নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বর্ধিত নিবনুৱা

ন’ভেল ক’ৰোনা ভাইৰাছৰ দ্রুত সংক্রমণে সমগ্র বিশ্বতে ভয়ংকৰ অৱস্থাৰ সৃষ্টি কৰিছে৷ জনস্বাস্থ্যৰ সমান্তৰালভাৱে বিশ্ব অর্থনীতি সম্প্রতি চৰম বিপর্যয়ৰ গৰাহত৷ অর্থনীতিলৈ কেতিয়া সুস্থিৰতা ঘূৰি আহিব, সেই কথা কোনেও নিশ্চিতভাৱে ক’ব পৰা নাই৷ ইয়াৰ বিপৰীতে আন্তর্জাতিক মুদ্রানিধি, বিশ্ব বেংক আদি বিভিন্ন সংস্থাই যুগুত কৰা একাধিক প্রতিবেদনত স্পষ্ট হৈছে যে সমগ্র বিশ্বৰে অর্থনৈতিক বিকাশৰ গতি ঘাতক ভাইৰাছৰ প্রকোপত বর্তমান কার্যতঃ স্তব্ধ৷ ভাৰতৰ দৰে উন্নয়নশীল ৰাষ্ট্রখনৰ অর্থনীতিতো ক’ৰোনা ভাইৰাছে মোক্ষম আঘাত হানিছে৷ এই বিষয়টোৱে নিতৌ সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰি আহিছে৷ মাৰাত্মক ভাইৰাছৰ সংক্রমণ প্রতিৰোধকল্পে দেশত বলৱৎ কৰা লকডাউনৰ ফলত নির্মাণ–কৃষি–উদ্যোগস্ প্রতিটো খণ্ডই স্তব্ধ হৈ পৰিছিল৷ ‘আনলক’ৰ জৰিয়তে লকডাউনত পর্যায়ক্রমে শিথিলতা আনিলেও এই খণ্ডসমূহ পূর্বৰ দৰে সুচল হৈ উঠা নাই৷ দেশ এখনৰ অর্থনীতিৰ সুস্থিৰতা তথা বিকাশৰ গতি বহুলাংশে নির্ভৰ কৰে কর্মসংস্থাপনৰ ওপৰত৷ লকডাউন বলৱৎ কৰাৰ লগে লগে উদ্যোগ আদি বন্ধ হৈ পৰাত লাখ লাখ শ্রমিক–কর্মচাৰী ইতিমধ্যে গৃহাভিমুখী হ’বলগীয়া হৈছে৷ পৰিণতিত স্বাভাৱিকতে দেশত বৃদ্ধি পাইছে নিবনুৱাৰ সংখ্যা৷ ক’ৰোনাকালত ভাৰতত কর্মহীন লোকৰ সংখ্যা কিদৰে হোৰাহোৰে বৃদ্ধি পাইছিল, সেই তথ্য আৰম্ভণিৰে পৰাই ‘চেণ্টাৰ ফৰ মনিটৰিং ইণ্ডিয়ান ইক’নমী’ (চিএমআইই) নামৰ সংস্থাটোৱে প্রকাশ কৰি আহিছে৷ চি এম আই ইৰ এই সম্পর্কীয় প্রতিবেদনৰ উদ্ধৃতিৰে সংবাদ মাধ্যমত প্রকাশিত বাতৰি অনুসৰি লকডাউন বলৱতৰ পূর্বে যোৱা ২২ মার্চত দেশত নিবনুৱাৰ হাৰ আছিল সামগ্রিকভাৱে ৮.৪১ শতাংশ৷ কিন্তু লকডাউন বলৱৎ হৈ থকাৰ সময়ত এপ্রিল মাহত এই হাৰ অস্বাভাৱিকভাৱে ২৩.৫২ শতাংশলৈ বৃদ্ধি পায়৷ পৰৱর্তী মে’ মাহত দেশত নিবনুৱাৰ হাৰ সামান্য হ্রাস পাই ২৩.৪৮ শতাংশ হৈছিল৷ জুন মাহত এই ছবিখন যথেষ্ট আশাব্যঞ্জক বুলি ক’ব পাৰি৷ কিয়নো নিবনুৱাৰ হাৰ এই মাহটোত ১০.৯৯ শতাংশলৈ হ্রাস পাইছিল৷ যোৱা ১২ জুলাইত শেষ হোৱা সপ্তাহটোত এই হাৰ আৰু হ্রাস পাই হৈছিল ৭.৪৪ শতাংশ৷ ইয়াৰ পৰা এটা কথা ধাৰণা কৰা হৈছিল যে মহামাৰীৰ সময়ত নিবনুৱা হোৱা বৃহৎসংখ্যকে নতুন কর্মসংস্থাপন লাভ কৰিবলৈ সক্ষম হৈছে৷ পিছে চি এম আই ইৰ অতি শেহতীয়া তথ্য বিবেচিত হৈছে যথেষ্ট উদ্বেগজনক ৰূপে৷ যোৱা ১৯ জুলাইত শেষ হোৱা সপ্তাহটোত দেশত নিবনুৱাৰ হাৰ ৭.৯৪ শতাংশলৈ বৃদ্ধি পাইছে৷ আটাইতকৈ উদ্বেগজনক কথাটো হ’ল– গ্রামাঞ্চলত মাত্র এটা সপ্তাহৰ ব্যৱধানতে কর্মহীন হ’বলগীয়া হৈছে বহু লোক৷ যোৱা ১২ জুলাইত শেষ হোৱা সপ্তাহটোত গ্রামাঞ্চলত নিবনুৱাৰ হাৰ ৬.৩৪ শতাংশ আছিল যদিও এতিয়া ৭.১ শতাংশ হৈছে৷
এটা কথা নিশ্চিত যে লকডাউনত শিথিলতা অনাৰ ফলত দেশত ৰকেটৰ গতিত বৃদ্ধি পোৱা নিবনুৱাৰ সংখ্যা হ্রাস পাইছে৷ ই স্থায়ী হোৱাটো দেশৰ অর্থনীতিৰ বাবে ইতিবাচক হ’ব৷ কিন্তু চি এম আই ইৰ অতি শেহতীয়া তথ্যই অশনি সংকেত কঢ়িয়াই আনিছে৷ আশংকা কৰা হৈছে দেশত নিবনুৱাৰ সংখ্যাৰ গ্রাফডাল এপ্রিল–মে’ মাহৰ দৰে ঊর্ধ্বমুখী হ’ব নেকি? কেন্দ্রীয় চৰকাৰে ইতিমধ্যে প্রধানমন্ত্রী গৰিব কল্যাণ যোজনা নামৰ অভিলাষী আঁচনিখন প্রৱর্তন কৰাৰ লগতে প্রব্রজনকাৰী শ্রমিকসকলক এমজি এনৰেগাৰ অধীনত কাম দিয়াৰ কথাও ঘোষণা কৰিছে৷ এয়া যাতে সঠিকভাৱে ৰূপায়িত হয়, তাৰ ওপৰত সংশ্লিষ্ট কর্তৃপক্ষই নজৰ ৰাখিব লাগিব৷ একাংশ শ্রমিক সংগঠনে অভিযোগ কৰা মতে, কাগজে–কলমে এতিয়া নিবনুৱাৰ সংখ্যা হ্রাস পালেও বহুতে পূর্বৰ তুলনাত যথেষ্ট কম মজুৰিৰ বিনিময়ত কাম কৰিবলগীয়া হৈছে৷ যিসকলে দৈনিক ৫০০ টকাৰ পৰা ৮০০ টকা মজুৰিত নির্মাণ খণ্ড বা উদ্যোগত কাম কৰিছিল, তেওঁলোকৰ অনেকে বর্তমান ১৫০ টকাৰ পৰা ১৮০ টকাৰ বিনিময়ত কাম কৰিবলগীয়া হৈছে৷ এই দিশটোও গুৰুত্বপূর্ণ৷ ইয়াৰ মাজতে বিশেষজ্ঞসকলে মন্তব্য কৰিছে যে বর্ধিত নিবনুৱা সমস্যা সমাধানৰ হকে দেশৰ অর্থনীতিলৈ গতি ঘূৰাই অনাটো অতি জৰুৰী৷

You might also like