নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লকডাউনত সংস্কৃতি চর্চা

সন্দেহাতীতভাৱে সত্য যে লকডাউনে অধিকাংশ মানুহৰ জীৱনলৈকে একধৰণৰ ভাবিব নোৱৰা সংকট নমাই আনিছে৷ প্রথম সংকট নিঃসন্দেহে ভৱিষ্যতৰ অনিশ্চয়তা আৰু তাৰ লগত অর্থনৈতিক চিন্তা৷ তাৰ মাজতো দেখা গৈছে যে কিছুদিন ধৰি ক’ৰোনা আতংকত কটোৱাৰ পিছত মানুহে এই পৰিৱেশৰ মাজতেই জীৱনক ভালপোৱাৰ পথ বিচাৰি লৈছে৷ কিতাপ–পত্রৰ প্রতি মানুহৰ আগ্রহ বাঢ়িছে আৰু তাতকৈ ডাঙৰ কথা ৰুচিবোধৰ পৰিৱর্তন ঘটিছে৷ সাধাৰণ উত্তেজনামূলক কথাৰ পৰিৱর্তে কিছু অর্থৱহ পঠন সামগ্রী মানুহে বিচাৰিবলৈ লৈছে৷ এই পৰিৱর্তন স্থায়ী হ’লে সভ্যতাৰ বাবেই এটা ভাল কথা হ’ব৷ মূল কথা হ’ল, সাংস্কৃতিক উপাদান অবিহনে মানুহে দিন অতিবাহিত কৰিব নোৱাৰে৷ উত্তেজনাপূর্ণ বাতৰিৰ প্রতি আগ্রহীসকলে ক’ৰোনা ভাইৰাছৰ আতংকৰ বাতৰিৰ মাজেৰে নিজৰ সন্তুষ্টি বিচাৰি লোৱাৰ দৰে আতংকৰ পৰিৱেশৰ পৰা বাহিৰলৈ ওলাব বিচৰাসকলে ঘৰৰ ভিতৰৰ পৰাই বিকল্পৰ সন্ধান কৰিবলগীয়া হৈছিল আৰু সেই সমস্যাৰ ভালেখিনি সমাধান কৰি দিছিল অনলাইন ব্যৱস্থাই৷ ঘৰতে ম’বাইল ফোনেৰে চিনেমা নির্মাণ কৰা কথাটোকে উদাহৰণ হিচাপে ল’ব পাৰি৷ এই কথাটোৱে পৃথিৱীৰ ইমান মানুহক অনুপ্রাণিত কৰিলে যে পৃথিৱীৰ বহু ঠাইত লকডাউন ফিল্ম ফেষ্টিভেল নামেৰে চলচ্চিত্র মহোৎসৱেই অনুষ্ঠিত হ’ল৷
এতিয়া পৃথিৱীৰ বহু বিখ্যাত চলচ্চিত্র মহোৎসৱে অনলাইন ফেষ্টিভেলৰ আয়োজন কৰিছে৷ চলচ্চিত্রৰ বহু সংগঠনওে অনলাইন ফিল্ম ফেষ্টিভেল আৰম্ভ কৰিছে৷ তেনেদৰে বহু কলা অনুৰাগীয়ে সন্ধিয়া সন্ধিয়া ম’বাইল ফোনৰ সন্মুখত বহি সংগীত চর্চা আৰম্ভ কৰিলে আৰু সামাজিক মাধ্যমযোগে তাক প্রচাৰ কৰিলে৷ এইবোৰ প্রথম আৰম্ভ হৈছিল অত্যন্ত ঘৰুৱাভাৱে, অপেছাদাৰী মানুহৰ হাতেৰে৷ এতিয়া এই অনলাইন কামবোৰ আৰম্ভ হৈছে পূর্ণ পেছাদাৰী ৰূপেৰে৷ অনলাইন শিক্ষাৰ ব্যৱস্থা আগৰ পৰাই আছিল, কিন্তু লকডাউনে সেই ব্যৱস্থাক অধিক জনপ্রিয় কৰি দিলে আৰু সেই শিক্ষাৰ খৰচৰ পৰিমাণো ভালেখিনি কমাই দিলে৷ ঠিক তেনেদৰে বিভিন্ন শিক্ষানুষ্ঠানে আয়োজন কৰা বিভিন্ন অনলাইন ছেমিনাৰ, যাক ৱেবিনাৰ বোলা হয়, সেইবোৰ সকলোৰে বাবে মুকলি কৰি দিলে আৰু এই কামটোৱে শ্রেণীকোঠাৰ বেৰ ভাঙি দিলে৷ এনেদৰে সম্পূর্ণ অপৰিকল্পিতভাৱে ক’ৰোনাই সমগ্র পৃথিৱীৰে বৌদ্ধিক জগতখনকো ভাঙি–ছিঙি নতুন ৰূপ দিলে৷ ভাৰতত বেংকত যেতিয়া প্রথমবাৰৰ বাবে কম্পিউটাৰ ব্যৱহাৰ কৰা হৈছিল, সেই সময়ত তাক বাধা দিয়াৰ বাবে এটা সম্পূর্ণ প্রজাতি ব্যস্ত হৈ পৰিছিল৷ এতিয়া ক’ৰোনাই যিবোৰ পৰিৱর্তন বাধ্য কৰি তুলিছে, স্বাভাৱিক সময়ত তেনে পৰিৱর্তন বহুতে ভাবিবই নোৱাৰিলেহেঁতেন, ভাবিলেও তাক বাধা দিবলৈ এটা প্রজাতি উঠি–পৰি লাগিলহেঁতেন৷ চৰকাৰী নীতি–নিয়মেৰে কিছুমান কাম আৰম্ভ কৰোঁতেই বহু সময় লাগে, কিন্তু ক’ৰোনাই সেইবোৰ সহজ কৰি দিলে৷ ক’ৰোনাৰ আতংক নিশ্চয় এটা সময়ত কমি যাব, পৃথিৱী আকৌ নতুন ধৰণে স্বাভাৱিক হ’ব৷ তেতিয়া মানুহ কি ক’ৰোনা–পূর্ব দিনলৈ উভতি যাব? যোৱাটো উচিত বা সম্ভৱ হ’বনে? ক’ৰোনাই যি শিকালে, সেইবোৰক নতুন স্বাভাৱিকৰ লগত খাপ খুৱাই ব্যৱহাৰ কৰিব পৰা যাব নে নাযাব, সেই কথা ভবাৰ সময় আৰম্ভ হৈছে৷ চলচ্চিত্র মহোৎসৱৰ কথাটো উদাহৰণ হিচাপে ল’লে দেখা যাব যে এতিয়া অনলাইনত মানুহে চিনেমা চোৱাৰ অভ্যাস আয়ত্ত কৰিছে আৰু চলচ্চিত্র মহোৎসৱৰ ছবিৰ প্রতি আগ্রহী হৈছে৷ এই নতুন দর্শকখিনিৰ অধিকাংশই ভাৰতৰ বিভিন্ন স্থানত অনুষ্ঠিত হোৱা চলচ্চিত্র মহোৎসৱলৈ যোৱা সম্ভৱ নহয়৷ কিন্তু এই দর্শকখিনিক মহোৎসৱ কর্তৃপক্ষই নিজ নিজ চহৰত ডাঙৰ পর্দাত ছবিখিনি চোৱাৰ ব্যৱস্থা কৰি দিব নোৱৰাৰ কাৰণ নাই৷ এনেদৰেই ক’ৰোনাই আনি দিয়া ভাল অভ্যাসবোৰ মানুহৰ বাবে স্থায়ী কৰি ৰখাৰ ব্যৱস্থা উলিয়াব লাগিবই৷ একোখন মহাবিদ্যালয়ে আয়োজন কৰা একোখন বিদ্যায়তনিক আলোচনা কলেজখনৰ চৌহদতে আবদ্ধ কৰি নাৰাখি বাহিৰলৈ নিয়াৰ ব্যৱস্থাটো নিয়মিত কৰাৰ সুফলৰ কথা স্থায়ী কৰি ৰখাৰ কথা ভাবিব লাগিব৷ এইবোৰ কথা ভবাৰ সময় যে আৰম্ভ হৈছেই, সেই কথা সংশ্লিষ্ট পক্ষবোৰে গভীৰভাৱে গ্রহণ কৰিব লাগে৷

You might also like