নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বানৰ কবলত অসম

ক’ভিড–১৯বা ক’ৰোনা ভাইৰাছ মহামাৰীয়ে ভয়াৱহ পৰিস্থিতি অব্যাহত ৰখাৰ সময়তে ভয়ংকৰ বানৰ কবলত পৰিছে ৰাজ্যৰ কেবাখনো জিলা৷ ইতিমধ্যে বানত জাহ গৈছে এই জিলাসমূহৰ সহস্রাধিক গাঁও৷ শেহতীয়াকৈ চৰকাৰী তথ্য অনুসৰি ৪৫ হাজাৰ হেক্টৰ কৃষিভূমি এই কাল বানত জাহ গৈছে৷ ইফালে মুঠ ১৭খন জিলাত ৬ লাখ ৮০ হাজাৰ লোক প্রলয়ংকৰী বানত আক্রান্ত হোৱা বুলিও চৰকাৰী সূত্রই সদৰী কৰিছে৷ বিভিন্ন জিলাত বন্যার্ত তথা দুর্গত লোকক আশ্রয়দানৰ বাবে গঢ়ি তোলা হৈছে ৬০টাতকৈ অধিক অস্থায়ী শিবিৰ৷ এই শিবিৰসমূহত প্রায় ৫ হাজাৰ বন্যার্তক আশ্রয়দান কৰা হৈছে যদিও এক অভাৱনীয় যন্ত্রণাদায়ক পৰিস্থিতিৰ সন্মুখীন হৈছে দুর্গত লোকসকল৷ লক্ষণীয়ভাৱে এইবাৰ বান আৰু খহনীয়া প্রতিৰোধৰ নামত ৰাজ্য চৰকাৰে আগতীয়াকৈ কোনোধৰণৰ ব্যৱস্থা গ্রহণ কৰিবলৈ সক্ষম নহ’ল৷ ঘাতক ক’ভিড–১৯ৰ সংক্রমণত প্রতিৰোধ লগাবলৈ বলৱৎ কৰা লকডাউনৰ বাবেই বিভিন্ন কাম–কাজ বন্ধ ৰাখিবলগীয়া হয়৷ পৰিণতিত অতি বিপজ্জনক অৱস্থাত থকা মথাউৰিসমূহৰ মেৰামতি কার্য সম্ভৱ নহ’ল৷ ইফালে বিভিন্ন অঞ্চলত ব্রহ্মপুত্র আৰু ইয়াৰ উপনৈসমূহৰ খহনীয়া প্রতিৰোধ কৰাৰ ক্ষেত্রতো যাৱতীয় ব্যৱস্থা গ্রহণৰ সুযোগ নাপালে চৰকাৰৰ সংশ্লিষ্ট বিভাগে৷ গতিকে এইবাৰৰ বান পূর্বৰ তুলনাত অধিক ভয়াৱহ হৈ পৰিছে৷ ইতিমধ্যে প্রথমটো বানত ৰাজ্যখনৰ কেইবাখনো জিলাত কৃষকসকল বিস্তৰ ক্ষতিৰ সন্মুখীন হ’বলগীয়া হৈছে৷ এতিয়া ভৰ বাৰিষা আৰম্ভ হৈছে দ্বিতীয়টো বানৰ তাণ্ডৱ৷ নামনি অসমৰ বিভিন্ন জিলাত লাখ লাখ গঞাৰ জীৱন–জীৱিকালৈ এনে বানে কঢ়িয়াই আনিছে ভাবুকি৷ একে সময়তে উত্তৰ অসমৰ বিভিন্ন স্থানত ভূটানৰ পৰা নামি অহা ধল পানীয়ে সৃষ্টি কৰিছে তাণ্ডৱ৷ কেইবাখনো জিলা বিগত কেবাদিন ধৰি পানীৰ তলতে আছে৷ কিন্তু এই বান প্রতিৰোধৰ বাবে এতিয়া চৰকাৰৰ হাতত যেন কোনোধৰণৰ ব্যৱস্থা নাই৷
প্রতি বছৰেই অসমত বান আৰু খহনীয়াই কৃষি অর্থনীতিলৈ জটিল পৰিস্থিতি কঢ়িয়াই আনিছে৷ ৰাজ্যখনৰ গৰিষ্ঠসংখ্যক লোক কৃষিৰ ওপৰত নির্ভৰশীল যদিও ব্রহ্মপুত্র আৰু ইয়াৰ উপনৈসমূহৰ বান তথা খহনীয়াই অসমৰ ভৌগোলিক মানচিত্র সলনি কৰি পেলাইছে৷ বছৰি ব্রহ্মপুত্রৰ বুকুত জাহ গৈছে বহু জনাকীর্ণ কোলাহল পূর্ণ কৃষি অর্থনীতিত সমৃদ্ধিশালী গাঁও৷ বহু কৃষকে বছৰি ভেটি মাটি হেৰুৱাই অঘৰীৰ জীৱন যাপন কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে৷ একালৰ স্বচ্ছল কৃষকসকলৰ অৱস্থা এতিয়া দেউলীয়া৷ যিসকলে কৃষিৰ ওপৰত নির্ভৰ কৰি বছৰটো চলাৰ চিন্তা–চর্চা কৰে তেওঁলোকৰ বাবেও এতিয়া আহি পৰিছে নতুন সমস্যা৷ কাৰণ বছৰি ৩/৪টা বানে পথাৰ চেলেকি যোৱাৰ পাছত তাত খেতি লগাবলৈ কোনো সুযোগ বর্তী নাথাকে৷ ইয়াৰ ফলত কৃষকৰ মাটি ছন পৰি থাকে বছৰটো৷ ইয়াত কৃষি শস্যৰ পৰিৱর্তে কঁহুৱাই মূৰ দাঙি উঠে৷ এইখন অসমত প্রতিবছৰে কিমান কৃষকে নিজৰ পথাৰখন হেৰুৱাবলগীয়া হ’ল পৰৱর্তী সময়ত তাৰ কোনো হিচাপ নাথাকে৷ কিমান কৃষক–গঞা অঘৰী হ’ল সেই কথাও পাহৰণিৰ গর্ভত হেৰাই যায়৷ চৰকাৰী নথিত অসমৰ কৃষি অর্থনীতিৰ লেখদান কিয় অৱনমিত হ’ল তাৰ বিশ্লেষণো কৰা নহয়৷ এনেদৰে বছৰৰ পাছত বছৰ ধৰি অসমৰ কৃষক–গঞাই বান, খহনীয়াত সমস্ত হেৰুৱাবলগীয়া হৈছে৷ সর্বস্বান্ত হ’বলগীয়া হৈছে বহু কৃষক–গঞা৷ চলিত বর্ষতো বানৰ তাণ্ডৱে অসমৰ কৃষক–গঞাক জলাকলা দেখুৱাইছে৷ এই সময়ত চৰকাৰে বান প্রতিৰোধৰ বিভিন্ন প্রতিশ্রুতি প্রদান কৰাৰ বাহিৰে কৃষকসকল আশ্বস্ত হ’ব পৰাকৈ কোনোধৰণৰ বাস্তৱসন্মত ব্যৱস্থা গ্রহণ কৰি দেখুৱাবলৈ সক্ষম হোৱা নাই৷ গতিকে হতাশ হৈ পৰিছে অসমৰ খাটিখোৱা জনসাধাৰণ৷ সঁচাকৈয়ে এই বান আৰু খহনীয়াৰ পৰা পৰিত্রাণ দিবলৈ ৰাজ্যখনৰ চৰকাৰে বাস্তৱসন্মত পৰিস্থিতি গ্রহণ কৰিবলৈ সক্ষম নহ’ব নেকি?

You might also like