নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সময় সাৱধানতাৰ

সম্প্রতি সমগ্র বিশ্বৰেই বৃহৎ সংকট হৈ পৰিছে ‘ন’ভেল ক’ৰোনা ভাইৰাছ’ বা ‘ক’ভিড–১৯’৷ বিশ্ব স্বাস্থ্য সংস্থাই মহামাৰী ঘোষণা কৰা তথা একবিংশ শতিকাৰ অত্যাধুনিক চিকিৎসা বিজ্ঞানৰ বাবে কার্যতঃ প্রত্যাহ্বানস্বৰূপ হৈ পৰা এই মাৰাত্মক ভাইৰাছত বর্তমানপর্যন্ত পৃথিৱী গ্রহৰ বাসিন্দা তিনি লক্ষাধিক লোক আক্রান্ত হোৱাৰ বিপৰীতে মৃতকৰ সংখ্যাই ১৩ হাজাৰ অতিক্রম কৰিছে৷ ভয়ংকৰ কথাটো হ’ল– ভাৰততো দিনকদিনে দ্রুত হাৰত সংক্রমণ ঘটিছে ‘ক’ভিড–১৯’ৰ৷ এই সম্পাদকীয় স্তম্ভ যুগুত কৰি থকালৈকে তথ্য অনুসৰি, দেশত ন’ভেল ক’ৰোনা ভাইৰাছত আক্রান্তৰ সংখ্যা হৈছে ৩৪১জন৷ মৃত্যু হৈছে ৭জনৰ৷ প্রাণঘাতী ভাইৰাছৰ সংক্রমণ প্রতিৰোধকল্পে দেশজুৰি বিভিন্ন সতর্কতামূলক পদক্ষেপ গ্রহণ কৰাৰ সমান্তৰালভাৱে কেইবাখনো ৰাজ্যত লকডাউন ঘোষণা কৰা হৈছে৷ এজনো লোক আক্রান্ত হোৱাটো এতিয়ালৈকে নিশ্চিত নহ’লেও চীনৰ য়ুহানত প্রাদুর্ভাৱ ঘটা ‘ক’ভিড–১৯’ৰ আতংকই ত্রাস কৰি ৰাখিছে অসমকো৷ সংক্রমণ প্রতিৰোধৰ ক্ষেত্রত দেশবাসীক নিজকে নিজে সতর্ক আৰু সংযমী হ’বলৈ আহ্বান জনাই প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে দেওবাৰৰ দিনটোত জনতাৰ কার্ফিউ ঘোষণা কৰিছে৷ দুঃসময়ৰ মাজতো সুখৰ বিষয়– প্রধানমন্ত্রী মোদীৰ এই আহ্বানৰ প্রতি অসমসহ সমগ্র দেশতে জনসাধাৰণে অভূতপূর্ব সঁহাৰি প্রদর্শন কৰিছে৷ বিশেষজ্ঞ আৰু স্বাস্থ্য বিভাগ তথা সংশ্লিষ্ট কর্তৃপক্ষই জাৰি কৰা সতর্কতাৰ পৰা এটা কথাই স্পষ্ট হৈছে যে বর্তমানৰ সময় সাৱধানতাৰ৷ নিজকে নিজে সংযমী কৰি ‘মহামাৰী’ ভাইৰাছৰ সংক্রমণ প্রতিহত কৰা৷ ‘ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিচার্ছ’ (আই চি এম আৰ)ৰ মতে ভাৰতৰ ‘ক’ভিড–১৯’ৰ সংক্রমণ এতিয়া ‘ষ্টেজ–টু’ত আছে৷ এই সময়ত যদি যথোচিত সাৱধানতা অৱলম্বন কৰা নহয়, তেন্তে শীঘ্রে ইয়াৰ সংক্রমণ ‘ষ্টেজ–থ্রী’ত উপনীত হোৱাত আশংকা প্রকট৷ বর্তমানলৈকে আমাৰ দেশত আক্রান্তৰ সংস্পর্শৰ পৰাই ‘ড্রপলেট ইনফেকচন’ৰ মাধ্যমেৰে ক’ভিড–১৯ৰ সংক্রমণ ঘটিছে৷ ইয়াক কোৱা হৈছে সংক্রমণৰ ‘ষ্টেজ–টু’৷ কিন্তু ইয়াৰ পাছত ‘ষ্টেজ–থ্রী’ত হ’ব পাৰে সামাজিক সংক্রমণ৷ অর্থাৎ আক্রান্ত কোনো লোকৰ সংস্পর্শলৈ নহাকৈও  কাৰোবাৰ শৰীৰত ‘ন’ভেল ক’ৰোনা ভাইৰাছ’ৰ উপস্থিতি ধৰা পৰিব পাৰে৷ এই পর্যায়ত সংক্রমিতসকলৰ শৰীৰত কি উৎসৰ পৰা মাৰাত্মক ভাইৰাছবিধে বাহ বান্ধে, সেয়া চিনাক্ত কৰাটো একপ্রকাৰ অসম্ভৱ৷ সেয়ে সংশ্লিষ্ট কর্তৃপক্ষই বাৰম্বাৰ আহ্বান জনাই আহিছে ইজনে সিজনৰ পৰা কমেও এক মিটাৰ ব্যৱধান বজাই ৰাখক৷ সামাজিকভাৱে দূৰত্বত থাকক৷ আক্রান্ত আৰু সন্দেহজনক লোকৰ সংস্পর্শলৈ আন ব্যক্তি নহাটো নিশ্চিত কৰিব পাৰিলেই আমাৰ দেশখন ৰক্ষা পৰিব ভয়ংকৰ বিপর্যয়ৰ পৰা৷ ইয়াৰ অন্যথা আমি সন্মুখীন হ’ব লাগিব চীন, ইটালী আদি দেশৰ দৰে পৰিস্থিতিৰ৷

প্রধানমন্ত্রী মোদীৰ আহ্বানৰ প্রতি সঁহাৰি জনাই দেশৰ আন আন ৰাজ্যৰ লগতে অসমৰ জনসাধাৰণেও দেওবাৰৰ দিনটোত নিজকে গৃহবন্দী কৰি ৰাখিছে৷ বাট–পথ, বজাৰ–ব্যৱসায় প্রতিষ্ঠান সকলো উদং৷ অপ্রয়োজনীয়ভাৱে কোনেও বাহিৰলৈ ওলাই অহা পৰিলক্ষিত হোৱা নাই৷ সংকটৰ সময়ত নিশ্চিতভাৱে এয়া জনতাৰ ইতিবাচক সিদ্ধান্ত৷ কিন্তু পৰিস্থিতিলৈ লক্ষ্য ৰাখি ৰাজ্যবাসীয়ে অনাগত আৰু কেইটামান দিনৰ বাবে অনুৰূপ পদক্ষেপ গ্রহণ কৰক৷ শেহতীয়াকৈ ৰাজ্যৰ স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই অসমবাসীৰ প্রতি এক বিশেষ আহ্বান জনাই কৈছে যে ২২ মার্চৰ পৰা ৫ এপ্রিললৈ এই ১৪ দিন আমাৰ বাবে যথেষ্ট স্পর্শকাতৰ৷ সামাজিক দূৰত্ব বজাই ৰাখি এই ১৪ দিন অসমে ভয়ংকৰ ভাইৰাছৰ পৰা আঁতৰি থাকিব পাৰিলে ৰাজ্যখনক উদ্ধাৰ কৰিব পৰা যাব৷ সেয়েহে অহা ৫ এপ্রিললৈ ৰাজ্যবাসীয়ে সতর্ক হৈ থাকিব লাগিব৷ প্রধানমন্ত্রী মোদীৰ জনতাৰ কার্ফিউৰ প্রতি সঁহাৰি প্রদর্শনৰ দৰে স্বাস্থ্যমন্ত্রী ড০ শর্মাৰ এই আহ্বানলৈও ৰাজ্যবাসীয়ে সঁহাৰি দিয়াটো উচিত৷ জনসাধাৰণৰ সঁহাৰি বা সজাগতা–সচেতনতা অবিহনে কার্যতঃ নিষ্ফল হ’বগৈ চৰকাৰ তথা স্বাস্থ্য বিভাগে মাৰাত্মক ন’ভেল ক’ৰোনা ভাইৰাছৰ সংক্রমণ প্রতিৰোধৰ বাবে গ্রহণ কৰা ব্যৱস্থাসমূহ৷ কোনো ব্যাধিয়ে জাতি–ধর্ম, জাত–পাত, ধনী–দুখীয়াৰ ৰং চিনি নাপায়৷ সেয়েহে সময় এতিয়া সাৱধানতাৰ, নিজকে মাৰাত্মক ‘মহামাৰী’ৰ সংক্রমণৰ পৰা ৰক্ষা কৰাৰ৷

You might also like