ভীতিগ্রস্ত দিল্লীবাসী
‘কা’বিৰোধী আৰু ‘কা’ সমর্থকৰ মাজত দিল্লীত যি ভয়ংকৰ সংঘর্ষ সংঘটিত হ’ল তাৰ পিছত এতিয়া দেশৰ ৰাজধানীত একপ্রকাৰ নিৰাপত্তাহীন পৰিস্থিতিৰ সৃষ্টি হৈছে৷ সম্প্রতি দিল্লীৰ পৰিৱেশ শান্ত যদিও সাধাৰণ জনতাৰ মাজত ভয়–আতংক এতিয়াও মাৰ যোৱা নাই৷ সুদীর্ঘ চাৰে তিনি দশকৰ পিছত দিল্লীত এনেধৰণৰ ভয়াৱহ সংঘর্ষই বহু লোকৰ প্রাণ কাঢ়ি নিলে৷ পৰিস্থিতি ক্রমাৎ শান্ত হোৱাৰ সময়ত এতিয়া সকলোৱে প্রশ্ন কৰিছে– কিয় এনেদৰে পৰিস্থিতি নিয়ন্ত্রণৰ বাহিৰলৈ গ’ল? এই বিভীষিকাৰ অন্তৰালত ৰাজনৈতিক–সামাজিক বহুতো কাৰণ আছে৷ সংঘর্ষত ইন্ধন যোগাইছিল কেতবোৰ ৰাজনৈতিক অদূৰদর্শী মন্তব্যই৷ বিভিন্ন ধর্ম–ভাষাৰ এখন সমাজত স্থায়ী শান্তি বিৰাজ হৈ থকাৰ বাবে ৰাজনৈতিক আৰু নেতৃস্থানীয় ব্যক্তিসকলে দায়বদ্ধতা, সংহতি আৰু সর্বোপৰি দূৰদর্শিতাৰ প্রয়োজন৷ প্রতিটো বিষয়তে তেওঁলোকৰ মন্তব্য সর্তকতাপূর্ণ হোৱাটো জৰুৰী৷ কিন্তু দিল্লীত ইয়াৰ সম্পূর্ণ বিপৰীত ছবিহে দেখা গ’ল৷ উচটনিমূলক আৰু ঘৃণামিশ্রিত মন্তব্যই যে দিল্লীৰ পৰিস্থিতি উত্তপ্ত কৰি তোলাত অন্যতম প্রধান ভূমিকা ল’লে তাত তিলমাত্রও সন্দেহ থাকিব নোৱাৰে৷ বিশেষকৈ শাসকীয় কেইবাজনো নেতাৰ মন্তব্যই পৰিস্থিতি অধিক সংবেদনশীল কৰি তোলাটো কোনেও অস্বীকাৰ কৰিব নোৱাৰে৷ এই নেতাসকলে কোনো দলীয় পৰিকল্পনা মতে এনে কাম কৰা বুলিও কোৱাটো উচিত নহ’ব৷ কাৰণ কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে দিল্লীৰ বিধানসভা নির্বাচনৰ পিছত স্পষ্টভাৱে মন্তব্য কৰিছিল যে একাংশ নেতাৰ সাম্প্রদায়িক মন্তব্যৰ বাবেই বিজেপি নির্বাচনত পৰাজিত হ’বলগীয়া হৈছিল৷ সংঘর্ষৰ পূর্বে গৌতম গম্ভীৰৰ লগতে দুজনমান বিজেপি নেতাই তেওঁলোকৰ দলৰ একাংশ নেতাৰ দায়িত্বজ্ঞানহীন মন্তব্যক লৈ আপত্তি দর্শাইছিল৷ কিন্তু ইয়াৰ পিছতে দিল্লীৰ স্থানীয় নেতাসকলে নিজৰ শক্তি প্রদর্শনৰ বাবেই সাম্প্রদায়িক সংঘর্ষৰ পথ মুকলি কৰি দিছিল বুলি ভবাৰ থল আছে৷ আনহাতে, সামাজিকভাৱে বিভিন্ন ফৈদৰ মাজত ঘৃণাৰ ভাব আছিল নেকি তাকো চালি–জাৰি চোৱাৰ প্রয়োজন আছে৷ ধর্মীয় ৰাজনীতিৰে যিবোৰ দলে নিজৰ অস্তিত্ব বর্তাই ৰাখিব খোজে তেওঁলোকে ইয়াৰ সুবিধা গ্রহণ কৰিবলৈ সদায় সাজু হৈ থাকে৷ আনহাতে, গোটেই সংঘর্ষটো এক সাম্প্রদায়িক সংঘর্ষলৈ ৰূপান্তৰ হোৱাৰ কাৰণটো স্পষ্ট৷ ‘কা’বিৰোধী প্রতিবাদকাৰীসকলে মাহ মাহ ধৰি শ্বাহিন বাগৰ ৰাজপথ অৱৰোধ কৰি বিক্ষোভ প্রদর্শন কৰি আহিছে৷ শ্বাহিন বাগৰ প্রতিবাদকাৰীসকল হ’ল মূলতঃ মুছলমান৷ দীর্ঘসময়ৰ পৰা এই ‘কা’বিৰোধী প্রতিবাদক সাম্প্রদায়িক ৰূপ দিয়াৰ চেষ্টা চলাই অহা হৈছিল৷ শান্তিপ্রিয় আন্দোলনকাৰীসকলে ধৈর্যৰ পৰিচয় দিয়াৰ পিছতো দুই–এটা হিংসাত্মক ঘটনা ঘটিছিল৷ ইয়াৰ আঁৰত কাৰোবাৰ উচটনি আছিল নেকি, সেই কথা বিচাৰ কৰি চোৱাৰ প্রয়োজন৷ সি যি কি নহওক, শ্বাহিন বাগৰ প্রতিবাদক লৈ দিল্লীত ধর্মীয় মেৰুকৰণৰ এক প্রক্রিয়া সবলভাৱে আৰম্ভ হৈ গৈছিল ৷
দিল্লীৰ ভয়াৱহ সংঘর্ষৰ এনে বহু কাৰক থাকিলেও সাধাৰণ জনতা ভীতিগ্রস্ততাত ভুগিবলগীয়া হোৱাৰ বাবে প্রধানকৈ জগৰীয়া হ’ল দিল্লী আৰক্ষী৷ পৰিস্থিতি সন্দর্ভত আগতীয়াকৈ সঠিক তথ্য আহৰণ কৰাত দিল্লী আৰক্ষী দুখ লগাকৈ ব্যর্থ হৈছিল৷ বহু সময়ত সময়োচিত নিদের্শৰ অভাৱত দিল্লী আৰক্ষীয়ে সংঘর্ষৰ সময়ত নীৰৱ ভূমিকা পালন কৰাৰ বাতৰি প্রকাশ পাইছে৷ সংঘর্ষ নিয়ন্ত্রণ কৰিবলৈ কার্যতঃ দিল্লী আৰক্ষীৰ কোনো পৰিকল্পনা নাছিল৷ দেশৰ ৰাজধানীৰ বিশাল আৰক্ষী বাহিনী একপ্রকাৰ অকামিলা হৈ পৰা দেখা গৈছে৷ এনে দুর্বল স্থিতিৰ আঁৰত কোনো ৰাজনৈতিক হস্তক্ষেপ আছিল নেকি তাৰ উত্তৰো নিশ্চিতভাৱে দিল্লীবাসীয়ে বিচাৰিব৷ এটা কথা নিশ্চিতভাৱে ক’ব পাৰি যে আৰক্ষী প্রশাসন প্রথম দিনৰে পৰা সষ্টম হোৱা হ’লে এই সংঘর্ষই ইমান ভয়ংকৰ ৰূপ নল’লেহেঁতেন ৷