নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মানৱতাৰ পোহৰেৰে আলোকিত ধৰা

‘ডাটা মীট’ নামৰ এটা গৱেষণা প্রতিষ্ঠানে শেহতীয়াকৈ প্রকাশ কৰা এক প্রতিবেদনত লকডাডনসৃষ্ট পৰিস্থিতি–পৰিৱেশৰ এখন শোকাৱহ ছবি প্রতিফলিত হৈছে৷ দীর্ঘকালৰ বাবে অব্যাহত থকা লকডাডনে দেশখনৰ একাংশ অভাৱজর্জৰ লোকৰ বাবে অবর্ণনীয় বিপর্যয় কঢ়িয়াই আনিছে৷ ডপার্জনৰ সকলো পথ বন্ধ হৈ পৰাত ক্ষুধা নিবাৰণ তেওঁলোকৰ বাবে সবাতোকৈ ডাঙৰ সমস্যা হৈ দেখা দিছে৷ অর্থসংকটত পৰিছে বহু পৰিয়াল৷ ইয়াৰে মোকাবিলা কৰিব নোৱাৰি অনেক লোকে আত্মহননৰ পথ বাছি লৈছে৷ প্রতিবেদনখনৰ মতে, লকডাডনৰ প্রায় এমাহত বিপৰীত পৰিস্থিতিৰ সন্মুখীন হৈ দেশখনত ২৪৪জন লোকে আত্মহত্যা কৰিছে৷ অৱশ্যে পৰিসংখ্যাটোৱে সামৰা সকলো লোকৰ সমস্যা একে নহয়৷ কোনো কোনোৱে সুৰা সেৱন কৰিব নোৱাৰিও আত্মঘাতী হৈছে৷ কিন্তু প্রতিবেদনখনে এটা বস্তু স্পষ্ট কৰি দিছে যে লকডাডনৰ বাবে ভাৰতত লাখ লাখ লোক বিপর্যয়ৰ সন্মুখীন হৈছে৷ তালিকাখনত কৃষকৰ পৰা দিন ভিক্ষা প্রাণ ৰক্ষা কৰি চলা লোক চামিল হৈ আছে৷ আনকি কুকৰকে ধৰি বহু পোহনীয়া জীৱ–জন্তুও সংকটত পৰিছে৷ বেদনাদায়ক ছবিখনে সংবেদনশীল লোকৰ হূদয়ত কঁপনিৰ সৃষ্টি কৰিলেও ইয়াৰ মাজতে সংবাদ মাধ্যমৰ জৰিয়তে প্রচাৰ–সম্প্রচাৰ হৈ থকা কেতবোৰ খবৰে সুখানুভূতিও আনি নিদিয়াকৈ থকা নাই৷ মানৱ জাতিৰ মহাসংকটৰ সময়ছোৱাত সমগ্র পৃথিৱীৰ সামর্থ্যৱানসকল আগবাঢ়ি আহিছে৷ যিয়ে যেনেকৈ পাৰে আর্তজনলৈ সহায়ৰ হাত আগবঢ়াই পৃথিৱীখন যে আজিও নৰকত পৰিণত হোৱা নাই, মানুহৰ প্রতি মানুহৰ ভাবাৱেগত আজিও যে মানৱতাই স্থান হেৰুওৱা নাই তাকেই প্রতিপন্ন কৰিছে৷ খাদ্যৰ অভাৱত ভোগা জনসাধাৰণৰ কাষলৈ খাদ্যৰ টোপোলা লৈ গৈছে৷ কোনোৱে অর্থৰে সহায় কৰিছে৷ আনকি এনে লোকো আছে, যিয়ে ডপার্জনৰ সামান্য ধনখিনিও আনৰ কল্যাণৰ অর্থে খৰচ কৰি মানৱতাক এভাৰেষ্টলৈ লৈ গৈছে ৷

সংকটকালত মানুহৰ ভিতৰত থকা মানুহজন জাগি ডঠে৷ সাধাৰণ অৱস্থাত নিজক লৈ ব্যস্ত থকা মানুহজন সংকটৰ সময়ত হঠাতে সলনি হৈ পৰে৷ এই যে সংবেদনশীল হূদয়খন, ইয়াৰ বাবেই আজিও পৃথিৱীখন মানুহৰ বাবে বাসোপযোগী হৈ আছে৷ আন নালাগে, অসমলৈ যদি চোৱা যায়, আশাভৰা ছবিখনে প্রতিজন হূদয়ৱান লোকৰ অন্তৰ সুখানুভূতিৰে ভৰাই তোলে৷ ৰাজ্য চৰকাৰে জনসাধাৰণৰ পৰা দান–বৰঙণি বিচাৰি গঠন কৰা আৰোগ্য নিধিত মাথোঁ কেইটামান সপ্তাহতে প্রায় এশ কোটি টকা সংগ্রহ হয়৷ লাখ লাখ টকা মুখ্যমন্ত্রীৰ ত্রাণ তহবিললৈ যায়৷ আনকি প্রধানমন্ত্রীৰ ‘কেয়ার্ছ’লৈও ৰাজ্যখনৰ পৰা হূদয়ৱান লোকে বৰঙণি পঠিয়াইছে৷ যদি ধনৰাশি চৰকাৰী কোষলৈ পঠিওৱা নহ’লহেঁতেন ইয়াৰ বাবে কোনেও কাকো জগৰীয়া কৰিব নোৱাৰিলেহেঁতেন৷ আনকি ইয়াৰ বাবে নাই আইনগত বাধ্যবাধকতাও৷ যদি কিবা আছে, সেয়া হ’ল নিজৰ নিজৰ হূদয়ত স্বতঃস্ফূর্তভাৱে অনুভূত হোৱা তাগিদা৷ এই তাগিদাৰ বাবেই পৃথিৱীখন মহান৷ মানুহো মহান৷ এইখন ৰাজ্যত বিগত সময়ছোৱাত হাজাৰ হাজাৰ লোকে আর্তজনৰ কাষত থিয় দি খাদ্যসামগ্রী বিতৰণ কৰিছে৷ নঙলামুখত থিয় দি সাহায্যৰ টোপোলাটো দুর্গতজনৰ হাতত তুলি দিছে৷ সবাতোকৈ গুৰুত্বপূর্ণ কথাটো হ’ল, এই কামফেৰা কোনে কৰা নাই? সীমিত ডপার্জনৰ সাধাৰণ লোকৰ পৰা চৰকাৰী–বেচৰকাৰী কর্মচাৰী, ক্ষুদ্র ব্যৱসায়ীৰ পৰা বৃহৎ ব্যৱসায়ৰ গৰাকী, আৰক্ষীৰ পৰা পেন্সনৰ ধনেৰে কোনোমতে মাহটো চলি থকা অৱসৰী কর্মচাৰী, সকলোৱে এই মহাসংকটৰ কালত দুৰৱস্থাত পতিতসকলৰ কাষত থিয় দিছে৷ মানুহৰ প্রতি মানুহৰ এনে দায়িত্বশীল আচৰণ, মহানুভৱতাই ক’ভিড–১৯ৰ মহাসংকটৰ সময়তো মানুহৰ মনত সুখানুভূতি আনি দিছে৷ যেন মানৱতাৰে ডজলি ডঠিছে সমগ্র পৃথিৱী ৷

You might also like