নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মানুহৰ উর্বৰা শক্তি

মানুহৰ উর্বৰা শক্তি হ্রাস পাইছে৷ হ্রাস পাইছে বিশ্বজুৰি শিশুৰ জন্মৰ হাৰ৷ হ্রাস পাইছে পৃথিৱীত মানৱ শক্তিৰ উর্বৰা৷ বিশ্ব জনসংখ্যালৈ নামি আহিছে ভাবুকি৷ হয়তো ২১০০ চনত এক ভাৰসাম্যহীন পৃথিৱীৰ বাসিন্দা হ’ব লাগিব মানৱ জাতি৷ আমেৰিকান সংস্থা ইনষ্টিটিউট অৱ হেল্থ মেট্রিক্স এণ্ড ইভালুৱেচনৰ প্রতিবেদন অনুসৰি পূর্বৰ তুলনাত ১৮৩খন ৰাষ্ট্রত জনসংখ্যা অভাৱনীয়ভাৱে হ্রাস পাব৷ অকল সেয়াই নহয়, কমি আহিব তাৰুণ্যৰ আধিপত্য৷ হ্রাস পাব যুৱশক্তি৷ বাঢ়িব বৃদ্ধ লোকৰ সংখ্যা৷ বিশ্বজুৰি অভাৱনীয় হাৰত জনসংখ্যা বৃদ্ধি পাব বুলি বিভিন্ন মহলে ধাৰণা কৰি থকা সময়তে আমেৰিকাৰ এই সংস্থাটোৱে প্রকাশ কৰা প্রতিবেদনে শেহতীয়াকৈ সৃষ্টি কৰিছে আলোড়ন৷ এই পৃথিৱীত মানৱ জাতিৰ ভৱিষ্যৎ আৰু কিমান দিনলৈ কিমান দিনলৈ পৃথিৱী গ্রহত বর্তি থাক্বি মানুহ সঁচাকৈয়ে মানুহৰ দোর্দণ্ড প্রতাপ অব্যাহত থাক্বিনে এই পৃথিৱীত পৃথিৱী গ্রহত সদায় মানুহেই নিজৰ নিয়ন্ত্রণ সাব্যস্ত কৰি থাক্বিলৈ সক্ষম হ’বনে প্রতিবেদন অনুসৰি ২১০০ চনত বহুকেইখন দেশৰ জনসংখ্যা অভাৱনীয়ভাৱে হ্রাস পাব৷ জাপান, স্পেইন, পর্তুগাল, থাইলেণ্ডকে ধৰি ২৩খন দেশৰ জনসংখ্যা হ্রাস পাব ৫০ শতাংশই৷ অর্থাৎ এই দেশকেইখনৰ জনসংখ্যা বর্তমানৰ আধা হ’ব চলিত শতিকাটোৰ সমাপ্তিত৷ অন্যান্য দেশৰ লগতে ভাৰততো অভাৱনীয় হাৰত হ্রাস পাব জনসংখ্যা৷ দেশখনত চলিত শতিকাৰ অন্তত ৯২.৮৯ কোটিৰে বিশ্বৰ বৃহত্তম জনসংখ্যাৰ দেশ হিচাপে ভাৰত চিহ্ণিত হ’ব যদিও অভাৱনীয় হাৰত হ্রাস পাব শিশুৰ জন্মৰ হাৰ৷ ইয়াৰ মূল কাৰণ হৈছে বিশ্বৰ নাৰী শক্তিয়ে হেৰুৱাইছে উর্বৰা শক্তি৷ উর্বৰা শক্তি থকা মহিলাসকল কর্মক্ষেত্রত অধিক নিয়োজিত হোৱাৰ ফলত শিশুৰ জন্মৰ হাৰ অভাৱনীয়ভাৱে হ্রাস পাব বিশ্বৰ প্রতিখন দেশত৷ লগে লগে ব্যৱধান বৃদ্ধি পাব শৈশৱ আৰু তাৰুণ্যৰ৷ বৃদ্ধি পাব বার্ধক্য আৰু যৌৱনৰ ব্যৱধান৷ পৰিণতিত বৃদ্ধ প্রজন্মৰ সংখ্যা বিশ্বজুৰি অভাৱনীয়ভাৱে বৃদ্ধি পাব৷ লগে লগে পৃথিৱীজুৰি সৃষ্টি হ’ব জনঘনত্বৰ এক ভাৰসাম্যহীন পৰিস্থিতি৷

১৯৫০ চনত বিশ্বৰ ফার্টিলিটী ৰেট বা উর্বৰা হাৰ আছিল ৪.৭৷ প্রতিবেদনত উল্লেখ কৰা অনুসৰি যেতিয়া কোনো দেশৰ উর্বৰা হাৰ ২.১ শতাংশতকৈ কম হয়, তেতিয়া দেশখনৰ জনসংখ্যা হ্রাস পাবলৈ ধৰে৷ এগৰাকী নাৰীয়ে গড় হিচাপত যিমান সংখ্যক শিশুৰ জন্ম দিয়ে তাক ফার্টিলিটী ৰেট বুলি কোৱা হয়৷ ২০১৭ চনত বিশ্বত এই হাৰ ২.৪লৈ অৱনমিত হৈছে৷ অর্থাৎ জনসংখ্যাৰ বিস্ফোৰণ হোৱা বুলি বিভিন্ন সংস্থাই দাবী কৰি আছে যদিও বৈজ্ঞানিক দৃষ্টিকোণেৰে চালে পৃথিৱীজুৰি মানুহৰ উর্বৰা শক্তি হ্রাস পাইছে৷ হ্রাস পাইছে বিশ্বজুৰি জনসংখ্যাৰ হাৰ৷ শেহতীয়াকৈ যি হাৰত নাৰীৰ উর্বৰা শক্তি হ্রাস পাইছে সেয়া অব্যাহত থাকিলে ২০২১ চনত প্রতিগৰাকী নাৰীৰ সন্তান জন্মৰ হাৰ হ’ব ১.৭৷ অর্থাৎ জনসংখ্যাৰ এই ধাৰাটোৰ প্রতি লক্ষ্য ৰাখি গণনা কৰিলে ২০৬৪ চনত বিশ্বৰ জনসংখ্যা হ’ব ৯৭০ কোটি৷ তাৰ পৰৱর্তী সময়ৰ পৰা জনসংখ্যা হ্রাস পাবলৈ আৰম্ভ কৰি ২১০০ চনত বিশ্বৰ মুঠ জনসংখ্যা হ’ব ৮৮০ কোটি৷ লক্ষণীয়ভাৱে বিশ্বত মানৱ জাতিৰ সংখ্যাৰ বিষয়টোলৈ কোনো এখন দেশেই এতিয়াও বিশেষ গুৰুত্ব প্রদান কৰা নাই৷ গতিকে আগন্তুক শতিকাত পৃথিৱীত মানুহৰ স্থায়িত্বলৈ আহি পৰিছে নতুন ভাবুকি৷ শেহতীয়াকৈ বিশ্বৰ বিভিন্ন দেশে জনসংখ্যা নিয়ন্ত্রণৰ বিষয়টোত অধিক গুৰুত্ব আৰোপ কৰিছে৷ কিন্তু নৰৱেৰ দৰে ইউৰোপীয় দেশসমূহে জনসংখ্যা বৃদ্ধিৰ বাবে বিভিন্ন অভিলাষী আঁচনি গ্রহণ কৰিছে৷ কেইবাখনো দেশে নাগৰিকসকলক জনসংখ্যা বৃদ্ধিৰ বিষয়টোক উদ্বুদ্ধ কৰিবলৈ ন ন আঁচনি গ্রহণ কৰা পৰিলক্ষিত হৈছে৷ বিশ্বজুৰি বৃদ্ধি পোৱা বুক্ষুভা, অনাহাৰ, সংঘর্ষ, যুদ্ধ আদিয়ে মানৱ জাতিৰ ভৱিষ্যতলৈ কঢ়িয়াই আনিছে নতুন বিপদ৷ এনে পৰিস্থিতিত আমেৰিকান সংস্থাটোৰ গৱেষণাই মানৱ জাতিৰ ভৱিষ্যৎ পৃথিৱীত আৰু কিমান দিনলৈ তাক লৈ সৃষ্টি কৰিছে নতুন উদ্বেগৰ৷ অৱশ্যে ৰাষ্ট্রসংঘকে ধৰি আন্তর্জাতিক সংস্থাসমূহে এই প্রতিবেদন সন্দর্ভত এতিয়াও প্রতিক্রিয়া প্রকাশ কৰা নাই যদিও পৰিৱর্তিত পৰিস্থিতিত বিশ্ব জনসংখ্যাৰ বিষয়টোৱে বিভিন্ন দেশৰ আভ্যন্তৰত নতুন চিন্তাৰ খোৰাক যোগাইছে৷

You might also like