱ জাতিৰ বাবে এক তীব্র প্রত্যাহ্বান৷ অকল সেয়াই নহয়, এই ক’ভিড সংকটে এতিয়া বিশ্বৰ মানৱ সমাজলৈ কঢ়িয়াই আনিছে জীৱন–জীৱিকাৰ সংকট৷ ক’ভিড মহামাৰীৰ বাবেই এতিয়া পৃথিৱীজুৰি উৎপাদন ক্ষেত্রসমূহত কেৱল দেখিবলৈ পোৱা গৈছে স্থবিৰতা৷ নিয়োগ ক্ষেত্রত এতিয়া কেৱল দেউলীয়া অৱস্থা৷ অর্থাৎ ক’ভিডেই কঢ়িয়াই আনিছে ২১ শতিকাৰ আধুনিক মানৱ সমাজৰ বাবে নতুন এক দুর্ভিক্ষ৷ এই দুর্ভিক্ষ হ’ব ক’ভিডৰ ভাবুকিতকৈও মানৱ সমাজৰ বাবে ভয়ংকৰ ঘাতক৷

You might also like