পেন্সনাৰসকলৰ বাবে আশাৰ বতৰা
অসম চৰকাৰে অৱসৰ গ্রহণ কৰা কর্মচাৰীসকলৰ পেন্সন সংক্রান্তীয় কামবোৰ সুকলমে সম্পাদন কৰিব পৰাৰ আশাৰে সমগ্র ব্যৱস্থাটো ডিজিটেল কৰি ‘কৃতজ্ঞতা’ নামৰ প’র্টেল এটা আৰম্ভ কৰিছে৷ আশা কৰা হৈছে, এই প’র্টেলটোৱে অসমৰ পেন্সনাৰসকলৰ জীৱনৰ পেন্সন সংক্রান্তীয় সকলো কৰুণ আৰু অমানৱীয় কাহিনীৰ অন্ত পেলাব৷ প্রতিগৰাকী কর্মচাৰীয়েই এটা সময়ত চাকৰি জীৱনৰ এনে এটা অৱস্থাত উপস্থিত হ’বই লাগিব বুলি জানি বহুতে চাকৰিত যোগ দিয়াৰ দিনাই সেই দিনটোৰ বাবে প্রস্তুত হয়, বহুতে কথাটোক অৱহেলা কৰে৷ আনহাতে, বহুতে চাকৰিৰ মাজভাগতো অৱসৰ গ্রহণ কৰিব পাৰে৷ অৱসৰ লোৱা সময়টো যেতিয়াই নহওক কিয়, চাকৰিৰ নিয়ম মতে তেওঁ পাবলগীয়া পেন্সন আৰু অন্য সুবিধাবোৰ কোনোধৰণৰ অসুবিধা নোপোৱাকৈ লাভ কৰাটো নীতিসন্মত৷ চাকৰিৰ পৰা অৱসৰ লোৱাৰ লগে লগেই কর্মচাৰীজনৰ বিত্তীয় ক্ষমতাৰ যি পৰিৱর্তন হয়, তাৰ খুন্দাটো যাতে চম্ভালিব পাৰে, তাৰ কথা ভাবিয়েই চৰকাৰে এহ লাভালাভবোৰৰ ব্যৱস্থা কৰিছিল৷ কল্যাণকামী ৰাজ্য এখনত এই কথা মৌলিক অধিকাৰৰ সমতুল্য৷ কিন্তু কথা হ’ল, চৰকাৰে কৰা নিয়মবোৰ ভালদৰে বিভাগবোৰে মানি চলিছে নে নাই, সেইবোৰ কথা চাবলৈ কোনো নাই বাবে পেন্সন কার্যালয়ৰ বাৰাণ্ডাবোৰ হতভাগা পেন্সনাৰৰ হুমুনিয়াহেৰে গধুৰ হৈ থাকে৷ কৰুণ অথবা লজ্জাজনক আন এটা কথা হ’ল, কর্মচাৰী এগৰাকীৰ পেন্সন সংক্রান্তীয় কামৰ আৰম্ভণি হয় কর্মচাৰী এজনৰ নিজৰ অফিচতেই আৰু নিজৰ বিভাগেই সেই সকলো কামৰ দায়িত্ব লয় আৰু পেন্সন সংক্রান্তীয় সকলো কামৰ বাবে এজি অফিচৰ লগত সম্বন্ধ ৰাখে৷ কিন্তু নিজৰ অফিচ বা নিজৰ বিভাগটোৱে একেই অফিচত বা একেই বিভাগত জীৱনটো কাম কৰি যোৱা সহকর্মী এজনৰ কাম ভালদৰে উপযুক্ত মনোযোগেৰে নকৰে, পেন্সনজনিত দুৰৱস্থা কোনোকালে কোনো প’র্টেল বা মুখ্যমন্ত্রীৰ সদিচ্ছাই দূৰ কৰিব নোৱাৰিব৷
পেন্সনাৰসকলৰ বাবে বিশেষভাৱে প্রস্তুত কৰা ‘কৃতজ্ঞতা’ নামৰ প’র্টেলটোৰ মূল লক্ষ্য হৈছে কর্মচাৰী এজনে যাতে নিজৰ ঘৰৰ পৰাই পেন্সনৰ সকলো কাম–কাজ নিৰীক্ষণ কৰি থাকিব পাৰে৷ এই প’র্টেলটোৰ বিৱৰণ থকা বিজ্ঞাপনত আন বহু কথাৰ লগতে কোৱা হৈছে– ‘অৱসৰপ্রাপ্তসকলে যিকোনো স্থানৰ পৰা তেওঁলোকৰ প্র–পত্র অনলাইনত দাখিল কৰিব পাৰিব’৷ কিন্তু কথা হ’ল, এজন কর্মচাৰীৰ পেন্সন সংক্রান্তীয় সকলো কাকত–পত্র পৰীক্ষা কৰি ঠিক কৰিবলৈ কমেও চাৰি মাহ মান সময় লাগে৷ গতিকে কর্মচাৰীজনৰ অৱসৰলৈকে ছমাহ মান থকা সময়তে পেন্সনৰ কাকত–পত্র প’র্টেলটোত আপলোড কৰা কাম আৰম্ভ হোৱা উচিত৷ সন্দেহ নাই, এই ব্যৱস্থাই পেন্সন ঠিক কৰা গৰুগাডীখনৰ যাত্রাপথটো স্পষ্ট কৰি ৰাখিব৷ কিন্তু এই গতি স্তব্ধ হৈ পৰা বা স্তব্ধ কৰি দিয়া বিষয়াগৰাকীক চিনাক্ত কৰাই নহয়, তেওঁৰ অৱহেলাৰ বাবে তেওঁক দোষী সাব্যস্ত কৰা ব্যৱস্থাৰেও এই প’র্টেলটোৰ আদর্শক ৰক্ষণাবেক্ষণ দিব লাগিব৷ বর্তমান ভাৰতত বিভিন্ন ধৰণৰ সমস্যাহ এই পেঞ্চন ব্যৱস্থাটোক আগুৰি ধৰিছে৷ এফালে মানুহৰ আয়ুসকাল সামগ্রিকভাৱে বৃদ্ধি পাই গৈছে আৰু তাৰ বিপৰীতে সঞ্চয় কৰা ধনৰ বাবে বিভিন্ন বিত্তীয় প্রতিষ্ঠানে দিয়া সুতৰ হাৰ কমি গৈ আছে৷ পেন্সনৰ মূল লক্ষ্যই হ’ল বয়োজ্যেষ্ঠজনক আর্থিক নিৰাপত্তা দিয়া৷ ইয়াৰ বাবে অৱসৰপ্রাপ্তসকলৰ্ সঞ্চয়ৰ আনুষ্ঠানিক প্রতিষ্ঠানবোৰৰ নীতি–নিয়মবোৰতো কিছু সংস্কাৰ সাধন কৰি তাক অধিক অর্থৱহ কৰি তোলাৰ দায়িত্বও চৰকাৰৰেই৷ এতিয়া বয়োজ্যেষ্ঠজনৰ বাবে চৰকাৰে বিভিন্ন ঠাইত বিভিন্ন সুবিধা দিছে যদিও সেয়া পর্যাপ্ত নহয়৷ গতিকে চৰকাৰে এই দিশত চিন্তা–ভাবনা কৰি কর্মচাৰী এজনে অৱসৰৰ সময়ত অধিক সুবিধা পাব পৰাকৈ আঁচনি প্রস্তুত কৰিব লাগিব আৰু তাৰ বাবে কর্মচাৰীজনে চাকৰিত নিযুক্তি লাভ কৰাৰ দিনাৰ পৰাই বিভিন্ন ধৰণৰ বাধ্যতামূলক সঞ্চয় আঁচনিত অংশগ্রহণ কৰিব পৰা ব্যৱস্থা চৰকাৰে প্রস্তুত কৰি দিব পাৰিব লাগিব৷ এই কাম বেলেগ বিত্তীয় প্রতিষ্ঠানৰ দ্বাৰা সম্ভৱ নহ’ব৷ আশা কৰিব পাৰি, চৰকাৰে এই দিশবোৰ বিবেচনা কৰি চাই পেন্সনৰ ক্ষেত্রত হ’ব লগা সংস্কাৰ সাধন কৰাত মনোযোগ দিব৷