নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰত–মার্কিন বাণিজ্য চুক্তি

ফার্ষ্ট লেডী মেলানিয়া ট্রাম্পসহ অহা ২৪ ফেব্রুৱাৰীত ভাৰতত উপস্থিত হ’ব বিশ্বৰ মহাশক্তিধৰ দেশ আমেৰিকাৰ ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্প৷ দুদিনীয়াকৈ নির্ধাৰিত হোৱা সপত্নীক মার্কিন ৰাষ্ট্রপতি ট্রাম্পৰ ভাৰত ভ্রমণসূচীয়ে বিভিন্ন দিশৰ পৰা গুৰুত্ব লাভ কৰিছে৷ বিশেষকৈ ৰাষ্ট্রপতি ট্রাম্পৰ ভ্রমণসূচীৰ সময়তে বাণিজ্য আৰু প্রতিৰক্ষা খণ্ডক লৈ একাধিক ভাৰত–মার্কিন চুক্তি সম্পাদনৰ আশা কৰা হৈছিল৷ কিন্তু শেহতীয়াকৈ আমেৰিকাৰে বাণিজ্য চুক্তি স্বাক্ষৰৰ বিষয়টো একপ্রকাৰ অশ্চিয়তাৰ মাজত সোমাই পৰিছে৷ আৰম্ভণিৰে পৰাই বহু চর্চিত বাণিজ্য চুক্তিখনক কেন্দ্র কৰি দিল্লী–ৱাশ্বিংটন উভয়ৰে প্রত্যাশা আছিল৷ মন্দাৱস্থাই বিৰূপ প্রভাৱ পেলোৱা ভাৰতীয় অর্থনীতিয়ে বাণিজ্য চুক্তি স্বাক্ষৰ হোৱাৰ লগে লগে যথেষ্ট সকাহ পালেহেঁতেন৷ দিল্লীৰ প্রত্যাশা আছিল– আমেৰিকাৰে বাণিজ্য চুক্তি স্বাক্ষৰ হোৱাৰ ফলত ভাৰতীয় ইস্পাত আৰু এলুমিনিয়ামৰ সামগ্রীৰ ওপৰত আৰোপিত শুল্ক প্রত্যাহাৰ হ’ব, বহু ভাৰতীয় সামগ্রীয়ে শুল্ক অবিহনে মার্কিন মুলুকত প্রৱেশৰ সুবিধা পাব, গাড়ী–গাড়ীৰ যন্ত্রাংশ–ভিযান্ত্রিক্ সামগ্রীৰ মুকলি বজাৰৰ সুবিধা আদি৷ চুক্তি স্বাক্ষৰৰ বিষয়টোত উদ্ভৱ হোৱা সংশয়ৰ মূলতে দ্বিপাক্ষিক বাণিজ্যৰ বিষয়ত ভাৰত–আমেৰিকা উভয় দেশৰ মাজত থকা মতানৈক্য৷ এই মতানৈক্যসমূহ নিষ্পত্তি অথবা দূৰ নকৰাকৈ চুক্তি সম্পাদনত জটিলতা আছে৷ সেয়েহে ৰাষ্ট্রপতি ট্রাম্পৰ ভ্রমণসূচীৰ পূর্বে প্রস্তাৱিত বাণিজ্য চুক্তিৰ চূড়ান্ত খচৰা প্রস্তুত কৰিবলৈ ভাৰতত উপস্থিত হোৱাৰ কথা আছিল আমেৰিকাৰ বাণিজ্য প্রতিনিধি ৰবার্ট লাইথিজাৰ৷ পিছে পৰিৱর্তিত পৰিস্থিতিত বর্তমানপর্যন্ত আমেৰিকাৰ বাণিজ্য প্রতিনিধিজনে ভাৰত ভ্রমণসূচী চূড়ান্ত কৰা নাই৷ অৱশ্যে সংবাদ মাধ্যমত প্রকাশিত খবৰ অনুসৰি কেন্দ্রীয় বাণিজ্য মন্ত্রী পীয়ূষ গোৱেল আৰু ৰবার্ট লাইথিজাৰৰ মাজত একাধিকবাৰ টেলিফোনিক বার্তালাপ হৈছে যদিও বাণিজ্য চুক্তি সম্পাদনত প্রতিবন্ধকতাৰ সৃষ্টি কৰা বিষয়সমূহ নিষ্পত্তি হোৱা নাই৷ ইতিমধ্যে ব্যাপক চর্চা হৈছে যে মার্কিন ৰাষ্ট্রপতি ট্রাম্পৰ ভ্রমণৰ সময়ছোৱাত এখন সৰু বাণিজ্য চুক্তি স্বাক্ষৰ হ’বলগীয়া থাকিলেও তাৰ খচৰা চূড়ান্ত কৰিবলৈ ৰবার্ট লাইথিজাৰ ভাৰতত উপস্থিত হোৱাটো জৰুৰী আছিল৷ কিন্তু বর্তমানপর্যন্ত তেওঁৰ ভাৰত ভ্রমণসূচী নির্ধাৰণ নোহোৱাটোৱে বাণিজ্য চুক্তি সম্পাদনৰ বিষয়টোক অনিশ্চয়তাৰ মাজলৈ ঠেলি দিছে৷
ভাৰতৰ সৈতে আমেৰিকাৰ বাণিজ্যিক ঘাটি হ্রাস কৰাৰ সপক্ষে বিগত সময়ছোৱাত মত আগবঢ়াই আহিছে ট্রাম্প প্রশাসনে৷ কিন্তু দুয়োখন দেশৰ মাজত বাণিজ্য চুক্তি অবিহনে ইয়াক বাস্তৱায়িত কৰাত আশংকা আছে৷ আটাইতকৈ গুৰুত্বপূর্ণ কথাটো হ’ল– কোনো বাণিজ্য চুক্তি সম্পাদন নহ’লে ভাৰত–মার্কিন সম্পর্কত বিৰূপ প্রভাৱ পৰিব পাৰে বুলি আশংকা প্রকাশ কৰিছে খোদ ট্রাম্প প্রশাসনৰ দক্ষিণ আৰু মধ্য এছিয়া সংক্রান্তীয় সহকাৰী সচিব এলিছ ৱেলছে৷ এনে প্রেক্ষাপটত কূটনৈতিক দিশৰ পৰাও ভাৰত–মার্কিন বাণিজ্য চুক্তিৰ গুৰুত্ব আছে৷ এই বিষয়টোত ভাৰতৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে প্রত্যক্ষ তথা সক্রিয় ভূমিকা ল’ব লাগিব৷ প্রধানমন্ত্রী মোদী আৰু মার্কিন ৰাষ্ট্রপতি ট্রাম্পৰ সহমতৰ ওপৰতে দুয়ো দেশৰ মাজত বাণিজ্য চুক্তি স্বাক্ষৰৰ বিষয়টো বহুলাংশে নির্ভৰ কৰিব বুলি বর্তমানৰ প্রেক্ষাপটতে ক’ব পাৰি৷ ইফালে বাণিজ্যিক চুক্তিক কেন্দ্র কৰি চর্চা অব্যাহত থকাৰ সময়তে আমেৰিকাৰ এক সিদ্ধান্ত ভাৰতৰ ক্ষেত্রত স্বাভাৱিকতে উদ্বেগজনক ৰূপে বিবেচিত হৈছে৷ বাণিজ্যিক মাপকাঠীত ভাৰতৰ নাম ‘উন্নয়নশীল দেশ’ৰ তালিকাৰ পৰা কর্তন কৰিছে মার্কিন সংস্থা ‘ইউনাইটেড ষ্টেটছ ট্রেড ৰিপ্রেজেণ্টেটিভ’–এ৷ ইয়াৰ ফলত মার্কিন মুলুকত ভাৰতীয় ৰপ্তানিয়ে তীব্র প্রত্যাহ্বানৰ সন্মুখীন হোৱাৰ সম্ভাৱনাই প্রকট৷ ‘উন্নয়নশীল দেশ’ হোৱাৰ বাবে ভাৰতে বাণিজ্যিক ক্ষেত্রত কম শুল্কসহ আন কেতবোৰ বিশেষ সুবিধা লাভ কৰিছিল আমেৰিকাৰ পৰা৷ কিন্তু এতিয়া আমেৰিকাৰ দৃষ্টিত ভাৰত ‘উন্নত দেশ’৷ ভাৰত বর্তমান জি–২০ৰ সদস্যভুক্ত, বিশ্ব বাণিজ্যত নতুন দিল্লীৰ অংশীদাৰিত্ব ০.৫ শতাংশ বা ততোধিক৷ ইয়াৰ লগে লগে ‘উন্নয়নশীল দেশ’ হিচাপে পূর্বে লাভ কৰা সুবিধাসমূহৰ পৰা বঞ্চিত হ’ব ভাৰত৷ আশংকা কৰা হৈছে যে আমেৰিকাৰ শেহতীয়া এই সিদ্ধান্তয়ো বিৰূপ প্রভাৱ পেলাইছে প্রস্তাৱিত ভাৰত–মার্কিন বাণিজ্য চুক্তিত৷

You might also like