নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বড়ো ৰাজনীতি

নতুন দিল্লীত যোৱা ২৭ জানুৱাৰীত এন ডি এফ বিৰ চাৰিটা গোট আৰু নিখিল বড়ো ছাত্র সন্থা (এবছু)ৰ স’তে কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰে স্বাক্ষৰ কৰা ত্রিপাক্ষিক চুক্তিখনক ঐতিহাসিক আখ্যা দি বড়োভূমিলৈ স্থায়ী শান্তি ঘূৰি আহিব বুলি উভয় পক্ষই দাবী কৰি আহিছে৷ প্রায় তিনি দশকজোৰা সশস্ত্র সংগ্রামৰ নামত চলি থকা হিংসা–হত্যাৰ দাৱানলে মাথোঁ বি টি এ ডিৰ চাৰিখন জিলাকে নহয়, ব্রহ্মপুত্র উপত্যকাৰ কেইবাখনো জিলাক দগ্ধ কৰিছে৷ সুকীয়া বড়োলেণ্ডৰ দাবীত এবছুৱে দীর্ঘদিন ধৰি গণতান্ত্রিক সংগ্রাম চলাই থকাৰ সমান্তৰালকৈ এন ডি এফ বিয়ে স্বাধীন বড়োলেণ্ডৰ দাবীত সশস্ত্র সংগ্রাম চলাই আছিল৷ ২৭ জানুৱাৰীত চুক্তি স্বাক্ষৰৰ জৰিয়তে বি টি এ ডিক নতুনকৈ বি টি আৰ ৰূপে গঢ়াৰ সিদ্ধান্ত লোৱা হৈছে৷ চুক্তি স্বাক্ষৰৰ পিছতে বড়ো ৰাজনীতিত নতুন সমীকৰণ আৰম্ভ হৈছে৷ চুক্তি স্বাক্ষৰকাৰী এন ডি এফ বি আৰু এবছুৰ নেতাসকলে নতুন ৰাজনৈতিক দল গঠনৰ উদ্যোগক লৈও চর্চা চলিছে৷ তিনি মাহৰ ভিতৰতে বি টি এ ডিৰ নির্বাচন অনুষ্ঠিত হ’ব লাগে৷ ২০২১ত অনুষ্ঠিত হ’ব ৰাজ্যৰ বিধানসভা নির্বাচন৷ ২০০৩ৰ ১০ ফেব্রুৱাৰীত বিটিচি চুক্তি স্বাক্ষৰৰ পিছত বি টি এ ডিৰ ক্ষমতাত আছে হাগ্রামা মহিলাৰী নেতৃত্বাধীন বি পি এফ দল৷ বিটিচি চুক্তিৰ পূর্বে হাগ্রামা মহিলাৰী আছিল বি এল টি নামৰ সশস্ত্র সংগঠনটোৰ মুৰব্বী৷ বিগত ডেৰ দশক ধৰি মাথোঁ বি টি এ ডিৰে নহয়, দিছপুৰৰ ক্ষমতাৰ অংশীদাৰ হৈ বড়ো ৰাজনীতিত নির্ণায়ক ভূমিকা গ্রহণ কৰি আছে বি পি এফে৷ বি টি এ ডিৰ ক্ষমতা হস্তগত কৰাৰ পিছতেই বি পি এফ দলত বিভাজন হ’লেও বিগত ডেৰ দশক ধৰি বড়ো ৰাজনীতিত হাগ্রামা মহিলাৰীক প্রত্যাহ্বান জনোৱাৰ জোখাৰে বিশেষ ৰাজনৈতিক শক্তিৰ উত্থান হোৱা নাই৷ এই সময়ছোৱাত দিল্লী–দিছপুৰত যি দলেই ক্ষমতাত অধিষ্ঠিত হৈছে সেই দলৰেই অংশীদাৰ হৈছে মহিলাৰী নেতৃত্বাধীন দলটো৷ অৱশ্যে বি টি এ ডিৰ ৰাজনীতিত হাগ্রামা মহিলাৰীক যোৱা ৬–৭ বছৰত সাংসদ নৱ কুমাৰ শৰণীয়াই কিছু পৰিমাণে প্রত্যাহ্বান দিবলৈ সক্ষম হৈছে৷ বি টি এ ডিত বসবাস কৰা অবড়ো জাতি–জনগোষ্ঠীসমূহ আৱেগ আৰু নিৰাপত্তাৰ দিশটোক মূলধন ৰূপে লৈ সাংসদ শৰণীয়াৰ ৰাজনৈতিক যুঁজখন লোকসভা নির্বাচনতে সীমাবদ্ধ হৈ আছে৷ বি টি এ ডিৰ বিগত নির্বাচনত মহিলাৰীক ক্ষমতাচ্যুত কৰাৰ জোখাৰে সাংসদ শৰণীয়াই শক্তি আহৰণ কৰিব পৰা নাই৷
বিগত ডেৰ দশক ধৰি দিল্লী–দিছপুৰৰ ক্ষমতাৰ অংশীদাৰ হৈ বড়ো ৰাজনীতিত আধিপত্য বিস্তাৰ কৰা হাগ্রামা মহিলাৰীৰ শক্তি আগন্তুক নির্বাচনত অক্ষুণ্ণ থাকিবনে? আগন্তুক বি টি এ ডি আৰু বিধানসভাৰ নির্বাচনত পূর্বৰ শক্তি অক্ষুণ্ণ ৰখাটো যে সহজসাধ্য নহয় সেয়া হাগ্রামা মহিলাৰীয়ে বুজিছে৷ ২০০৬ৰ বিধানসভা নির্বাচনৰ পূর্বৰে পৰা এবছুৰ সৈতে প্রত্যক্ষ সংঘাতত নামি পৰিছিল হাগ্রামা মহিলাৰী৷ ৰাজ্যৰ বড়ো ৰাজনীতিত ছাত্র সংগঠন হ’লেও এবছুৰ নেতৃত্বই নির্ণায়ক ভূমিকা গ্রহণ কৰি আহিছে৷ সঘনে ৰাজনৈতিক দল গঠন হ’লেও এবছুৰ সমর্থন অবিহনে বড়ো ৰাজনীতিত কোনো দলেই আশাপ্রদ সফলতা লাভ কৰা নাছিল৷ এবছুক একাষৰীয়া কৰি বড়ো ৰাজনীতিত বিগত ডেৰ দশকে দপদপাই থকা নেতাজনেই হ’ল হাগ্রামা মহিলাৰী৷ কিন্তু বড়ো ভোটৰ বিভাজন ৰোধ কৰিব নোৱাৰিলে বি টি এ ডি আৰু দিছপুৰৰ ক্ষমতা লাভ কৰাটো যে সহজ নহয় সেয়া উপলব্ধি কৰিছে বিটিচিৰ মুৰব্বীগৰাকীয়ে৷ সেয়ে বিগত ডেৰ দশকে একাষৰীয়া কৰি ৰখা এবছু আৰু এন ডি এফ বিৰ স’তে নির্বাচনী মিত্রতাৰ বাবেও তেওঁ চেষ্টা চলোৱাই নহয়, ইউ জি ব্রহ্মক ৰাজ্যসভাৰ সাংসদ পতাৰো মুকলি প্রস্তাৱ দিছে৷ কিন্তু নতুন দিল্লীত চুক্তি স্বাক্ষৰৰ পিছত কুৰি দিনৰ বড়ো ৰাজনীতি লক্ষ্য কৰিলে দেখা যায় যে চুক্তি স্বাক্ষৰকাৰীসকলে হাগ্রামা মহিলাৰীক ৰাজনৈতিক সংগ দিবলৈ বিচৰা নাই৷ নতুন ৰাজনৈতিক দল গঠন কৰাৰ সম্ভাৱনা নিস্তেজ হ’লেও হাগ্রামা মহিলাৰীৰ বিৰোধী শিবিৰত অৱস্থান কৰা ইউনাইটেড পিপ’লছ পার্টী (লিবাৰেচন) চমুকৈ ইউ পি পি এলক শক্তিশালী কৰাৰ বাবেহে তৎপৰ হৈছে এবছু আৰু এন ডি এফ বিৰ শীর্ষ নেতৃত্ব৷ অহা ২১ আৰু ২২ ফেব্রুৱাৰীত বিজনীত ইউ পি পি এলৰ ৰাজনৈতিক অভিৱর্তন আহ্বান কৰা হৈছে৷ ইয়াৰ পূর্বে ১৮ ফেব্রুৱাৰীত নতুন ৰাজনৈতিক দল গঠন কৰা–নকৰা সন্দর্ভত স্থিতি ৰাজহুৱা কৰিব বুলি সদৰী কৰিছে এবছুৰ বিদায়ী সভাপতি প্রমোদ বড়োৱে৷ চুক্তি স্বাক্ষৰকাৰী নেতৃত্বই নতুন ৰাজনৈতিক দল গঠন কৰক বা নকৰক এইবাৰ কোনো কাৰণতে যে হাগ্রামা মহিলাৰীক সমর্থন নকৰে সেয়া প্রায় স্পষ্ট হৈছে৷ এবছুৰ প্রাক্তন সভাপতি প্রমোদ বড়ো আৰু এন ডি এফ বিৰ নেতাসকলে শাসকীয় বিজেপিৰ স’তে নির্বাচনী মিত্রতা কৰিবলৈ আগ্রহ ব্যক্ত কৰিছে৷ বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসেও এইক্ষেত্রত মুকলিকৈ সহায়ৰ হাত আগবঢ়োৱা হ’ব বুলি ঘোষণা কৰিছে৷ এনে পৰিস্থিতিত ৰাজ্যৰ বড়ো ৰাজনীতিত হাগ্রামা মহিলাৰীৰ আধিপত্য সুৰক্ষিত হৈ থকা নাই৷ দিল্লী–দিছপুৰত ১০ বছৰীয়া কংগ্রেছৰ স’তে মিত্রতাৰ পিছত মহিলাৰী নেতৃত্বাধীন দলটোৱে বিগত ছবছৰে বিজেপিক সংগ দিছে৷ যদিহে এবছু আৰু এন ডি এফ বিৰ নেতৃত্বৰ নতুন ৰাজনৈতিক শক্তিয়ে বড়ো ৰাজনীতিত আধিপত্য বিস্তাৰ কৰে তেন্তে বড়ো ৰাজনীতিত ডেৰ দশকজোৰা হাগ্রামা মহিলাৰীৰ আধিপত্যৰ বেলি মাৰ যোৱাৰ আশংকা ঘনীভূত হৈছে৷

You might also like