মুশ্বাৰফৰ মৃত্যুদণ্ড
পাকিস্তানত শেহতীয়াকৈ এটা তাৎপর্যপূর্ণ ঘটনা সংঘটিত হৈছে৷ ১৯৪৭ চনৰ পৰা অধিক সময় সেনাৰ শাসনত থকা দেশখনত এজন প্রাক্তন ৰাষ্ট্রপতিক ৰাষ্ট্রদ্রোহৰ অপৰাধত মৃত্যুদণ্ড বিহা হৈছে৷ তেওঁ কেৱল প্রাক্তন ৰাষ্ট্রপতিয়েই নাছিল, দেশখনৰ প্রাক্তন সেনানায়কো আছিল৷ প্রতিৱেশী ৰাষ্ট্রখনত এজন প্রাক্তন সেনানায়কৰ বিৰুদ্ধে ফাঁচিৰ হুকুম সৰল কথা নহয়৷ ইয়ে দেশখনক সংকটৰ দিশে লৈ যোৱাৰ সম্ভাৱনা আছে৷ আটাইতকৈ ডাঙৰ কথাটো হ’ল, পাকিস্তানত গণতন্ত্র যিমানেই সুস্থিৰ আৰু মজবুত হ’ব, সামগ্রিকভাৱে দক্ষিণ–পূব এছিয়াৰো শান্তি–স্থিৰতা সিমানেই বৃদ্ধি পাব৷ এইটো কথা সর্বজনবিদিত যে পাকিস্তানত গণতান্ত্রিকভাৱে নির্বাচিত চৰকাৰ থাকিলেও ক্ষমতাৰ কেন্দ্র কিন্তু ৰাৱালপিণ্ডিত থাকে৷ কোনো এখন চৰকাৰে সেনাৰ ঊর্ধ্বলৈ যাব নোৱাৰে৷ ৰাষ্ট্রদ্রোহৰ অপৰাধত পাৰভেজ মুশ্বাৰফক ফাঁচিৰ হুকুম হোৱাত দেশখনত সেনাৰ প্রতিষ্ঠাৰ প্রতি প্রত্যাহ্বান আহি পৰিছে৷ পাকিস্তানত ন্যায়পালিকাৰ এনে শক্তিশালী ভূমিকা অভূতপূর্ব বুলিয়েই ক’ব পাৰি৷ ইয়াৰো প্রধান কাৰণ সেনা৷ সেনাই নিজৰ স্বার্থতে ন্যায়পালিকাক শক্তিশালী হোৱাটো নিবিচাৰে৷ আনহে নালাগে, যিগৰাকী পাৰভেজ মুশ্বাৰফক পাকিস্তানৰ আদালতে যোৱা ১৭ ডিচেম্বৰত ফাঁচিৰ হুকুম দিলে, সেইগৰাকী মুশ্বাৰফে পাকিস্তানৰ ৰাষ্ট্রপতি হৈ থাকোঁতে সর্বোচ্চ আদালতৰ মুখ্য ন্যায়াধীশ ইফতিখাৰ মহম্মদ খানক নিজ বাসভৱনলৈ মাতি নি অপমান কৰাৰ লগতে বর্খাস্ত কৰিছিল৷ দেশখনত এনে ধৰণে ন্যায়পালিকাক পদদলিত কৰি ৰখাৰ নজিৰ বহুত৷ কিন্তু গণতান্ত্রিক ৰাষ্ট্র এখনত নিৰপেক্ষ, সুস্থিৰ, সবল ন্যায়িক ব্যৱস্থা অতি জৰুৰী৷ এই সময়ছোৱা পাকিস্তানৰ বাবে সন্ধিক্ষণৰ৷ গণতন্ত্রক সুস্থিৰতাৰে জীয়াই ৰখাৰ স্বার্থত ন্যায়পালিকাক জীয়াই ৰাখিবই লাগিব৷ কিন্তু সেনাই সহজে ভূমি এৰি নিদিয়ে৷ পাকিস্তানত সেনাৰ গৰিমা, প্রভুত্ব বজাই ৰখাৰ স্বার্থত ইতিহাসেই বিকৃত কৰি ৰখা হৈছে৷ পাকিস্তানৰ পাঠ্যপুথি মতে, দেশখনে আজিলৈকে কেডখন যুদ্ধতে ভাৰতক পৰাজিত কৰিছে৷ আনকি কার্গিল যুদ্ধত শোচনীয়ভাৱে পৰাজিত হোৱা দেশখনে শিক্ষার্থীক ওলোটা বুৰঞ্জী পঢ়িবলৈ বাধ্য কৰিছে৷ গতিকে সেনাৰ ফালৰ পৰা ন্যায়পালিকাক ভিন্ন ধৰণে হেঁচা প্রয়োগ কৰা হ’বই৷ সর্বশেষত ইমৰান খান চৰকাৰৰো পতন ঘটিব পাৰে৷ সেনাৰ অভ্যুত্থানো হ’ব পাৰে৷
পাকিস্তানৰ বিশেষ আদালতখনে দেশত জৰুৰীকালীন অৱস্থা ঘোষণা কৰা বাবে পাৰভেজ মুশ্বাৰফক ৰাষ্ট্রদ্রোহত অভিযুক্ত কৰি ফাঁচিৰ হুকুম জাৰি কৰে৷ মুশ্বাৰফে ৰাষ্ট্রপতি হৈ থকাৰ সময়ত ২০০৭ চনৰ ৩ নৱেম্বৰত দেশখনত জৰুৰীকালীন অৱস্থা জাৰি কৰিছিল৷ অৱশ্যে দেশখনত জৰুৰীকালীন অৱস্থা ঘোষণা কৰা, মার্শ্বাল আইন জাৰি কৰা একো নতুন কথা নহয়৷ তাৎপর্যপূর্ণ কথাটো হ’ল, এইবাৰ ন্যায়পালিকাই ফেঁপেৰি পাতি ধৰিছে৷ যিটো ভুলৰ ধাৰা পাকিস্তানৰ ফেডাৰেল ক’র্টে (তদানীন্তন সর্বোচ্চ) ১৯৫৪ চনত আৰম্ভ কৰিছিল, পাকিস্তানক সেই ধাৰাটোৰ পৰা মুক্ত কৰাৰ প্রয়াস এতিয়া আৰম্ভ হৈছে৷ পাকিস্তানত আৰম্ভণিতে সংবিধান সদন এখন আছিল৷ আগলৈ সেই সদনখনৰ তত্ত্বাৱধানত পাকিস্তানত নির্বাচন অনুষ্ঠিত হোৱাৰ কথা আছিল৷ কিন্তু ১৯৫৪ চনত গৱর্নৰ জেনেৰেল গোলাম মোস্তাফাই হঠাতে সদনখন ভংগ কৰি দিয়ে৷ সেই গোচৰটোৰ বিচাৰ প্রক্রিয়া ফেডাৰেল ক’টত আৰম্ভ হোৱাত মুখ্য ন্যায়াধীশ মুনীৰ ডদ্দিন আহমেদে পাকিস্তানত এখনত নতুন আইন প্রণয়ন কৰি গৱর্নৰ জেনেৰেলৰ সিদ্ধান্তত ন্যায্যতা প্রদান কৰে৷ সেইটো আছিল পাকিস্তানৰ ইতিহাসত এটা ভয়ংকৰ আৰু সুদূৰপ্রসাৰী ভুল৷ মুখ্য ন্যায়াধীশগৰাকীয়ে ‘ল’ অৱ নেছেচিটী’ নামৰ নতুন আইনখনৰ জৰিয়তে কোৱা হ’ল যে সেই সময়ত সেইটো আৱশ্যক আছিল৷ পিছত সেই আইনখনেই পাকিস্তানৰ বাবে কাল হৈ পৰিল৷ একেলগে স্বাধীন হোৱা ভাৰতবর্ষই এপিনে গণতন্ত্রক বুকুত বান্ধি প্রগতিৰ দিশলৈ যোৱাৰ বিপৰীতে পাকিস্তান সেনাৰ একনায়কত্ববাদৰ গ্রাসত পৰে৷ ল’ অৱ নেছেচিটীৰ অচিলা লৈ আয়ুব খানৰ পৰা পাৰভেজ মুশ্বাৰফলৈ চাৰিজন সেনাপ্রধানে পাকিস্তানৰ শাসন সেনাৰ হাতলৈ নিয়ে৷ আইনখনে সামৰিকত অভ্যুত্থানক ন্যায্যতা প্রদান কৰি গৈ থাকিল৷ মুখ্য ন্যায়াধীশগৰকীয়ে সেই সময়ত ন্যায়পালিকাৰ মর্যাদা আৰু ক্ষমতাক ভৰিৰে মোহাৰি সেনাৰ স্বার্থত আইনখন প্রণয়ন নকৰাহেঁতেন আজি হয়তো পাকিস্তান এখন অন্য দেশ হৈ থাকিলহেঁতেন৷ অৱশ্যে বহু বছৰ পিছত মহম্মদ মুনিৰে নিজৰ ডপলব্ধি কৰিব পাৰিছিল৷ ১৮৮৪ চনত তেওঁ ‘ফ্রম জিন্না টু জীয়া’ নামৰ কিতাপখনৰ ভুলটোক স্বীকাৰ কৰি কৈছিল যে মোৰ জীৱনত এটা ডাঙৰ ভুল হ’ল৷ সেই ভুলটোৱে পাকিস্তানৰ ভাগ্যই সলনি কৰি দিলে৷ পাৰভেজ মুশ্বাৰফক মৃত্যুদণ্ড দিয়া পাকিস্তানত ন্যায়পালিকাৰ অনাগত দিনত কি অৱস্থা হয়, সেইটোৰ ওপৰতেই দেশখনৰ গণতন্ত্রৰ ভৱিষ্যৎ নির্ভৰ কৰিব৷ ইয়াৰ মাজতে এবাৰ ইফতিখাৰ মহম্মদ খানে পাকিস্তানত সুস্থিৰ আৰু সবল ন্যায়পালিকাৰ সপক্ষে কিছু কৰিবলৈ আৰম্ভ কৰিছিল৷ কিন্তু পাৰভেজ মুশ্বাৰফে বর্খাস্ত কৰি তেওঁৰ প্রচেষ্টাক আগবাঢ়িবলৈ নিদিলে৷