সংকট মোচন
একবিংশ শতিকাৰ আধুনিক বিজ্ঞানৰ জয়যাত্রাত প্রত্যাহ্বান হৈ পৰিছে এটা আণুবীক্ষণিক ভাইৰাছ৷ সম্প্রতি সমগ্র বিশ্বতে ন’ভেল ক’ৰোনা ভাইৰাছ বা ক’ভিড–১৯ৰ বিভীষিকা৷ মাৰাত্মক ভাইৰাছৰ দ্রুত সংক্রমণে আমেৰিকা, ইটালী, ফ্রান্স, স্পেইনকে ধৰি বহু দেশক মৃত্যু উপত্যকালৈ পর্যবসিত কৰিছে৷ পৰিস্থিতি এনেকুৱা হৈছেগৈ যে মৃতকৰ শেষকৃত্য সম্পন্ন কৰিবলৈও ঠাইৰ অভাৱ৷ প্রতিটো মুহূর্ততে আক্রান্ত–মৃতকৰ তালিকাখন দীঘলীয়া হৈ গৈ আছে৷ অকল জনস্বাস্থ্যই নহয়, ইয়াৰ সমান্তৰালকৈ প্রতিটো খণ্ডতে ক’ভিড–১৯ৰ প্রকোপ৷ ন’ভেল ক’ৰোনা ভাইৰাছ প্রতিৰোধকল্পে প্রায়বোৰ দেশতে বলৱৎ কৰা লকডাউনৰ পৰিণতিত পূর্বৰে পৰা মন্দাৱস্থাত থকা বিশ্ব অর্থনীতি সম্প্রতি বিধ্বস্ত৷ ৰাষ্ট্রসংঘ, বিশ্ববেংককে ধৰি বিভিন্ন সংস্থাৰ সমীক্ষাত ইতিমধ্যে অর্থনীতিৰ শোচনীয় তথা হতাশজনক ছবিখন স্পষ্ট হৈছে৷ ক’ভিড–১৯ৰ গ্রাসৰ পৰা বিশ্ব কেতিয়া মুক্ত হ’ব পাৰিব, সেয়া আজিৰ তাৰিখত অনিশ্চিত হৈয়ে আছে৷ বিভিন্ন দেশত বিজ্ঞানীসকলে প্রাণঘাতী ভাইৰাছৰ প্রতিষেধক উদ্ভাৱনৰ নিৰলস গৱেষণা অব্যাহত ৰাখিছে যদিও তাৰ সুনির্দিষ্ট তথা ফলপ্রসূ সমাধান সম্ভৱপৰ হোৱা নাই৷ এনে অৱস্থাত সমগ্র বিশ্বৰ লগতে ভাৰতেও এইক্ষেত্রত অনিশ্চিত ভৱিষ্যতৰ দিশে আগবাঢ়িবলগীয়া হৈছে৷ লকডাউনৰ দুটা পর্যায় উকলি যোৱাৰ পাছত ভাৰতত সোমবাৰৰ পৰা তৃতীয় পর্যায়ৰ লকডাউন বলৱৎ কৰাৰ নির্দেশনা ইতিমধ্যে কেন্দ্রীয় গৃহ মন্ত্রালয়ৰ তৰফৰ পৰা জাৰি কৰা হৈছে৷ ক’ভিড–১৯ৰ সংক্রমণৰ পৰিণতিত অসমো বিগত দিনকেইটাত লকডাউনৰ কবলত আছে৷ দেশৰ অন্য কেতবোৰ ৰাজ্যৰ তুলনাত অসমত আক্রান্ত আৰু মৃতকৰ সংখ্যা তুলনামূলকভাৱে কম৷ সেইদৰে গৰিষ্ঠসংখ্যক আক্রান্ত সুস্থ হৈ উঠাৰ পাছত তেওঁলোকক যাবলৈ দিয়া হৈছে চিকিৎসালয়ৰ পৰা৷ কিন্তু মাৰাত্মক ভাইৰাছৰ বিৰুদ্ধে অব্যাহত থকা যুঁজখন যে দীর্ঘদিনীয়া হ’ব, সেয়া নিশ্চিত৷ কৃষি নির্ভৰশীল অসমৰ অর্থনীতিত লকডাউনৰ প্রভাৱ পৰিছে৷ ৰাজহ সংগ্রহ হ্রাস পোৱাৰ পৰিণতিত ৰাজ্য চৰকাৰখনে বিত্তীয় সংকটৰ সন্মুখীন হৈছে৷ এনে প্রেক্ষাপটতে শেহতীয়াকৈ ব্যয় সংকোচনৰ চেষ্টাৰে ৰাজ্য চৰকাৰে কেতবোৰ গুৰুত্বপূর্ণ সিদ্ধান্ত গ্রহণ কৰিছে৷ নিঃসন্দেহে এয়া সময়োচিত হিচাপে বিবেচিত হৈছে৷ ইয়াৰ লগে লগে এটা কথা নিশ্চিত যে এটা সময়ত সংক্রমণ প্রতিৰোধ হ’লেও অসমৰ দৰে ৰাজ্য এখনত ন’ভেল ক’ৰোনা ভাইৰাছৰ প্রভাৱ সুদূৰপ্রসাৰী হ’ব৷ ভৱিষ্যতৰ এনে সংকট মোচনৰ বিষয়টো নির্ভৰ কৰিব ৰাজ্য চৰকাৰখনৰ সাহসিক সিদ্ধান্তৰ ওপৰতে ৷
ক’ভিড–১৯ৰ সংক্রমণ তথা লকডাউন বলৱৎ হৈ থকাৰ ফলত ৰাজ্যৰ অর্থনীতিত প্রভূত অৰিহণা যোগোৱা কেইবাটাও খণ্ডত নিয়োজিত হৈ থকা বহুসংখ্যক লোক ইতিমধ্যে কর্মহীন হৈ পৰিছে৷ সমান্তৰালভাৱে এই খণ্ডসমূহে সন্মুখীন হ’বলগীয়া হৈছে বৃহৎ পৰিমাণৰ লোকচানৰ৷ সংবাদ মাধ্যমত হোটেল আৰু ৰেষ্টুৰেণ্ট সংস্থা, অসমৰ তথ্যৰ উদ্ধৃতিৰে প্রকাশিত বাতৰি অনুসৰি মার্চ, এপ্রিল আৰু মে’ মাহত ৰাজ্যৰ হোটেল উদ্যোগে প্রায় ২৮ হাজাৰ কোটি টকাৰ লোকচান ভৰিব৷ একেদৰে পর্যটন উদ্যোগটোও এই সময়ছোৱাত বৃহৎ ক্ষতিৰ সন্মুখীন হৈছে৷ এই উদ্যোগটোৰে জড়িত ট্যুৰ অপাৰেটৰসকলে লকডাউনৰ সময়ছোৱাত ইতিমধ্যে প্রায় ৩ হাজাৰ ট্যুৰ পেকেজ বাতিল কৰিছে, যাৰ মূল্য হ’ব ২১০ কোটি টকা৷ লকডাউনৰ বাবে বাগিচা বন্ধ থকাত অসমৰ চাহ উদ্যোগতো বিৰূপ প্রভাৱ পৰিছে৷ সংবাদ মাধ্যমত প্রকাশিত নর্থ–ইষ্টার্ন টী এছ’চিয়েচনৰ তথ্য অনুসৰি কেৱল ২৩ মার্চৰ পৰা ১৪ এপ্রিলৰ ভিতৰতে অসমৰ চাহ উদ্যোগে ১২০০ কোটি টকাৰ লোকচানৰ সন্মুখীন হৈছে৷ বহিঃৰাজ্যৰ বিভিন্ন উদ্যোগ–প্রতিষ্ঠানত নিয়োজিত হৈ থকা অসমৰ বৃহৎ সংখ্যক যুৱক–যুৱতী লকডাউনৰ ফলত এতিয়া কর্মহীন৷ একাংশই লকডাউনৰ পূর্বে অসমলৈ উভতি আহিছে যদিও গৰিষ্ঠসংখ্যকেই এতিয়াও বহিঃৰাজ্যত আবদ্ধ হৈ আছে৷ বহিঃৰাজ্যত আবদ্ধ হৈ থকাসকলক অসমলৈ ঘূৰাই আনিবলৈ ৰাজ্য চৰকাৰে পদক্ষেপ গ্রহণ কৰিছে৷ যিটো প্রশংসনীয়৷ পিছে অসমলৈ ঘূৰি অহাৰ পিছত তেওঁলোকৰ সংস্থাপনৰ বিষয়টোক লৈ স্বাভাৱিকতে উদ্বিগ্ণতাৰ সৃষ্টি হৈছে৷ এনে বিষয়বোৰক গুৰুত্ব প্রদান কৰিয়েই ৰাজ্য চৰকাৰখনে বাস্তৱসন্মত কার্যপন্থা হাতত ল’ব লাগিব৷ তেতিয়াহে সংকট মোচনৰ প্রচেষ্টা ফলৱতী হ’ব বুলি ধাৰণা কৰিব পাৰি ৷