শূন্য কার্বন নির্গমনৰ লক্ষ্য
গোলকীয় উষ্ণতা তথা জলবায়ু পৰিৱর্তনে পৃথিৱী গ্রহলৈ নমাই অনা সংকট সন্দর্ভত ইতিমধ্যে আন্তর্জাতিক পর্যায়ত বহুকেইখন সন্মিলন অনুষ্ঠিত হোৱাৰ সমান্তৰালভাৱে সজাগতা অভিযান গঢ়ি তোলা হৈছে৷ তৎসত্ত্বেও বাস্তৱ ক্ষেত্রত কিন্তু ভবা ধৰণে ইয়াৰ সুফল ওলোৱা নাই৷ মানৱসৃষ্ট প্রদূষণৰ ফলত পৃথিৱীৰ তাপমাত্রা দিনকদিনে বৃদ্ধি পোৱাৰ সমান্তৰালভাৱে জলবায়ুলৈ আহিছে অস্বাভাৱিক পৰিৱর্তন৷ ৰাষ্ট্রসংঘৰ ‘ৱ’ল্ড মেটেৰ’লজিকেল অর্গেনাইজেচন’ (ডব্লিউ এম অ’)ৰ ইতিপূর্বে প্রকাশিত এই গুৰুত্বপূর্ণ প্রতিবেদনত উল্লেখ কৰা হৈছিল যে প্রাক শিল্প যুগ অর্থাৎ ১৮৫০ চনৰ পৰা ১৯০০ চনৰ তুলনাত সম্প্রতি পৃথিৱীৰ উত্তাপ ১.১ ডিগ্রী চেলছিয়াছতকৈও অধিক বৃদ্ধি পাইছে৷ প্রধানতঃ গ্রীন হাউছ গেছৰ নির্গমন প্রতিনিয়ত বৃদ্ধি পাবলৈ ধৰাৰ ফলতে বিশ্বৰ ইতিহাসত ২০১৫ চনৰ পৰা ২০২১ চনলৈ এই ৭টা বছৰ সর্বাধিক গৰম বছৰ ৰূপে চিহ্ণিত হৈছে৷ লক্ষণীয়ভাৱে পৃথিৱীক গোলকীয় উষ্ণতাৰ সম্ভাব্য সংকটৰ পৰা ৰক্ষা কৰিবলৈ বর্ধিত তাপমাত্রা ২ ডিগ্রী চেলছিয়াছৰ তলত সীমাবদ্ধ কৰি ৰখাৰ লক্ষ্যৰে পেৰিছ জলবায়ু চুক্তিৰ জৰিয়তে সহমতত উপনীত হৈছিল বিশ্বৰ প্রায় ২০০খন দেশ৷ কিন্তু ইমানৰ পাছতো বাস্তৱ চিত্রখন দিনকদিনে ওলোটা হৈ গৈ আছে৷ বায়ুমণ্ডলত কার্বন–ডাই–ক্সাইড গেছৰ পৰিমাণ বর্তমান ৩৯০ পি পি এমৰো অধিক হৈছেগৈ৷ প্রতিবছৰে কার্বন–ডাই–ক্সাইড গেছৰ পৰিমাণ বছৰি ২ পি পি এমকৈ বাঢ়ি আছে৷ যদিহে অনাগত সময়তো মানৱ দেহৰ বাবে ক্ষতিকাৰক এই গেছৰ পৰিমাণ একে হাৰতে বাঢ়ি গৈ থাকে, তেন্তে ২১০০ চনত প্রাক শিল্প যুগৰ তুলনাত পৃথিৱীৰ উষ্ণতা ৫–৭ ডিগ্রী পর্যন্ত বৃদ্ধি পাব বুলি ইতিমধ্যে ঠাৱৰ কৰিছে পৰিৱেশ বিজ্ঞানীসকলে৷ গ্রীন হাউছ গেছ তথা কার্বন–ডাই–ক্সাইডৰ্ নির্গমন বায়ুমণ্ডলত ব্যাপক হাৰত অব্যাহত থকাৰ সময়তে শেহতীয়াকৈ স্কটলেণ্ডৰ গ্লাছ গ’ চহৰত অনুষ্ঠিত হৈছিল জলবায়ু পৰিৱর্তন বিষয়ক সন্মিলন ক’প–২৬৷ গোলকীয় উষ্ণতাই সৃষ্টি কৰা সংকটৰ মাজতে অনুষ্ঠিত ক’প–২৬ সন্মিলনে যথেষ্ট গুৰুত্ব বহন কৰিছে৷
ক’প–২৬ত অংশগ্রহণ কৰি ভাৰতৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে কৰা এক ঘোষণাই ইতিমধ্যে দৃষ্টি আকর্ষণ কৰিছে বিশ্বৰ বহুকেইখন ৰাষ্ট্রৰ৷ প্রধানমন্ত্রী মোদীয়ে ২০৭০ চনৰ ভিতৰত ভাৰত শূন্য কার্বন নিগর্মন দেশ ঘোষণা কৰে৷ লক্ষণীয়ভাৱে ভাৰত হৈছে চীন, আমেৰিকা আৰু ৰাছিয়াৰ পাছতে বায়ুমণ্ডলত কার্বন তথা গ্রীন হাউছ গেছ নির্গমন কৰা চতুর্থখন দেশ৷ ভাৰতত প্রতিবছৰে ২,৫৯৭ মেগাটন কার্বন–ডাই–ক্সাইড নির্গমন হয়৷ প্রধানমন্ত্রী মোদীয়ে প্রকাশ কৰা অনুসৰি ২০৩০ চনৰ ভিতৰত ভাৰতে কার্বন–ডাই–ক্সাইড নির্গমন কৰাৰ পৰিমাণ ৩০ শতাংশ হ্রাস কৰিব৷ ইতিমধ্যে ইয়াৰ বাবে প্রধানমন্ত্রী মোদীয়ে শক্তি আহৰণৰ বিকল্প উপায় হিচাপে নৱীকৰণযোগ্য সম্পদ আৰু অন্য জীৱাশ্ম উৎসৰ কথা উল্লেখ কৰিছে৷ প্রধানমন্ত্রী মোদীয়ে কৰা ঘোষণা অনুসৰি যদিহে ভাৰতে নির্ধাৰিত লক্ষ্যত উপনীত হ’ব পাৰে, তেন্তে পৃথিৱীৰ বাবে সেয়া হ’ব এক প্রশংসাযোগ্য অৱদান৷ ভাৰতৰ উপৰি চীনে ২০৬০ আৰু আমেৰিকাই ২০৫০ চনৰ ভিতৰত শূন্য কার্বন নির্গমনৰ লক্ষ্য নির্ধাৰণ কৰিছে৷ ক’প–২৬ত বিশ্বৰ বিভিন্ন দেশে গোলকীয় উষ্ণতাৰ বিৰুদ্ধে ঐক্যবদ্ধভাৱে যুঁজ দিয়াৰো সংকল্প গ্রহণ কৰিছে৷ এতিয়া কথা হ’ল– পৃথিৱী তথা অনাগত প্রজন্মৰ ভৱিষ্যৎ জড়িত হৈ থকা এই স্পর্শকাতৰ বিষয়টোত কেৱল ঘোষণা বা সংকল্প গ্রহণ কৰিলেই নহ’ব৷ এইক্ষেত্রত হাতে–কামে আগবাঢ়িব লাগিব৷ তেতিয়াহে একমাত্র বাসপোযোগী গ্রহ পৃথিৱী গোলকীয় উষ্ণতাৰ ভয়াৱহ সংকটৰ পৰা ৰক্ষা পৰিব৷