নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সংস্থাপনহীনতাৰ সংকট

জনস্বাস্থ্যৰ নিৰাপত্তাৰ প্রতি ভাবুকিৰ সৃষ্টি কৰা ক’ভিড–১৯ৰ সংক্রমণে বিশ্বৰ অর্থনীতিৰ বাবেও কঢ়িয়াই আনিছে প্রচণ্ড ভাবুকি৷ অত্যধিক সংক্রমণপ্রৱণ ভাইৰাছটোৰ পৰা জনসাধাৰণক সুৰক্ষিত কৰি ৰাখিবলৈ দেশে দেশে চৰকাৰে গ্রহণ কৰা প্রতিৰোধমূলক ব্যৱস্থাৰ বাবে মূলতঃ আহিছে এই ভাবুকি৷ ইয়াৰ প্রভাৱত পৃথিৱীৰ লাখ লাখ লোকে কর্মসংস্থাপন হেৰুৱাব লগা হৈছে৷ স্থবিৰ হৈ পৰিছে বিশ্বৰ উৎপাদন–পৰিবহণ ব্যৱস্থা৷ ভাৰতবর্ষতো ইয়াৰ প্রভাৱ কিমান উদ্বেকজনক হৈ পৰিছে, চেণ্টাৰ ফৰ মনিটৰিং ইণ্ডিয়ান ইক’নমিক (চি এম আই ই)ৰ শেহতীয়া প্রতিবেদনত প্রতিফলিত হৈছে৷ প্রতিষ্ঠানটোৰ মতে বর্তমান ভাৰতৰ গ্রামাঞ্চলত নিবনুৱাৰ হাৰ ৭.১ শতাংশ৷ ইয়াৰ বিপৰীতে চহৰাঞ্চলত ৯.৭৮ শতাংশই কাম হেৰুৱাইছে৷ একেটা প্রতিষ্ঠানে যোৱা ১২ জুলাইত প্রকাশ কৰা তথ্যত গ্রামাঞ্চলত নিবনুৱাৰ হাৰ ৬.৩৪ শতাংশ দেখুওৱা হৈছিল৷ অর্থাৎ মাথোঁ কেইদিনমানৰ ব্যৱধানতে দেশখনত অভাৱনীয় হাৰত নিবনুৱাৰ সংখ্যা বৃদ্ধি পায়৷ একেদৰে চি এম আই ইৰ প্রতিবেদন অনুসৰি ভাৰতবর্ষত সামগ্রিকভাৱে নিবনুৱাৰ হাৰো এটা পষেকতে ৭.৪৪ৰ পৰা ৭.৯৪ শতাংশলৈ বৃদ্ধি পায়৷ যিকোনো দেশৰ বাবে এই পৰিসংখ্যা উদ্বেগজনক৷
এটা কথা সকলোৰে অৱগত যে যোৱা ২৪ মার্চত দেশজুৰি তিনি সপ্তাহৰ বাবে লকডাউন বলৱৎ কৰা হৈছিল৷ সান্ধ্য আইনসদৃশ লকডাউনৰ ফলশ্রুতিত দেশখনত সৃষ্টি হোৱা চৰম অচলাৱস্থাই চৌদিশে উৎপাদন–যোগান ব্যৱস্থাটোক পংগু কৰি পেলাইছিল৷ হঠাতে বন্ধ হৈ পৰিছিল উদ্যোগ–কল–কাৰখান৷ গণ সংক্রমণ ৰোধৰ অর্থে বন্ধ কৰি দিয়া হৈছিল পর্যটন উদ্যোগ৷ ইয়াৰ ফলত দেশখনত কল্পনাতীতভাৱে বহু লোকে কর্মসংস্থাপন হেৰুৱাব লগা হয়৷ ব্যৱসায়–বাণিজ্য, পৰিবহণ সকলো বন্ধ হৈ পৰাত দেশৰ লাখ লাখ লোকৰ বাবে উপার্জনৰ নূ্যনতম পথো বন্ধ হৈ পৰে৷ এনে চৰম দুৰৱস্থাত দেশখনত নিবনুৱাৰ সংখ্যা বৃদ্ধি পোৱাটো স্বাভাৱিক৷ কিন্তু সমস্যাটো হ’ল, শীঘ্রেই নিবনুৱা সমস্যাৰ সমাধান নহ’লে সমাগত দিনত ভাৰতবর্ষই নতুন সামাজিক সমস্যাৰ সন্মুখীন হ’বলগীয়াত পৰিব পাৰে৷ উপার্জনৰ পথ নোহোৱা হ’লে মানুহে অপৰাধত লিপ্ত হোৱাৰ বহু উদাহৰণ আছে৷ সমাজখনত এই সম্ভাব্য ভয়াৱহ পৰিণতিৰ পৰা সুৰক্ষিত কৰি ৰাখিবলৈ এতিয়াই চৰকাৰে উপায় উদ্ভাৱন কৰিব লাগিব৷ অৱশ্যে এমজি এনৰেগাকে ধৰি কেইবাখনো চৰকাৰী আঁচনিৰ অধীনত কর্মহীন হৈ পৰা লোকৰ বাবে চৰকাৰে উপার্জনৰ পথ খুলি দিয়াৰ ব্যৱস্থা কৰিছে৷ একেদৰে ক্ষুদ্র ব্যৱসায়ীক ঋণদানৰ ব্যৱস্থাও কৰা হৈছে৷ কিন্তু এনে পদক্ষেপ কিমানদূৰ সার্থক হ’ব, তাক লৈ সন্দেহৰ অৱকাশ নথকা নহয়৷ কিয়নো দেশখন আজিও অহেতুক ৰঙাফিতাৰ মেৰ–পেঁচৰ পৰা ওলাই আহিব পৰা নাই৷ তদুপৰি কার্যপালিকা ব্যৱস্থাটোৰ পৰা ৰাজনৈতিক নেতা–পালিনেতালৈকে দেশখনত দুর্নীতিৰ জালখন ইমানেই বিশাল আৰু পানী নসৰকা যে বহুক্ষেত্রত চৰকাৰৰ কল্যাণমূলক আঁচনিয়ে সমাজৰ অভাৱী লোকসকলক স্পর্শয়েই কৰিব নোৱাৰে৷ চৰকাৰৰ নীতি তথা পৰিকল্পনা প্রস্তুতকাৰীসকলে এই দিশটোলৈ মন কৰা উচিত৷ নহ’লে ক্রমবর্ধমান নিবনুৱা সমস্যাই ভাৰতবর্ষৰ গতিয়েই সলনি কৰি দিব পাৰে৷ অৱশ্যে এইটোও সত্য যে সকলো অভাৱগ্রস্তই অপৰাধৰ পৃথিৱীখনলৈ হাত নেমেলে৷ কিন্তু সমাজৰ এটা অংশও যদি হতাশাগ্রস্ত হৈ বিপথে গুচি যায়, তাৰ কুফল সমগ্র দেশখনে ভুগিব লাগিব৷ সেয়ে ক’ৰোনা ভাইৰাছৰ সৈতে যুঁজি থকাৰ সমান্তৰালকৈ সমাজখনত যাতে হতাশাৰ সৃষ্টি নহয়, তাৰ বাবে চৰকাৰ তথা সুধী সমাজে এতিয়াৰ পৰাই চিন্তা–চর্চা আৰু কার্যকৰী ব্যৱস্থা গ্রহণ কৰাটো আৱশ্যক হৈ পৰিছে

You might also like