প্রাণঘাতী বায়ু প্রদূষণ
আগন্তুক দিনত পৃথিৱীত জলবায়ুৰ উষ্ণতা আৰু বায়ু প্রদূষণৰ ফলত অসংখ্য লোকে প্রাণ হেৰুৱাব৷ দুয়োটা কাৰক মানৱসৃষ্ট হিচাপে চিহ্ণিত হৈছে৷ গোলকীয় উষ্ণতা বৃদ্ধিৰ ক্ষেত্রত গ্রীন হাউছ গেছ নির্গমনৰ বাবে জগৰীয়া মানৱজাতি৷ বিশেষকৈ পৃথিৱীক শোষণ কৰি মানুহে নিজৰ আধিপত্য বিস্তাৰ কৰিবলৈ অগ্রসৰ হোৱাৰ লগে লগেই উদ্যোগ, কাৰখানা আদি প্রতিষ্ঠাৰ প্রসংগ আহি পৰে৷ কিন্তু এই উদ্যোগ, কাৰখানাসমূহত উৎপাদনৰ সময়ত যি ইন্ধন ব্যৱহাৰ কৰা হয়, সিয়েই এতিয়া গোলকীয় উষ্ণতা বৃদ্ধিত অৰিহণা যোগাইছে৷ এই ইন্ধনসমূহৰ পৰা নির্গমন হোৱা গ্রীন হাউছ গেছ বিভিন্ন দেশৰ বাবে সংকট হিচাপে চিহ্ণিত হৈছে৷ লক্ষণীয়ভাৱে বায়ু প্রদূষণৰ ক্ষেত্রতো মানৱ সমাজেই বিভিন্ন ধৰণে ইন্ধন যোগাই আহিছে৷ শেহতীয়াকৈ উৎপাদন ক্ষেত্রৰ পৰা নির্গত ধোঁৱা, ধূলিয়ে বহু মহানগৰত উশাহ ল’ব নোৱাৰা পৰিস্থিতিৰ সৃষ্টি কৰিছে৷ অত্যধিক যান–বাহন, কৃষিক্ষেত্রৰ আৱর্জনা জ্বলোৱা আদি ঘটনাই বহু মহানগৰত প্রতিবছৰে স্বাভাৱিক জীৱনযাত্রাত প্রতিকূল প্রভাৱ পেলাই আহিছে৷ শেহতীয়াকৈ এটা সমীক্ষাত প্রকাশ পাইছে যে বিগত বর্ষটোত দেশৰ ৰাজধানী মহানগৰ দিল্লীত বায়ু প্রদূষণৰ ফলত প্রাণ হেৰুৱাইছে ৫৪ হাজাৰ লোকে৷ একেদৰে মুম্বাইত বায়ু প্রদূষণৰ চিকাৰ হৈছে ২৫ হাজাৰ লোক৷ দিল্লীৰ প্রতি ১০ লাখ লোকৰ ভিতৰত বছৰটোত ১৮০০ লোকে প্রাণ হেৰুৱাইছে এই বায়ু প্রদূষণত৷ অর্থাৎ ৰাজধানী মহানগৰখনত এতিয়া জনসাধাৰণৰ বাবে এক ভয়াৱহ সমস্যা হৈ পৰিছে বায়ু প্রদূষণ৷ ২০২০ চনত গ্রীনপীচ ছাউথ ইষ্ট এছিয়া এনালাইছিছ অৱ আইকিউ এয়াৰ ডাটাৰ অধ্যয়ন অনুসৰি ভাৰতৰ কেইবাখনো মহানগৰত বায়ু প্রদূষণ অধিক ভয়াৱহ হৈ পৰিছে৷ বাংগালুৰু, চেন্নাই, হায়দৰাবাদ, লক্ষ্ণৌতো যোৱা বছৰটোত বায়ু প্রদূষণে বহু হাজাৰ লোকৰ প্রাণ কাঢ়িছে৷ গ্রীনপীচ ছাউথ ইষ্ট এছিয়াৰ প্রতিবেদন অনুসৰি এই মহানগৰবোৰত বায়ু প্রদূষণ জীৱ জগতৰ বাবে নিৰাপদ স্তৰতকৈ অধিক ভয়াৱহ৷ অর্থাৎ দেশৰ কেইবাখনো মহানগৰ এতিয়া মানুহৰ বসবাসৰ উপযোগী হৈ থকা নাই৷ বিগত বর্ষটোত ক’ৰোনা ভাইৰাছ লকডাউনৰ বাবে যান–বাহনৰ চলাচল যথেষ্ট কম আছিল৷ আনকি উৎপাদন ক্ষেত্রসমূহৰ অধিকাংশই বন্ধ হৈ আছিল৷ উদ্যোগ, কাৰখানাসমূহ দীর্ঘদিন ধৰি তলাবন্ধ অৱস্থাতে আছিল৷ তৎসত্ত্বেও বিগত বর্ষটোত বায়ু প্রদূষণে দিল্লীত প্রাণ কাঢ়িছে ৫৪ হাজাৰ লোকৰ৷ অতি শিহৰণকাৰী তথ্য৷ তাকো দেশৰ ৰাজধানী মহানগৰখনত সংঘটিত হৈছে এনে পৰিস্থিতি৷ গতিকে এই কাৰকৰ মোকাবিলা কৰাৰ ক্ষেত্রত চৰকাৰে বাস্তৱসন্মত ব্যৱস্থা গ্রহণ নকৰিলে পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰাৰ আশংকা আছে৷
বিশ্বৰ বিভিন্ন সংস্থাৰ প্রতিবেদন অনুসৰি বায়ু প্রদূষিত মহানগৰসমূহৰ ভিতৰত চীনৰ বেইজিং অন্যতম৷ সেইদৰে এছিয়াৰ কেইবাখনো দেশৰ গুৰুত্বপূর্ণ মহানগৰসমূহ বায়ু প্রদূষণৰ বাবে বসবাসৰ অনুপযোগী হৈ আহিছে বুলি কেইবাটাও আন্তর্জাতিক সংস্থাই ইতিপূর্বে সতর্কবাণী কৰিছে৷ প্রদূষণ ৰোধ কৰিবলৈ আন্তর্জাতিক সংস্থাসমূহে বিশ্বৰ সকলো দেশকে কঠোৰ ব্যৱস্থা গ্রহণ কৰাৰ আহ্বান জনাইছে৷ বিশেষকৈ বায়ু প্রদূষণত যাতে মানুহৰ কাম–কাজ তথা অত্যধিক যান–বাহনৰ চলাচলে অৰিহণা যোগাব নোৱাৰে সেই বিষয়টোত গুৰুত্ব প্রদান কৰিবলৈ আন্তর্জাতিক সংস্থাসমূহে সকলো দেশকে আহ্বান জনাই আহিছে৷ জনবসতিপূর্ণ মহানগৰসমূহত পুৰণি যান–বাহনৰ চলাচল নিষিদ্ধ কৰিবলৈও বহু সংস্থাই অনুৰোধ জনাই আহিছে৷ লক্ষণীয়ভাৱে দিল্লীৰ মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱালে দেশৰ ৰাজধানী মহানগৰখনত বায়ু প্রদূষণ প্রতিৰোধ কৰিবলৈ যুগ্ম–যুগ্ম নম্বৰৰ গাড়ী চলোৱাৰ এক পৰীক্ষামূলক নিয়ম বান্ধি দিছিল৷ পৰৱর্তী সময়ত এই নিয়মে স্থায়িত্ব লাভ নকৰিলে দিল্লীত৷ ইয়াৰ বিপৰীতে প্রদূষণ ৰোধৰ ক্ষেত্রত স্থায়ী বিজ্ঞানসন্মত ব্যৱস্থা গ্রহণ কৰিব বুলি দিল্লী তথা কেন্দ্রৰ মোদী চৰকাৰে ঘোষণা কৰিছিল৷ কিন্তু সেয়া আজিলৈকে কার্যকৰী হৈ উঠা নাই৷ পৰিণতিত দিল্লীত বায়ু প্রদূষণ ক্রমাৎ এক জ্বলন্ত সমস্যা হিচাপে চিহ্ণিত হৈছে৷ ইয়াৰ ফলত মানুহ বিভিন্ন প্রাণঘাতী ৰোগত আক্রান্ত হ’বলগীয়া হৈছে৷ দিল্লীৰ উপৰি দেশৰ অন্যতম মহানগৰ কলকাতা, মুম্বাই, চেন্নাই, বাংগালুৰু, হায়দৰাবাদ, লক্ষ্ণৌ আদিও ক্রমান্বয়ে বায়ু প্রদূষণৰ ভয়াৱহ সংকটৰ সন্মুখীন হৈছে৷ আজিৰ মুহূর্তত সেইবাবে দেশত বায়ু প্রদূষণৰ বিষয়টোক লৈ বিদ্বৎ তথা বিজ্ঞানী সমাজে আশংকা প্রকাশ কৰিবলগীয়া হৈছে৷ দিল্লীৰ ঘটনাই এই আশংকাৰ সত্যতাকেই প্রতিপন্ন কৰিছে৷