বেদখল
ব্রহ্মপুত্র আৰু ইয়াৰ উপনৈসমূহৰ গৰাখহনীয়া আৰু ইয়াৰ সমান্তৰালভাৱে বেদখল সম্প্রতি অসমৰ বাবে এক জটিল সমস্যা ৰূপে পৰিগণিত হৈছে৷ চুবুৰীয়া চাৰিখন ৰাজ্য ক্রমে মিজোৰাম, অৰুণাচল প্রদেশ, নাগালেণ্ড আৰু মেঘালয়ে অসমৰ বৃহৎ পৰিমাণৰ ভূমি বেদখল কৰি ভৌগোলিক পৰিসৰ কার্যতঃ সংকুচিত কৰিছে৷ তদুপৰি ৰাজ্যখনৰ বৃহৎ পৰিসৰৰ চৰকাৰী–বনভূমিত বছৰ বছৰ ধৰি বেদখল হৈ আছে৷ সময়ে সময়ে এনে বেদখল উচ্ছেদ কৰাৰ বাবে চৰকাৰে পদক্ষেপ গ্রহণ কৰিছে যদিও এতিয়ালৈকে চৰকাৰী–বনভূমি সংশ্লিষ্ট কর্তৃপক্ষই সম্পূর্ণৰূপে বেদখলমুক্ত কৰিব পৰা নাই৷ অতি উদ্বেগজনক তথ্য অনুসৰি বিগত ২০০১ চনৰ পৰা বর্তমানলৈকে এই ২০ বছৰৰ ভিতৰতে ব্রহ্মপুত্র আৰু অন্যান্য উপনৈসমূহৰ গৰাখহনীয়াত ১,১৪১খন গাঁৱৰ ৫৮,০৯৪টা পৰিয়ালৰ ৫,৩৫,৫৭৯ বিঘাতকৈও অধিক ভূমি জাহ গৈছে৷ বিগত সময়ছোৱাত প্রতিবছৰে তাণ্ডৱ সৃষ্টিকাৰী বানপানীৰ লগতে গৰাখহনীয়াক ৰাষ্ট্রীয় সমস্যা হিচাপে গণ্য কৰাৰ দাবী সজোৰে উত্থাপন হৈ আহিছে যদিও কেন্দ্রীয় চৰকাৰে এইক্ষেত্রত কোনো ধৰণৰ চূড়ান্ত সিদ্ধান্ত গ্রহণ কৰা নাই৷ পৰিণতিত কৃষিপ্রধান ৰাজ্য অসমৰ নৈপৰীয়া জনসাধাৰণৰ বাবে বান আৰু গৰাখহনীয়া ত্রাসৰ কাৰণ হৈ পৰিছে৷ বানপানীয়ে ৰাজ্যখনৰ বিস্তীর্ণ এলেকা প্রতিবছৰে জলমগ্ণ কৰি জনসাধাৰণৰ ঘৰ–দুৱাৰ, কৃষিভূমি বিনষ্ট কৰাৰ সমান্তৰালভাৱে গৰাখহনীয়াই সর্বস্বান্ত কৰিছে বহুতকে৷ যাৰ স্পষ্ট প্রমাণ হ’ল মাত্র কুৰিটা বছৰৰ ভিতৰতে ৫,৩৫,৫৭৯ বিঘাতকৈও অধিক ভূমি গৰাখহনীয়াত জাহ যোৱাটো৷ সেইদৰে চুবুৰীয়া ৰাজ্যই অসমৰ ভূমিত আগ্রাসন অব্যাহত ৰখাটো এক দীর্ঘদিনীয়া সমস্যা৷ ইয়াক কেন্দ্র কৰি যোৱা সময়ছোৱাত আন্তঃৰাজ্যিক সীমান্তত বহুকেইটা অপ্রীতিকৰ ঘটনা সংঘটিত হৈছে৷ অতি শেহতীয়াকৈ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ নেতৃত্বত চুবুৰীয়া ৰাজ্যৰে থকা সীমা সংঘাত নিষ্পত্তি কৰাৰ বাবে উদ্যোগ গ্রহণ কৰা পৰিলক্ষিত হৈছে৷ নিশ্চিতভাৱে এয়া যথেষ্ট ইতিবাচক৷ যদিহে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ এই উদ্যোগ সফলকাম হয়, তেন্তে দীর্ঘদিনীয়া এক বিষয়ৰ ওৰ পৰিব৷ কিন্তু তথ্য অনুসৰি বর্তমানে মিজোৰাম, অৰুণাচল প্রদেশ, নাগালেণ্ড আৰু মেঘালয়ে অসমৰ মুঠ ২,৪৮,৪৩০.৩৬ বিঘা ভূমি বেদখল কৰি আছে৷ ইয়াৰ ভিতৰত মিজোৰামে ১৮,২৪২.৩৩ বিঘা, অৰুণাচল প্রদেশে ৮১,৬৮৮.১৭ বিঘা ২ কোঠা ১৬ লেচা, নাগালেণ্ডে ১,৪৩,৬৪৯ বিঘা ১ কঠা ১৩ লেচা আৰু মেঘালয়ে বেদখল কৰি আছে ৪,৮৫০.৮৬ বিঘা ১৮ লেচা মাটি৷ সীমা সংঘাত নিষ্পত্তিৰ সমান্তৰালভাৱে চুবুৰীয়া ৰাজ্যৰ কবলৰ পৰা অসমৰ এই বৃহৎ পৰিমাণৰ ভূমি বেদখলমুক্ত কৰাৰ ক্ষেত্রত অসম চৰকাৰে কেনেধৰণৰ স্থিতি গ্রহণ কৰে সেয়া লক্ষণীয় হ’ব৷
আটাইতকৈ গুৰুত্বপূর্ণ কথাটো হ’ল অসমৰ সেউজ অৰণ্য ধ্বংস কৰি তাত একাংশ লোকে বসতি স্থাপন কৰাটো৷ ৰাজ্যখনত সাতখন ৰাষ্ট্রীয় উদ্যানৰ উপৰি তিনি শতাধিক সংৰক্ষিত বনাঞ্চল আছে৷ এই সংৰক্ষিত বনাঞ্চলসমূহৰ মুঠ মাটিকালি হৈছে ১৩,৫৯,০২৬.৭০ হেক্টৰ৷ ইণ্ডিয়ান ষ্টেট অৱ ফৰেষ্ট ৰিপ’ট–২০১৯ৰ তথ্য অনুসৰি এই বনাঞ্চলসমূহৰ ২,৫৪০ বর্গকিলোমিটাৰ অতি ঘন বনভূমি ৮,৮৪০ বর্গকিলোমিটাৰ মধ্যম ঘন বনভূমি আৰু ৮,৭৬৪ বর্গকিলোমিটাৰ মুকলি বনভূমি৷ কিন্তু অতি উদ্বেগজনক কথাটো হ’ল যে যি সময়ত জলবায়ু পৰিৱর্তনে সৃষ্টি কৰা সম্ভাব্য ভয়াৱহ পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি বৃক্ষৰোপণৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে, সেই সময়তে সংৰক্ষিত বনাঞ্চলসমূহৰ ৩,৬৩,১৪২.২০ হেক্টৰ মাটিত বেদখল হৈছে৷ বন বিভাগ বা সংশ্লিষ্ট কর্তৃপক্ষই বনাঞ্চলত হোৱা বেদখল সম্পূর্ণৰূপে উচ্ছেদ তথা প্রতিৰোধ কৰাৰ ক্ষেত্রত বর্তমানলৈকে সফল হোৱা নাই৷ বিগত প্রায় পাঁচ বছৰত ৮,৩৪৯.৪৩ হেক্টৰ বেদখলীকৃত বনভূমিত উচ্ছেদ কার্য চলোৱা হৈছে যদিও চৰকাৰৰ এনে পদক্ষেপলৈ কেৰেপ নকৰি একাংশই এতিয়াও বনাঞ্চলত বেদখল অব্যাহত ৰখাৰ বাতৰি সময়ে সময়ে সংবাদ মাধ্যমত প্রকাশ পাই আহিছে৷ বেদখলৰ সমান্তৰালভাৱে বনদস্যুৱে সেউজ অৰণ্যৰ গছ–গছনি কাটি চলাই গৈছে কাঠৰ অবৈধ বেহা৷ আনকি বনদস্যুৰ এনে কার্যত খোদ বন বিভাগৰে একাংশ বিষয়া–কর্মচাৰীয়ে পৃষ্ঠপোষকতা আগবঢ়োৱাৰ অভিযোগ আছে৷ গতিকে এই বিষয়টোত বন বিভাগৰ ঊর্ধ্বতন কর্তৃপক্ষই অগ্রাধিকাৰ দিয়া উচিত৷ ইয়াৰ অন্যথা অসমত বনভূমি হ্রাস পোৱাৰ লগতে এদিন হয়তো সম্পূর্ণৰূপে উচন হ’ব ইয়াৰ মূল্যৱান গছ–গছনি তথা বনজ সম্পদসমূহ৷