নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিটিচি দখলৰ অংক

কেন্দ্র–ৰাজ্য চৰকাৰৰ সৈতে এনডিএফবিৰ চাৰিওটা গোট আৰু এবছুৱে বিটিআৰ শান্তি চুক্তি সম্পাদন কৰাৰ পিছত বড়োভূমিত এতিয়া ব্যাপক ৰাজনৈতিক তৎপৰতাই বিৰাজ কৰিছে৷ লক্ষ্য বিটিচিৰ সমাগত নির্বাচন৷ শাসক–বিৰোধী উভয় শিবিৰে বিটিচিৰ ক্ষমতা দখলৰ অংকৰে ইতিমধ্যে নির্বাচনী ৰণক্ষেত্রত নামি পৰিছে৷ এইবাৰৰ বিটিচি নির্বাচন কেইবাটাও দিশৰ পৰা গুৰুত্বপূর্ণৰূপে চিহ্ণিত হৈছে৷ বিশেষকৈ দীর্ঘদিনীয়া সশস্ত্র সংগ্রামৰ অন্তত শান্তি চুক্তি স্বাক্ষৰ কৰি মূলসুঁতিলৈ ঘূৰি অহা এনডিএফবি আৰু ডিভাইড আছাম ৫০–৫০ শ্লোগানেৰে গণতান্ত্রিক আন্দোলন কৰি অহা এবছুৰ নেতৃত্বৰ সক্রিয় ৰাজনীতিত পদার্পণ৷ বিটিআৰ শান্তি চুক্তি স্বাক্ষৰৰ পাছত এবছুৰ মজিয়া ত্যাগ কৰা প্রমোদ বড়োৱে ২২ ফেব্রুৱাৰীত আনুষ্ঠানিকভাৱে ইউ জি ব্রহ্ম নেতৃত্বাধীন ইউ পি পি এলত যোগদান কৰিছে৷ দীর্ঘদিন ধৰি এবছুক সমুখৰ পৰা নেতৃত্ব দিয়াৰ অভিজ্ঞতাৰে পুষ্ট বড়ো ছাত্র সংগঠনটোৰ প্রাক্তন সভাপতি প্রমোদ বড়োৱে যোগদানৰ লগে লগে গ্রহণ কৰিছে ইউপিপিএলৰ কার্যকৰী সভাপতিৰ দায়িত্বও৷ ইয়াৰ বিপৰীতে এনডিএফবি নেতৃত্বই বর্তমান পর্যন্ত স্থিতি স্পষ্ট কৰা নাই যদিও এইবাৰৰ বিটিচি নির্বাচনত যে তেওঁলোকৰ ভূমিকা উল্লেখনীয় হ’ব, সেই কথা নিশ্চিত৷ আনকি এনডিএফবি নেতৃত্বই নির্বাচনত নিজাববীয়াকৈ প্রার্থী প্রক্ষেপতো ইংগিত দিছে৷ তাতকৈ তাৎপর্যপূর্ণ কথাটো হ’ল যে বিজনীৰ নিকটৱর্তী লেছিয়া গাঁৱত যোৱা ২১ ফেব্রুৱাৰীৰ পৰা দুদিনীয়াকৈ অনুষ্ঠতি ইউপিপিএলৰ চতুর্থ বার্ষিক অধিৱেশনত প্রথম দিনাৰ প্রতিনিধি সভাত বিটিআৰ শান্তি চুক্তিৰ অন্যতম স্বাক্ষৰকাৰী তথা এনডিএফবি(প্র)ৰ সভাপতি গোবিন্দ বসুমতাৰীৰ অংশগ্রহণ৷ নির্বাচনৰ পূর্বে নতুন দল গঠনৰ বিষয়টো সম্ভৱ নহয় আৰু নিজৰ বর্তমানৰ পোছাকযোৰ যে সলনি কৰিব, সেই কথা একালৰ সশস্ত্র সংগ্রামীজনে ইতিমধ্যে ৰাজহুৱাভাৱে প্রকাশ কৰিছে৷ ইয়ালৈ চাই অনুমান হয় গোবিন্দ বসুমতাৰীয়েও হয়তো ইউপিপিএলত যোগদান কৰিয়েই ৰাজনৈতিক জীৱনৰ অভিষেক ঘটাব৷ মুঠৰ ওচৰত বড়োভূমিৰ সাম্প্রতিক ৰাজনৈতিক প্রেক্ষাপটলৈ মন কৰিলে এটা কথা স্পষ্ট হৈছে যে দীঘলীয়া সময়ত বিৰোধীৰ আসনত বহি থকা ইউপিপিএলৰ ভেটি ক্রমান্বয়ে শক্তিশালী হৈ গৈ আছে৷
নির্বাচনী কুচকাৱাজৰ মাজতে বড়োভূমিত এটা প্রশ্ণই সর্বাধিক চর্চা লাভ কৰিছে– এইবাৰৰ নির্বাচনত হাগ্রামা মহিলাৰী আৰু তেওঁৰ নেতৃত্বাধীন বিপিএফ প্রত্যাহ্বানৰ সন্মুখীন হ’ব নেকি? বড়োভূমিৰ সাম্প্রতিক ৰাজনৈতিক প্রেক্ষাপটত ইয়াৰ বাস্তৱিকতা নুই কৰিব নোৱাৰি৷ এটা কথা পূর্বে উল্লেখ কৰি অহা হৈছে যে প্রমোদ বড়ো এবছুক দীর্ঘকাল নেতৃত্ব দিয়াৰ অভিজ্ঞতাৰে পুষ্ট৷ এই সময়ছোৱাত বড়ো জাতিৰ গণতান্ত্রিক আন্দোলনক আগুৱাই নিয়াত তেওঁৰ ভূমিকা কোনেও নুই কৰিব নোৱাৰে৷ সর্বোপৰি বড়ো জনসাধাৰণৰ মাজত এবছুৰ এক শক্তিশালী গণভিত্তি আছে৷ এতিয়া প্রমোদ বড়োৱে ইউপিপিএলত যোগদান কৰি বিটিচিৰ পৰা দুর্নীতিগ্রস্ত আৰু ভ্রষ্টাচাৰী নেতাক বাহিৰ কৰাটো তেওঁলোকৰ দ্বিতীয় যুদ্ধ বুলি ঘোষণা কৰিছে৷ ২০০৩ চনত চৰকাৰ আৰু বিএলটিৰ মাজত বিটিচি চুক্তি সম্পন্ন হোৱাৰ পাছতে গঠন হৈছিল বিপিএফ৷ সেই তেতিয়াৰে বিপিএফ বিটিচিৰ শাসনত আছে৷ তদুপৰি ২০০৬ চনৰ পৰা তদানীন্তন কংগ্রেছ আৰু বর্তমানৰ বিজেপি নেতৃত্বাধীন মিত্রজোঁট চৰকাৰৰো অংশীদাৰ বিপিএফ৷ বিগত সময়ছোৱাত হাগ্রামা মহিলাৰী নেতৃত্বাধীন বিটিচি চৰকাৰৰ বিৰুদ্ধে বিভিন্ন দুর্নীতি–নিয়মৰ অভিযোগ আছে৷ সক্রিয় ৰাজনীতিত পদার্পণ কৰিয়েই এই দুর্নীতি–নিয়মৰ বিৰুদ্ধে হুংকাৰ দি জনসাধাৰণক জাগ্রত কৰি তুলিব বিচাৰিছে প্রমোদ বড়োৱে৷ হাগ্রামা মহিলাৰী প্রত্যাহ্বানৰ সন্মুখীন হোৱাৰ আন এটা সম্ভাব্য কাৰণ এনডিএফবি নেতৃত্বৰো ৰাজনৈতিক কুচকাৱাজ৷ ইতিপূর্বে নির্বাচনী যুঁজত হাগ্রামা মহিলাৰী তথা বিপিএফক পৰাজিত কৰা একমাত্র শক্তি ৰূপে চিহ্ণিত হৈছিল নৱ কুমাৰ শৰণীয়া৷ বিগত দুটাকৈ লোকসভা নির্বাচনত বড়োভূমিত একমাত্র সংসদীয় সমষ্টি কোকৰাঝাৰত বিপিএফক পৰাজিত কৰি নৱ কুমাৰ শৰণীয়া নির্বাচিত হৈছে৷ সাংসদ নৱ কুমাৰ শৰণীয়াৰ পৃষ্ঠপোষকতাত জন্মলাভ কৰা গণ সুৰক্ষা পার্টী এইবাৰৰ নির্বাচনত অবড়ো অধ্যুষিত অঞ্চলত এটা ডাঙৰ ফেক্টৰ হৈ উঠিব পাৰে৷ বিটিচি নির্বাচনক লৈ বিজেপিৰ স্থিতিও এইক্ষেত্রত গুৰুত্বপূর্ণৰূপে চিহ্ণিত হৈছে৷ অকল বিপিএফেই নহয়, বিজেপিয়ে ইউপিপিএলৰ বাবেও মিত্রতাৰ দুহাত খোলা ৰাখিছে৷ ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে স্পষ্টভাৱে কৈছে যে সকলোকে একলগ কৰি বিজেপিয়ে বিটিচি নির্বাচনত অংশগ্রহণ কৰিব৷ সেইদৰে ইউপিপিএলৰ সভাপতি ইউ জি ব্রহ্ময়ো বিজেপিৰে মিত্রতা স্থাপনৰ ক্ষেত্রত সংবাদ মাধ্যমযোগে আগ্রহ ব্যক্ত কৰা পৰিলক্ষিত হৈছে৷ যদিহে ইউপিপিএলৰ সৈতে বিজেপিৰ মিত্রতা সম্ভৱ হৈ উঠে, তেন্তে সেয়া হ’ব বড়োভূমিৰ ৰাজনীতিত এক গুৰুত্বপূর্ণ পৰিঘটনা৷

You might also like