নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বহুক পর্যটকৰ বাবে আকর্ষণীয় কৰি তুলিব পাৰে

বর্তমানৰ পৃথিৱীত বিভিন্ন ধৰণৰ উৎসৱ–নুষ্ঠানবোৰ অকল আনন্দ বা বিনোদনকেন্দ্রিক হৈ থকা নাই৷ এইবোৰত সংযোগ কৰা হৈছে ৰাজহ আর্জন কৰিব পৰা নানা উপায়৷ উৎসৱ বা অনুষ্ঠানবোৰৰ মূল আবেদন আৰু সৌন্দর্য অটুট ৰাখি তাৰ শক্তিক আন প্রায়োগিক কামত ব্যৱহাৰ কৰা পদ্ধতিটো এতিয়া ইমানেই আদৃত হৈছে যে প্রায় সকলো উৎসৱৰ লগতে মুখ্যতঃ পর্যটন উদ্যোগটো খুব দৃঢ়ভাৱেই সাঙোৰ খাই পৰিছে৷ অসমতো অম্বুবাচী উৎসৱক পর্যটনৰ উদ্যোগৰ লগত সাঙোৰ খুৱাই তাক সর্বভাৰতীয় পর্যায়ত প্রতিষ্ঠা কৰাৰ প্রাথমিক কাম আৰম্ভ হৈছে৷ এই প্রচেষ্টাৰ ধাৰাবাহিকতা আৰু বিকাশ অব্যাহত থাকিলে ই বিশেষ অবয়ৱ লাভ কৰিব৷ বিভিন্ন শক্তি আৰু অপশক্তিৰ ঐক্যবদ্ধ প্রচেষ্টাত ৰঙালী বিহুটিয়ে তাৰ চৰিত্র হেৰুৱাই পেলাইছে আৰু পর্যটকক আকর্ষণ কৰিবলৈ তাৰ নাচ–গানবোৰৰ বাহিৰে আন একো নোহোৱাই হৈছে৷ কিন্তু পপ–গায়কৰ পুৰণি জনপ্রিয় গানবোৰ চাবলৈ যে কোনোবা পর্যটক আহিব সেই কথা মানি ল’ব নোৱাৰি৷ পাৰম্পৰিক সংস্কৃতি–চর্চা, বিভিন্ন আচাৰ, ৰীতি–নীতি আদি অবিকৃত আৰু প্রদূষিত নোহোৱা ৰূপতহে পর্যটকে চাবলৈ বিচাৰে৷ এই দিশৰ পৰা চালে দেখা যায় পৰম্পৰাগত ভোগালী বিহুটিৰ মূল আবেদন ভালেখিনি অবিকৃত ৰূপত পালন কৰা হৈ আহিছে৷ এই অবিকৃত ৰূপটোকে পর্যটকক চোৱাৰ ব্যৱস্থা কৰি দি অসম চৰকাৰৰ পর্যটন বিভাগে ৰাজহ উপার্জনৰ কথা চিন্তা কৰিব পাৰে৷ কিন্তু এটা কথা দেখা যায় যে পর্যটকৰ আকর্ষণৰ নামত এনে কিছুমান সিদ্ধান্ত লোৱা হয়, যিবোৰে পর্যটকক আকর্ষণ কৰাৰ পৰিৱর্তে মূল আকর্ষণৰ মূল্যহে হ্রাস কৰি তোলে৷ এটা সৰু সাধাৰণ উদাহৰণ হ’ল দীঘলীপুখুৰী আৰু নর্থব্রুক গেটৰ কাষত অসম চৰকাৰৰ পর্যটন বিভাগে অর্থ উপার্জনৰ সহজ ব্যৱস্থা হিচাপে খোলা বা খুলিবলৈ দিয়া চাহৰ দোকানবোৰ যিবোৰে দুয়োডোখৰ ঠাইৰে ঐতিহ্যমণ্ডিত সৌন্দর্য আৰু মূল্যক উপহাস কৰিছে৷
ভোগালী বিহুক পর্যটকৰ আকর্ষণকাৰী উৎসৱলৈ ৰূপান্তৰিত কৰিবলৈ বিহুটিৰ গাত হাত দিয়াৰ একো প্রয়োজন নহ’ব৷ পাৰিলে তাৰ দেহৰ পৰা অতি আধুনিক সম্পদ–সংযোজনবোৰ্ আঁতৰ কৰাটোহে বুদ্ধিমানৰ কাম হ’ব৷ পর্যটকক আকর্ষণ কৰিবলৈ প্রয়োজন উৎসৱৰ সঠিক দিন–তাৰিখ৷ এই তাৰিখৰ অবিহনে পর্যটকে দীর্ঘদিনৰ আগতে ভ্রমণ পৰিকল্পনা কৰিব নোৱাৰে৷ ভোগালী বিহুৰ ক্ষেত্রত এই তাৰিখ প্রায় নিশ্চিত, হয়তো এদিনৰ আগ–পিছ হ’ব পাৰে৷ এই সময়ছোৱাত বতৰো ভ্রমণ উপযুক্ত হৈ থাকে৷ আৰু আটাইতকৈ গুৰুত্বপূর্ণ কথাটো হ’ল– এই উৎসৱত প্রদর্শন কৰিবলৈ একোকে নতুনকৈ প্রস্তুত কৰাৰ প্রয়োজন নাই৷ জনসাধাৰণে নিজাববীয়াকৈ বিভিন্ন ধৰণে আয়োজন কৰিয়েই আহিছে, বিভাগে সেইবোৰকে পৰিকল্পিত ৰূপত প্রদর্শন কৰিলেই হ’ল৷ এটা কথা চাব লাগে যে এইধৰণৰ উৎসৱ চাবলৈ অহা পর্যটকে অকল স্ফূর্তি–তামাচা চায়েই সন্তুষ্ট নহয়, বহুতে এই উৎসৱৰ বিভিন্ন দিশৰ গভীৰ অধ্যয়নো কৰিব বিচাৰে৷ সেই দিশটোৰ প্রতি সজাগ হ’লেহে এনে উৎসৱকেন্দ্রিক পর্যটনে বিকাশ লাভ কৰিব৷ আন এটা কথা মনত ৰাখিব লাগে যে পর্যটন অকল এটা চৰকাৰী বিভাগে কৰিব পৰা উদ্যোগ নহয়৷ পর্যটকৰ আগমনক কেন্দ্র কৰি যিমানবোৰ প্রায়োগিক সামগ্রী আৰু সেৱাৰ প্রয়োজন হ’ব সেই আটাইবোৰৰ সু–সমন্বয়েহে পর্যটন উদ্যোগক সবল কৰি তুলিব পাৰে৷ পর্যটন বিভাগে ব্রেণ্ড এম্বেছাডৰ ঠিক কৰিলে অথবা বাতৰিকাকতত বিজ্ঞাপন দিলেই পর্যটকৰ সোঁত ব’ব বুলি ভবাটো উচিত নহয়৷ পর্যটকৰ বাবে প্রয়োজনীয় আটাইবোৰ বস্তুৰ সু–সমন্বয় ঘটাইহে তাক প্রচাৰ কৰা উচিত৷ এটা কথা ঠিক যে অম্বুবাচী মেলাক পর্যটন উৎসৱলৈ ৰূপান্তৰিত কৰাত অসম চৰকাৰৰ বিভাগকেইটা যিমান সফল হৈছে, সেই অভিজ্ঞতাকে মূলধন হিচাপে লৈ আগন্তুক সময়ত ভোগালী বিহুটিকো পর্যটকৰ বাবে আকর্ষণীয় কৰি তুলিব পাৰে৷ সঁচা কথা, প্রথমবাৰত হয়তো কিছু অসুবিধা দেখা যাব, কিন্তু সকলো অসুবিধাৰে একোটা উত্তৰো থাকে, উত্তৰটো বিচাৰিব পাৰিলেই হ’ল৷

You might also like