নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কৃষিভিত্তিক উদ্যোগ

অসম তথা উত্তৰ–পূর্বাঞ্চলত কৃষিভিত্তিক উদ্যোগে অর্থনৈতিক বিকাশৰ ক্ষেত্রত গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰিব পাৰে৷ এছিয়ান ডেভেলপমেণ্ট বেংকৰ কৃষি সম্পর্কীয় শেহতীয়া এক প্রতিবেদনত অসম তথা উত্তৰ–পূর্বাঞ্চলৰ কৃষিভিত্তিক উদ্যোগৰ প্রচুৰ সম্ভাৱনাৰ বিষয়ে উল্লেখ কৰা হৈছিল৷ প্রতিবেদনখনত কৃষিজাত উৎপাদিত সামগ্রী আৰু ঔষধি গুণসম্পন্ন কৃষি ব্যৱস্থাৰ ভিত্তিত গঢ়ি উঠা উদ্যোগে উত্তৰ–পূর্বাঞ্চলৰ কৃষি ক্ষেত্রৰ মানচিত্রখনেই সলনি কৰি দিব পাৰে বুলি উল্লেখ কৰা হৈছে৷ আনহাতে প্রতিবেদনখনত কৃষিভিত্তিক পশুপালন ব্যৱস্থাৰ সম্ভাৱনীয়তাৰ বিষয়েও উল্লেখ কৰা হৈছে৷ অসমত তথা উত্তৰ–পূর্বাঞ্চল কৃষিনির্ভৰ ৰাজ্য হোৱা বাবে কৃষিৰ ওপৰত নির্ভৰ কৰি গঢ়ি উঠা সৰু–বৰ উদ্যোগ নিশ্চিতভাৱে লাভজনক উদ্যোগ হিচাপে চিহ্ণিত হ’ব পাৰে৷ শেহতীয়াকৈ অসমৰ বিভিন্ন স্থানত ক্ষুদ্র ৰূপত হ’লেও আৰম্ভ কৰা জৈৱিক খেতি, ক্ষুদ্র চাহ বাগিচা, ৰাবাৰ বাগান আদিয়ে লাভৰ মুখ দেখিবলৈ সক্ষম হোৱাটো আমাৰ বাবে ইতিবাচক বতৰা৷ ইয়াৰ উপৰি পশুপালনৰ ক্ষেত্রতো সমবায় ভিত্তিত গঢ়ি উঠা কন্যকা, সীতাজখলা আদি অনুষ্ঠানে লাহে লাহে মধ্যম পর্যায়ৰ কৃষিভিত্তিক উদ্যোগ ৰূপে গঢ় লৈ উঠিছে৷ কৃষি তথা পশুপালন ব্যৱস্থাক কেন্দ্র কৰি আৰম্ভ হোৱা এই সমবায় আন্দোলনৰ ধাৰাবাহিকতা অব্যাহত থাকিলে গ্রামাঞ্চলৰ কৃষকসকলৰ বাবে ই হ’ব পাৰে এক আশাৰ বতৰা৷ আনহাতে মীনপালনৰ ক্ষেত্রতো ৰাজ্যখনৰ বিভিন্ন স্থানত বহু উদীয়মান যুৱকে মীনপালনৰ জৰিয়তে সংস্থাপনৰ পথ মুকলি কৰিছে৷ যি সময়ত ৰাজ্যত মাছৰ চাহিদা পূৰণৰ বাবে বহিঃৰাজ্যৰ পৰা মাছৰ আমদানি কৰিবলগীয়া হয়, তেনে সময়ত মীনপালন ৰাজ্যখনৰ বাবে সবাতোকৈ লাভজনক উদ্যোগ হিচাপে বিবেচিত হোৱাটো নিশ্চিত৷ এইক্ষেত্রত সংহত কৃষি আৰু পশু তথা মীনপালন ব্যৱস্থাই অসমৰ গ্রামাঞ্চলত পৰিৱর্তনৰ এক নতুন জোৱাৰ আনিবলৈ সক্ষম হ’ব বুলি অনুমান কৰিব পাৰি৷
সংহত কৃষি মীন–পশুপালন ব্যৱস্থাই এতিয়া নতুনকৈ গ্রাম্য কৃষি পর্যটনৰ সম্ভাৱনাৰ এক নতুন দুৱাৰো মুকলি কৰিছে৷ উত্তৰ ক’ভিডকালত গ্রাম্য পর্যটন এক লাভজনক ব্যৱসায় হিচাপে কেৰালা–মহাৰাষ্ট্র–তা আদি ৰাজ্যসমূহত ইতিমধ্যেই স্বীকৃত হৈ পৰিছে৷ চহৰাঞ্চলৰ পৰা পর্যটক গৈ গ্রাম্য জীৱনৰ সৈতে একাত্ম হোৱাটো পর্যটনৰ নতুন ধাৰণা হিচাপে চিহ্ণিত হোৱাৰ সময়তে এইক্ষেত্রতো অসমৰ কৃষি উদ্যোগৰ সৈতে জড়িত উদ্যোগীসকলে গুৰুত্ব প্রদান কৰিলে নিশ্চিতভাৱে লাভান্বিত হ’ব বুলি অনুমান কৰিব পাৰি৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন বিজেপি মিত্রজোঁটৰ চৰকাৰখনে কার্যভাৰ গ্রহণ কৰাৰ পিছতে ছিপাঝাৰৰ গৰুখুঁটিত এটা নতুন কৃষি প্রকল্প হাতত লৈছে৷ এই প্রকল্পটোৰ জৰিয়তে উক্ত অঞ্চলৰ স্থানীয় যুৱকসকলক সংস্থাপিত কৰাৰ লক্ষ্য স্থিৰ কৰা হৈছে৷ ইতিমধ্যে এই প্রকল্পটোত শাক–পাচলিৰ লগতে শীতকালীন শস্যৰ খেতি আৰম্ভ কৰা হৈছে৷ লগতে প্রকল্পটোত অতি উন্নতমানৰ ২০০ গাইগৰুৰ জৰিয়তে দুগ্ধ উৎপাদনৰ লক্ষ্য বান্ধি লোৱা হৈছে৷ এই দুগ্ধ উৎপাদনৰ জৰিয়তে অঞ্চলটোৰ বৃহৎসংখ্যক যুৱক–যুৱতী সংস্থাপিত হোৱাটো নিশ্চিত৷ এই প্রকল্পটো সফলকাম হ’লে ৰাজ্যৰ অন্য প্রান্ততো এনে কৃষি প্রকল্প স্থাপন হৈ উঠিব বুলি অনুমান কৰিব পাৰি৷ গ্রামাঞ্চলৰ যুৱক–যুৱতীসকল চাকৰিমুখী হোৱাৰ বিপৰীতে এনে কৃষিভিত্তিক উদ্যোগৰ জৰিয়তে সংস্থাপিত হ’লে সেয়া ৰাজ্যখনৰ বাবে সবাতোকৈ শুভ বার্তা৷ নিবনুৱা সমস্যাই জুৰুলা কৰা ৰাজ্য এখনৰ বাবে চাকৰিমুখী প্রৱণতাই কেতিয়াও এনে জ্বলন্ত সমস্যা সমাধান কৰিব নোৱাৰে৷ সেই বাবেই নিবনুৱা যুৱক–যুৱতীসকলক্ যদি উৎপাদনমুখী কর্মৰ জৰিয়তে সংস্থাপিত কৰা হয়, তেতিয়াহে নিবনুৱা সমস্যাৰ পৰা সমাধান পোৱাটো সম্ভৱ৷ অসমৰ দৰে কৃষিভিত্তিক ৰাজ্য এখনৰ বাবে সংহত কৃষি প্রকল্প আৰু কৃষিভিত্তিক উদ্যোগে নিবনুৱা সমস্যা সমাধান কৰাৰ ক্ষেত্রত আশাৰ বতৰা কঢ়িয়াই আনিব পাৰে৷

You might also like