বাজিব নেকি মহাকালৰ ঘণ্টা
ক’ৰোনা ভাইৰাছ মহামাৰী বা ক’ভিড–১৯ৰ সংক্রমণে সমগ্র পৃথিৱীকে ৰুগীয়া কৰিছে৷ মাৰাত্মক ভাইৰাছবিধৰ সংক্রমণৰ পৰা পৰিত্রাণৰ পথ বিচাৰি পোৱা নাই কোনো দেশে৷ কেইখনমান দেশে সংক্রমণত কিছু প্রতিৰোধ লগাবলৈ সক্ষম হৈছে যদিও পৰীক্ষাগাৰত বিৰামহীন গৱেষণা সত্ত্বেও ভাইৰাছবিধৰ প্রতিৰোধী টিকা উদ্ভাৱন সম্ভৱ হৈ উঠা নাই৷ গতিকে বিশ্বৰ ইমূৰৰ পৰা সিমূৰলৈ অব্যাহত আছে আতংক৷ এটা মাত্র ভাইৰাছ বিশ্বৰ মানৱ জাতিৰ বাবে কি ভয়ংকৰ ঘাতক হ’ব পাৰে সেই কথা ক’ভিড–১৯ ভাইৰাছে প্রমাণ কৰি দিছে৷ মাত্র এটা ভাইৰাছৰ বিৰুদ্ধে যুদ্ধ কৰাৰ শক্তি মানুহৰ নাই একোটা পাৰমাণৱিক বোমাৰে নিমিষতে লাখ লাখ মানুহৰ প্রাণ ল’ব পৰা, নিমিষতে একোখন জনবসতিপূর্ণ চহৰ ধূলিত মিহলি কৰি দিব পৰা যুদ্ধবাজ মহাপৰাক্রমী শক্তি আজি মাত্র এটা ভাইৰাছৰ বিৰুদ্ধে যুঁজিবলৈ গৈ অসহায় হৈ পৰিছে বিজ্ঞান–প্রযুক্তিৰ চমৎকাৰ অত্যাধুনিক ন ন আৱিষ্কাৰ বিশ্বব্রহ্মাণ্ডলৈ মানুহৰ দখলদাৰী–সকলো এটা ভাইৰাছৰ সন্মুখত ম্লান ক’ৰোনা ভাইৰাছৰ ৰকেটবেগী প্রাণঘাতী বিস্তাৰে আজি অসহায় মানুহক এই কথাবোৰেই ভাবিলৈ বাধ্য কৰাইছে৷ ক’ত গ’ল বিশ্বৰ মহাপৰাক্রমী দেশসমূহৰ মুহূর্ততে পৃথিৱীখনক ধ্বংসস্তূপত পৰিণত কৰাৰ ৰণোন্মাদী প্রতিযোগিতাৰ দম্ভ৷ ক’ত গ’ল প্রযুক্তিৰ বিস্ময়কৰ আৱিষ্কাৰেৰে মুহূর্ততে পৃথিৱীক নিয়ন্ত্রণ কৰাৰ অহংকাৰ৷ আচলতে মানৱ জাতিয়ে পৃথিৱীক শোষণ কৰি আত্মপ্রতিষ্ঠাৰ শিখৰত আৰোহণ কৰিছে যদিও অচিন ক্ষুদ্র ক্ষুদ্র ঘাতক ভাইৰাছবোৰৰ ওচৰত আমি অসহায়৷ ইয়াৰ মূল কাৰণ হৈছে বিজ্ঞান প্রযুক্তিৰ যিমান আৱিষ্কাৰ সম্ভৱ হৈছে, সেই সকলোবোৰেই কিন্তু মানুহৰ কল্যাণৰ স্বার্থত হোৱা নাই৷ অসমতা–বৈষম্য ভৰা পৃথিৱীত বিজ্ঞান প্রযুক্তিৰ ব্যৱহাৰ হৈছে প্রবল প্রতাপী শক্তিৰ স্বার্থত, সাম্রাজ্য বিস্তাৰৰ স্বার্থত৷ গণবিধ্বংসী যুদ্ধাস্ত্র নির্মাণ ধন কুবেৰবোৰৰ সম্পদৰ বিশাল ক্ষেত্রৰ সুৰক্ষাৰ বাবে বিজ্ঞান প্রযুক্তিক বন্দী সামগ্রিক স্বার্থৰ কল্যাণত নাই প্রয়োজনীয় গৱেষণা স্বাস্থ্য গৱেষণাত অধিক ধন বিনিয়োগৰ পৰিৱর্তে ধ্বংসাত্মক প্রতিযোগিতাত অধিক গুৰুত্ব– ক’ৰোনাৰ বিভীষিকাই এই কথাবোৰেই ধ্বনিত কৰিছে পৃথিৱীজুৰি৷ সেইবাবেই আমেৰিকা, ইটালী, ব্রিটেইন, স্পেইন, ফ্রান্স, জার্মানী আদিৰ দৰে সমৃদ্ধিশালী দেশবোৰে ক’ৰোনাৰ তাণ্ডৱত শিৰনত কৰি কেৱল প্রতিদিনে গণিব লগা হৈছে মৃত্যুৰ সংখ্যা৷ প্রতিদিনে কিমান লোক মাৰাত্মক ক’ৰোনাত আক্রান্ত হৈছে তাৰ হিচাপ ৰাখিবলৈ ব্যস্ত হ’ব লগা হৈছে একোখন দেশৰ চৰকাৰ৷ ক’ৰোনাৰ চিকাৰ হোৱা, তিল তিলকৈ মৃত্যুক আদৰি লোৱা লোকসকলৰ কফিনবোৰ পুতি অসহায়ভাৱে চকুলো টুকিছে বহু পৰাক্রমী নেতাই৷ কি যে ট্রেজেডী বিশ্বৰ ভিতৰতে চিকিৎসাৰ ক্ষেত্রত দ্বিতীয় স্থানত থকা দেশ ইটালীৰ প্রধানমন্ত্রীয়েও ক’ৰোনাৰ সংক্রমণ প্রতিৰোধী যুঁজত ব্যর্থ হৈ দেশবাসীৰ ওচৰত ক্ষমা বিচাৰিছে৷ মহাপ্রতাপী ড’নাল্ড ট্রাম্পে আমেৰিকাত কিমান লোকে প্রাণ হেৰুৱাব লাগিব তাৰেই পূর্বানুমান লগাইছে৷ ভেকচিন বা টিকা উদ্ভাৱন নোহোৱা পর্যন্ত ক’ৰোনাৰ এই সংহাৰ যে অব্যাহত থাকিব সেয়া এতিয়া সকলো দেশেই বুজিছে৷ ৰাষ্ট্রসংঘ, বিশ্ব স্বাস্থ্য সংস্থাকে ধৰি সকলো আন্তর্জাতিক সংস্থাৰ মূৰব্বীৰ বক্তব্যতো এতিয়া মাত্র হতাশাৰ সুৰ৷ মানুহৰ বিৰুদ্ধে ক’ৰোনাৰ বিশ্বজুৰি আধিপত্য বিস্তাৰৰ যুঁজ আৰু পৃথিৱীক হাতৰ মুঠিত নিয়ন্ত্রণ কৰিবলৈ আগবঢ়া মানুহৰ এই অসহায় অৱস্থা৷ ইয়াৰ মাজতো কেইখনমান দেশে আশা দেখুৱাইছে৷ কিউবা, ভিয়েটনাম, দক্ষিণ কোৰিয়া আদি দেশে ক’ৰোনাৰ সংহাৰক প্রতিহত কৰি আশাৰ বার্তা কঢ়িয়াইছে৷ ইয়াৰ মূল কাৰণ হৈছে এই দেশবোৰে স্বাস্থ্য শিতানত বিশেষ গুৰুত্ব দি আহিছে৷ দেশৰ জনসাধাৰণৰ কল্যাণৰ বাবেই এই দেশবোৰ ক’ৰোনাৰ মোকাবিলাৰ ক্ষেত্রত একপ্রকাৰ সফল হৈছে৷
ক’ৰোনা বিভীষিকাৰ সমান্তৰালকৈ আহিছে দুর্ভিক্ষ৷ জীৱিকা হেৰুৱাই ইতিমধ্যে অনাহাৰী, ক্ষুধার্ত লোকে বিচাৰি লৈছে আত্মহত্যাৰ পথ৷ ইতিমধ্যে দেশে দেশে আৰম্ভ হৈছে হাহাকাৰ পৰিস্থিতি৷ লকডাউনৰ সময়ত মানুহক ঘৰৰ ভিতৰতে সুমুৱাই ৰাখি ক’ৰোনা প্রতিৰোধৰ ব্যৱস্থা গ্রহণ কৰা হ’ল৷ কিন্তু কাম হেৰুওৱা মানুহৰ জীৱিকাৰ লকডাউনে স্থায়িত্ব পালে পৰিস্থিতি অধিক বিষময় হ’ব৷ গতিকে ক’ৰোনা মহামাৰীয়ে যি জটিল পৰিস্থিতি কঢ়িয়াই আনিছে, তাৰ মোকাবিলা কৰিবলৈ প্রতিখন দেশৰ চৰকাৰ সাজু থাকিব লাগিব৷ নহ’লে মহামাৰীতকৈ ভয়াৱহ দিনৰ সন্মুখীন হ’ব লাগিব বিশ্ববাসী৷ ক্ষুধার্ত লোকৰ আর্ত চিকাৰ ইতিমধ্যে ধ্বনিত হৈছে৷ বৃহৎ কোম্পানীবোৰে পাইকাৰী হাৰত কর্মচাৰী খেদিবলৈ লৈছে৷ অসংগঠিত ক্ষেত্রসমূহত কাম হেৰুৱাইছে অসংখ্য লোকে৷ উদ্যোগ, কাৰখানাবোৰত বন্ধ হৈ আছে উৎপাদন৷ তাৰ মাজতে আই এম এফকে ধৰি বহু সংস্থাই দাঙি ধৰিছে বিশ্ব অর্থনীতিৰ ভয়াৱহ ছবি৷ ইতিমধ্যে বিশ্বজুৰি ভয়াৱহ দুর্ভিক্ষত পৰিছে বিশ্বৰ কেইবা কোটিও লোক৷ গতিকে ক’ৰোনা ভাইৰাছে মানৱ জাতিক এক সন্ধিক্ষণত আনি থিয় কৰাইছে৷ এই সন্ধিক্ষণত বিশ্ব মানৱতাই লাভ কৰিব লাগিব অগ্রাধিকাৰ৷ ঐক্যবদ্ধভাৱে এই মহাসংকটৰ বিৰুদ্ধে যুঁজ নিদিলে সমগ্র পৃথিৱীতে বাজি উঠিব মহাকালৰ ঘণ্টা৷